• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2026 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই শনিবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে পাৰিবাৰিক বিবাদৰ ক্ষেত্ৰত মধ্যস্থতাই হিংসা, বলপূৰ্বক নিয়ন্ত্ৰণ বা ক্ষমতাৰ ভাৰসাম্যহীনতাৰ বলি হোৱা মহিলাসকলক অধিক মানসিক আঘাত দিব পাৰে।

 গুৱাহাটীত অনুষ্ঠিত উচ্চতম ন্যায়ালয়ৰ পাৰিবাৰিক আদালত পৰিক্ৰমা সমিতিৰ এখন আঞ্চলিক সন্মিলনত ভাষণ দি তেওঁ এইদৰে কয়। তেওঁ স্পষ্ট কৰি দিয়ে যে ন্যায়িক প্ৰক্ৰিয়াৰ বিকল্প কেতিয়াও মধ্যস্থতা হ‘ব নোৱাৰে আৰু এগৰাকী মহিলাৰ আইনী অধিকাৰৰ যিমান মূল্য আছে, তেওঁৰ আপোচ-মীমাংসাৰ স্থিতিৰো সিমানেই মূল্য আছে।

Apply Now

 পাৰিবাৰিক বিবাদত ন্যায়িক প্ৰক্ৰিয়া আৰু বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাৰ তুলনামূলক বিশ্লেষণ কৰি ন্যায়াধীশগৰাকীয়ে মহিলাৰ দৃষ্টিকোণৰ পৰা বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে মধ্যস্থতাই দ্ৰুততা, গোপনীয়তা আৰু নিৰাপত্তা প্ৰদান কৰে, যাৰ ফলত মহিলাসকলে স্ত্ৰীধন ঘূৰাই পোৱা, সন্তানৰ শিক্ষা আৰু কিস্তিৰ সলনি একেবাৰে ধন লাভ কৰাৰ দৰে সিদ্ধান্তত সহজে উপনীত হ‘ব পাৰে। কিন্তু যিবোৰ ক্ষেত্ৰত মহিলাসকল হিংসা আৰু নিৰ্যাতনৰ বলি হয়, তেনে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় বুলি তেওঁ জোৰ দি কয়। অহা বছৰৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হ‘বলগীয়া ন্যায়াধীশ নাগাৰত্নাই লগতে কয় যে এনে পৰিস্থিতিত মধ্যস্থতা কেৱল অনুপযুক্তই নহয়, ই ক্ষতিকাৰক বা বিপজ্জনকো হ‘ব পাৰে আৰু ইয়াৰ ফলত মহিলাগৰাকীয়ে অধিক মানসিক কষ্ট পাব পাৰে।

 পাৰিবাৰিক আদালতসমূহ কেতিয়াও বিৰোধপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ স্থাপন কৰা হোৱা নাছিল যদিও বৰ্তমান এইবোৰে কেৱল বেলেগ নামত দেৱানী আদালত হিচাপে কাম কৰি আছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। আদালতত বছৰ বছৰ ধৰি গোচৰ চলি থকাটো কোনেও নিবিচাৰে বুলি উল্লেখ কৰি তেওঁ বৰ্তমানৰ মধ্যস্থতা প্ৰক্ৰিয়াৰ সুৰুঙাসমূহ আঙুলিয়াই দিয়ে। তেওঁ প্ৰস্তাৱ দিয়ে যে সন্তানৰ জিম্মাৰ গোচৰৰ ক্ষেত্ৰত কেৱল আইনী জিম্মা পোৱাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে এক বুজাবুজিৰ পিতৃ-মাতৃৰ পৰিকল্পনা প্ৰস্তুত কৰাতহে অধিক জোৰ দিব লাগে। ইয়াৰ বাবে মধ্যস্থতা প্ৰক্ৰিয়াটোত আৰম্ভণিৰে পৰা এজন অৰ্হতাসম্পন্ন শিশু মনোবিজ্ঞানী জড়িত কৰাটো প্ৰয়োজনীয়। শিশু-অন্তৰ্ভুক্ত মধ্যস্থতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে শিশু মনোবিজ্ঞানী এজনে শিশুটিৰ মতামত জানি পিতৃ-মাতৃক অৱগত কৰিব লাগে, কিয়নো শিশুটিৰ কল্যাণেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু পিতৃ-মাতৃৰ অধিকাৰ তাৰ তলতহে আহে।

 এই প্ৰক্ৰিয়াটোক ফলপ্ৰসূ কৰিবলৈ সমগ্ৰ দেশৰ প্ৰায় আঠশ বিশখন পাৰিবাৰিক আদালতত ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিৱৰ্তে স্থায়ী মনোবিজ্ঞানী আৰু সমাজকৰ্মীৰে গঠিত এক স্থায়ী পৰামৰ্শ আৰু মধ্যস্থতা গোট স্থাপন কৰিবলৈ তেওঁ আহ্বান জনায়। লগতে দূৰৈৰ পৰাই শুনানি আৰু ভিডিঅ‘ কনফাৰেন্সিং যোগে অনলাইন মধ্যস্থতাৰ সুবিধা প্ৰদানৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সমাজৰ আন এক স্পৰ্শকাতৰ শ্ৰেণী অৰ্থাৎ বয়োজ্যেষ্ঠসকলৰ কথা উল্লেখ কৰি তেওঁ কয় যে জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু কল্যাণ আইন, ২০০৭-ৰ অধীনৰ গোচৰসমূহৰ বাবে প্ৰতিখন জিলা আইনী সেৱা প্ৰাধিকৰণে সাধাৰণ পেনেলৰ পৰিৱৰ্তে বৃদ্ধাৱস্থা আৰু নিৰ্ভৰশীলতাৰ বিষয়ে প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰে গঠিত এক সুকীয়া পেনেল গঠন কৰিব লাগে। এই প্ৰক্ৰিয়া আইন অনুসৰি নব্বৈ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰো এক সময়সীমা বান্ধি দিয়া উচিত।

 দুদিনীয়া এই গুৰুত্বপূৰ্ণ আঞ্চলিক সন্মিলনখনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু এন ভি আঞ্জাৰিয়াকে ধৰি পূব মণ্ডলৰ কলিকতা, ঝাৰখণ্ড, মণিপুৰ, মেঘালয়, উৰিষ্যা, পাটনা, ছিকিম আৰু ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলেও অংশগ্ৰহণ কৰিছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd