ভাৰতৰ পৰা বাংলাদেশলৈ বিতাড়িত হোৱাৰ পাছত যোৱা ১৩-১৪ জুনৰ নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ থকা অসমৰ ৪৩ বছৰীয়া মুমতাজ বেগমক বিচাৰি উলিয়াবলৈ বাংলাদেশ চৰকাৰে এক তীব্ৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ ৰাজনৈতিক আৰু অনুপ্ৰৱেশ বিভাগৰ অতিৰিক্ত সচিব ড০ জিয়াউদ্দিন আহমেদে সোমবাৰে এই কথা প্ৰকাশ কৰি জানিবলৈ দিয়ে যে বিষয়াসকলে মহিলাগৰাকীৰ সন্ধান উলিওৱাৰ চেষ্টা চলাই আছে যদিও দেওবাৰলৈকে কোনো তথ্য লাভ কৰা নাই। যোৱা ২৭ ছেপ্টেম্বৰত এই বিষয়টো আৰক্ষী আৰু আন বিভাগলৈ প্ৰেৰণ কৰা হৈছে যদিও ঢাকাৰ উচ্চপদস্থ বিষয়াসকলে ভাৰতৰ পৰা আনুষ্ঠানিক যোগাযোগৰ বাবে অপেক্ষা কৰি থকা বুলিও জানিবলৈ দিছে।
নগাঁৱৰ বাসিন্দা মুমতাজ বেগমক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত নাকচ কৰে। উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ন্যায়াধিকৰণৰ সিদ্ধান্তত প্ৰমাণৰ মূল্যায়নৰ ক্ষেত্ৰত যথেষ্ট আঁসোৱাহ আছিল। ইয়াৰ ভিতৰত মুমতাজৰ ককাকৰ ১৯৬৫ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাৰ তথ্য, পিতৃৰ ১৯৭৭ চনৰ ভোটাৰ তালিকা আৰু ভোটাৰ পৰিচয় পত্ৰ, গাঁওবুঢ়া আৰু গ্ৰাম পঞ্চায়তৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ বদলিৰ প্ৰমাণপত্ৰ আৰু মাটিৰ নথিপত্ৰ আদি অন্তৰ্ভুক্ত আছিল। যোৱা ৩০ মে’ত অধিবক্তাৰ সৈতে ন্যায়াধিকৰণত হাজিৰ হোৱাৰ পাছতেই আৰক্ষীয়ে তেওঁক জিম্মাত লৈছিল। ইয়াৰ পাছত তেওঁক জুৰীয়া আৰু নগাঁও সদৰ আৰক্ষী থানা, গোৱালপাৰাৰ মাটিয়া আৱাসিক শিবিৰ আৰু ৪ জুনৰ পৰা ১৩ জুনলৈ শ্ৰীভূমিৰ এৰালিগুল শিবিৰত ৰখা হৈছিল। সীমান্ত সুৰক্ষা বলে উচ্চ ন্যায়ালয়ক জনোৱা মতে ১৩ জুনত তেওঁক চমজি লোৱাৰ পাছত ১৪ জুনত কাছাৰৰ কালাইনচেৰাৰ পৰা বাংলাদেশলৈ বিতাড়ন কৰা হয়।
ভাৰতীয় ভূমিত থকা যিকোনো ব্যক্তিয়ে মৌলিক মানৱাধিকাৰ লাভ কৰে বুলি স্পষ্ট কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষী আৰু গৃহ বিভাগক নিৰ্দেশ দিয়ে যে বিদেশী বুলি ঘোষণা কৰা লোকসকলক ন্যায়াধিকৰণৰ আদেশৰ বিষয়ে অৱগত কৰাটো নিশ্চিত কৰিব লাগিব। তদুপৰি, তেওঁলোকক নিজৰ জিলাৰ বাহিৰলৈ নিয়াৰ আগতে পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যক খবৰ দিয়াটো বাধ্যতামূলক কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ত ন্যায়াধিকৰণৰ মতক প্ৰত্যাহ্বান জনোৱাৰ সুযোগৰ পৰা মহিলাগৰাকীক বঞ্চিত কৰাৰ বাবে ন্যায়ালয়ে ন্যায়াধিকৰণক কঠোৰ সমালোচনা কৰে। ইয়াৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়া উলংঘা কৰি স্বামী বা পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যক অৱগত নকৰাকৈ মহিলাগৰাকীক বিতাড়ন কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৩ ছেপ্টেম্বৰত অসম চৰকাৰক মুমতাজৰ স্বামী মুজাম্মেল হকক দুই লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
উচ্চ ন্যায়ালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক বাংলাদেশত মুমতাজৰ অৱস্থান নিৰ্ণয় কৰি তেওঁক ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে। বৰ্তমান বাংলাদেশৰ চিলেট সংমণ্ডল আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত অনুসন্ধান কেন্দ্ৰীভূত কৰা হৈছে। ঢাকাৰ এজন জ্যেষ্ঠ ব্যৱসায়ীয়ে চৰকাৰী আৰু নিৰাপত্তা সূত্ৰৰ সৈতে মিলি এই অনুসন্ধানত কৰ্তৃপক্ষক সহায় কৰিছে। যোৱা ২২ ছেপ্টেম্বৰত ফৰেইনাৰ্ছ আইডেণ্টিফিকেচন প’ৰ্টেলৰ আইডীকে ধৰি মুমতাজৰ ফটো আৰু পৰিচয়ৰ সবিশেষ প্ৰকাশ কৰি আগশাৰীৰ বঙালী বাতৰি কাকতসমূহত এক অনুৰোধ প্ৰকাশ কৰা হৈছে। ‘মানৱ কণ্ঠ’ নামৰ বঙালী দৈনিক কাকততো তেওঁৰ ফটো ছপা হোৱাৰ লগতে পৰিয়ালৰ অনুসন্ধানৰ বিষয়ে প্ৰকাশ পাইছে। প্ৰায় তিনি মাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষী, প্ৰশাসন আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে মহিলাগৰাকীৰ সন্ধান উলিওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।





