ধৰ্ষণ গোচৰৰ ৰায়দানত এগৰাকী নিৰ্যাতিতা নাবালিকাৰ প্ৰতি অভয়বাৰ্তা প্ৰেৰণ কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিছে এগৰাকী ন্যায়াধীশে। দিল্লীৰ ৰোহিনী আদালতৰ ন্যায়াধীশ ৰজনী ৰাংগাই অপৰাধীক আমৃত্যু কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে নাবালিকাগৰাকীলৈ এখন বিশেষ চিঠিও লিখিছে।
চিঠিখনত ন্যায়াধীশগৰাকীয়ে লিখিছে যে যিজন মানুহে তোমাক কষ্ট দিছে, তেওঁ আৰু কেতিয়াও মুকলি হৈ ঘূৰি ফুৰিব নোৱাৰিব। বাকী জীৱন তেওঁ কাৰাগাৰতেই বন্দী হৈ থাকিব লাগিব। জেলতেই তেওঁ বৃদ্ধ হ’ব আৰু জেলতেই তেওঁৰ মৃত্যু হ’ব। তেওঁ আৰু কেতিয়াও তোমাক, তোমাৰ ভনীয়েকক বা আন কোনো শিশুক কষ্ট দিব নোৱাৰিব।
জানিব পৰা মতে, ধৰ্ষণত অভিযুক্ত লোকজনক নাবালিকাগৰাকীয়ে ‘খুৰা‘ বুলি সম্বোধন কৰিছিল। আদালতৰ ওচৰত নাবালিকাগৰাকীৰ একমাত্ৰ অনুৰোধ আছিল যে খুৰাক বৃদ্ধ নোহোৱালৈকে যেন জেলতে আৱদ্ধ কৰি ৰখা হয়। নিৰ্যাতিতাৰ সেই আৱেদন ন্যায়াধীশগৰাকীয়ে সম্পূৰ্ণৰূপে মানি লৈছে। ৰায়দানৰ লিখিত প্ৰতিলিপিৰ লগতে চিঠিখনতো সেই কথা বিশেষভাৱে উল্লেখ কৰা হৈছে। গতানুগতিক আইনী ভাষা পৰিহাৰ কৰি নাবালিকাগৰাকীয়ে বুজি পোৱা অতি সৰল ভাষাত চিঠিখন লিখা হৈছে।
ন্যায়াধীশগৰাকীয়ে পোনপটীয়াকৈ নাবালিকাগৰাকীক উদ্দেশ্যি লিখিছে যে তুমি এই আদালতে দেখা আটাইতকৈ সাহসী এজনী সৰু ছোৱালী। তুমি আদালতলৈ আহিলা, যিজনে তোমাৰ ক্ষতি কৰিছে তেওঁৰ ফালে আঙুলিয়াব পাৰিলা আৰু সঁচা কথাখিনি ক’লা। যাক তুমি খুৰা বুলি মাতিছিলা, তেওঁ তোমাৰ লগত এটা বৰ বেয়া কাম কৰিছিল। কিন্তু তুমি নিমাত হৈ নাথাকিলা। তোমাৰ মাক সকলো কথা জনালা। কেৱল তোমাৰ এই সাহসৰ বাবেই সেই মানুহজনে আৰু কোনো দিন কোনো শিশুৰ ক্ষতি কৰিব নোৱাৰিব।
নাবালিকাগৰাকীৰ সাহসক প্ৰশংসা কৰি ন্যায়াধীশগৰাকীয়ে লগতে লিখিছে যে আদালতে তোমাৰ হেৰোৱা শৈশৱ ঘূৰাই দিব নোৱাৰে। কিন্তু আদালতে তোমাক এইটো কথা দিব পাৰে যে তোমাৰ অনুৰোধ ৰক্ষা কৰা হৈছে। যিজন মানুহে তোমাক কষ্ট দিছে, তেওঁ আৰু কেতিয়াও জেলৰ বাহিৰৰ পৰা সূৰ্যৰ মুখ নেদেখিব। নাবালিকাগৰাকীক সাহস দি ন্যায়াধীশগৰাকীয়ে নিজৰ মতেৰে জীৱনটো অতিবাহিত কৰাৰ উপদেশ দিছে। তেওঁ লিখিছে যে এতিয়া তুমি স্কুললৈ যোৱা, নতুন বন্ধু বনোৱা, হাঁহা, খেলা আৰু নতুন সপোন দেখা। এই আদালতে তোমাৰ সাহসক চিৰদিনৰ বাবে মনত ৰাখিব।
উল্লেখযোগ্য যে, নিম্ন আদালতে দিয়া এই শাস্তিক প্ৰত্যাহ্বান জনাই অভিযুক্তই পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখে। একে সময়তে নিম্ন আদালতৰ সেই আৱেগিক চিঠিখন নিৰ্যাতিতা নাবালিকা বা তেওঁৰ পৰিয়ালৰ হাতত তুলি দিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। এই বিষয়ত উত্তৰ-পশ্চিম দিল্লীৰ জিলা আইনী সেৱা প্ৰাধিকৰণক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে।





