• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

তেওঁলোকৰ অভিযোগ যে খণ্ড বিচাৰপীঠ সলনি কৰাৰ এই গোচৰত মেধাই বিশেষ সুবিধা লাভ কৰা যেন লাগে। ইয়াৰ দ্বাৰা ভুল দৃষ্টান্ত গঢ়ি উঠিব পাৰে। জ্ঞানেশ কুমাৰৰ কন্যা হোৱাৰ বাবে গোচৰটোত অধিক স্বচ্ছতাৰ প্ৰয়োজন।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 26, 2026 12:29 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপমৰ গোচৰটো কিয় ৰষ্টাৰ অনুসৰণ নকৰাকৈ উচ্চতম ন্যায়ালয়ৰ আন এখন বিচাৰপীঠলৈ প্ৰেৰণ কৰা হ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এটা অধিবক্তা সংগঠনে।

ল’য়াৰ্ছ এছ’চিয়েশ্যন ফৰ কনষ্টিটিউচন (এল এ এফ চি) নামৰ সংগঠনটোৱে বৃহস্পতিবাৰে শীৰ্ষ আদালতলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত কোৱা হৈছে যে মেধাৰ গোচৰৰ শুনানিৰ বাবে ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ খণ্ড বিচাৰপীঠত শুনানিৰ বাবে প্ৰেৰণ কৰা হৈছে।

অৱশ্যে ৰষ্টাৰ অনুসৰি প্ৰতিৰোধমূলক আটক আৰু বন্দী প্ৰত্যক্ষীকৰণৰ (হাবিয়াছ কৰ্পাছ) সৈতে জড়িত গোচৰৰ শুনানি আন এখন খণ্ডবিচাৰপীঠত হোৱাৰ কথা। সেয়ে, কোনো বিশেষ নিৰ্দেশনাত বিচাৰপীঠখন সলনি কৰা হৈছিল নেকি?

Apply Now

তদুপৰি, মেধাৰ গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ভিডিঅ’ কনফাৰেন্সিঙৰ অডিঅ’ক ‘মিউট’ কৰি সাংবাদিকক সেই ভিডিঅ’ৰ এক্সেছ নিদিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে অধিবক্তা সংগঠনটোৱে।

তেওঁলোকৰ অভিযোগ যে খণ্ড বিচাৰপীঠ সলনি কৰাৰ এই গোচৰত মেধাই বিশেষ সুবিধা লাভ কৰা যেন লাগে। ইয়াৰ দ্বাৰা ভুল দৃষ্টান্ত গঢ়ি উঠিব পাৰে। জ্ঞানেশ কুমাৰৰ কন্যা হোৱাৰ বাবে গোচৰটোত অধিক স্বচ্ছতাৰ প্ৰয়োজন।

গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশ মেধাই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আকৃতি চৌধুৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত আটক কৰাৰ নিৰ্দেশ দিয়াৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হাছিল। উচ্চ ন্যায়ালয়ে বাতিল কৰে তেওঁৰ নিৰ্দেশ। লগতে মেধাক দৰমহাৰ পৰা আকৃতিক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিয়া হয়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মেধাই।

এল এ এফ চিয়ে তেওঁলোকৰ পত্ৰত কয় যে ১৩ জুলাইত আৰম্ভ হোৱা উচ্চতম ন্যায়ালয়ৰ ৰষ্টাৰত প্ৰতিৰোধমূলক আটক আৰু হেবিয়াছ কৰ্পাছৰ গোচৰ প্ৰথম চাৰিখন বেঞ্চলৈ যাব লাগিছিল। সেই অনুসৰি মেধাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব লাগিছিল মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ বি ভি নাগৰত্না বা ন্যায়াধীশ এম এম সুন্দৰেশৰ বিচাৰপীঠে।

তদুপৰি নয়ডাত শ্ৰমিক প্ৰতিবাদৰ সৈতে জড়িত গোচৰটোৰ বাবে মেধাৰ নাম চৰ্চালৈ আহিছিল, ইয়াৰ পূৰ্বে ন্যায়াধীশ নাগাৰত্নাৰ বিচাৰপীঠেও শুনানি গ্ৰহণ কৰিছিল। তেনেক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা মেধাৰ গোচৰটো ন্যায়াধীশ শৰ্মাৰ খণ্ড বিচাৰপীঠলৈ কিয় প্ৰেৰণ কৰা হ’ল? অধিবক্তা সংগঠনটোৱে কয় যে গোচৰ বিতৰণ আৰু ৰষ্টাৰ অনুসৰণৰ সৈতে মানুহৰ আস্থা জড়িত হৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd