মাতৃগৰ্ভত থকা সন্তান শৰীৰৰ কেৱল এক অংশ নহয়, বৰঞ্চ গৰ্ভধাৰণৰ পাঁচ মাহ সম্পূৰ্ণ হ’লেই আইনৰ চকুত সেয়া এজন স্বাধীন ব্যক্তি হিচাপে গণ্য হ’ব। সেয়েহে কোনো মৰ্মান্তিক দুৰ্ঘটনাত গৰ্ভস্থ শিশুৰ মৃত্যু হ’লে তাক মাতৃৰ মৃত্যুৰ সৈতে এক কৰি চোৱাটো উচিত নহয়। আহিবলগা সন্তানৰ অকাল মৃত্যুৰ বাবে ভুক্তভোগী পৰিয়ালে লাভ কৰিব লাগিব সুকীয়া ক্ষতিপূৰণ। শেহতীয়াকৈ এক ঐতিহাসিক আৰু মানৱীয় ৰায়দানত এই গুৰুত্বপূৰ্ণ কথা স্পষ্ট কৰি দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লখনউ বিচাৰপীঠৰ ন্যায়াধীশ প্ৰশান্ত কুমাৰে এই যুগান্তকাৰী ৰায় প্ৰদান কৰে। তেওঁ স্পষ্টকৈ কয় যে গৰ্ভধাৰণৰ ২০ সপ্তাহ বা পাঁচ মাহ অতিক্ৰম কৰাৰ পিছত এটা ভ্ৰূণে পূৰ্ণাঙ্গ ৰূপ ল’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাৰ পিছত দুৰ্ঘটনাত যদি সন্তানটিৰ প্ৰাণহানি ঘটে, তেন্তে আইনীভাৱে সেয়া এক স্বাধীন জীৱনৰ ক্ষতি বুলিয়েই গণ্য কৰা হ’ব। ফলত ভুক্তভোগী পৰিয়ালে মাতৃৰ বাবে নিৰ্ধাৰিত ক্ষতিপূৰণৰ লগতে অনাগত সন্তানটোৰ বাবেও সুকীয়াকৈ ক্ষতিপূৰণ দাবী কৰিব পাৰিব। এই ৰায়ৰ জৰিয়তে আদালতে লক্ষ্নৌ ৰেলৱে ক্লেইমছ ট্ৰাইবিউনেলৰ ২০২৩ চনৰ ২৬ ছেপ্টেম্বৰৰ এটা পুৰণি ৰায় খাৰিজ কৰে। ট্ৰাইবিউনেলৰ নিৰ্দেশ বাতিল কৰি ৰেল কৰ্তৃপক্ষক অনাগত শিশুৰ মৃত্যুৰ বাবে পৰিয়ালটোক অতিৰিক্ত ৮ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।
এই ঘটনাৰ আৰম্ভণি হৈছিল ২০১৭ চনৰ ১৩ জুনত। এগৰাকী অন্তঃসত্ত্বা মহিলাই তেওঁৰ দুই সন্তানক লগত লৈ জন সাধাৰণ এক্সপ্ৰেছেৰে সীতাপুৰ কেন্টনমেণ্টৰ পৰা বিচৱানলৈ গৈ আছিল। গন্তব্যস্থানত উপনীত হোৱাৰ পিছত ৰে’লৰ পৰা নামোতেই তেওঁ হঠাৎ পিছল খাই পৰি যায় আৰু গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। মহিলাগৰাকী প্ৰায় সাত মাহৰ অন্তঃসত্ত্বা আছিল আৰু দুৰ্ঘটনাটোত তেওঁৰ পেটাৰ সন্তানটিৰো মৃত্যু হয়। ইয়াৰ পিছত মৃত মহিলাগৰাকীৰ পৰিয়ালে ক্ষতিপূৰণ বিচাৰি ৰে’লৱে ক্লেইমছ ট্ৰাইবিউনেলৰ ওচৰত আৱেদন জনাইছিল। কিন্তু তেতিয়াৰ ট্ৰাইবিউনেলে ৰেলৰ নিয়ম উল্লেখ কৰি এই দাবী নাকচ কৰিছিল। তেওঁলোকৰ যুক্তি আছিল যে ৰেলৰ আইন অনুসৰি গৰ্ভস্থ ভ্ৰূণক পৃথক যাত্ৰী হিচাপে গণ্য কৰাৰ সুযোগ নাই, সেয়ে সুকীয়া ক্ষতিপূৰণ দিয়াটো সম্ভৱ নহয়।
ট্ৰাইবিউনেলৰ সেই স্থিতি সম্পূৰ্ণ ভুল বুলি আখ্যা দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে পাঁচ মাহ বা ২০ সপ্তাহৰ সীমা পাৰ হৈ গ’লে মাতৃগৰ্ভৰ অনাগত শিশুৱে এক সুকীয়া আইনী অস্তিত্ব লাভ কৰে। গতিকে ৰেল বা পথ দুৰ্ঘটনাত মাতৃৰ প্ৰাণহানিৰ সৈতে যদি গৰ্ভস্থ শিশুৰো মৃত্যু হয়, তেন্তে তাৰ বাবে কৰ্তৃপক্ষই সুকীয়া দায়িত্ব ল’বই লাগিব। উচ্চ ন্যায়ালয়ৰ এই ৰায়ে ভৱিষ্যতে দুৰ্ঘটনাজনিত ক্ষতিপূৰণ সংক্ৰান্তীয় আইনৰ ক্ষেত্ৰত এক নতুন দিশ দেখুৱাব বুলি আশা কৰা হৈছে।





