• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

গুজৰাট কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল সেই ৰাজ্যত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ হাত শিবিৰৰ কোনো গ্ৰহণযোগ্য মুখ নাই। বাঘেলাই যোগদান কৰিলে সেই সমস্যা সমাধান হ’ব পাৰে। এটা সময়ত বাঘেলা কংগ্ৰেছত আছিল। তাৰ আগতে তেওঁ বিজেপিত আছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 1, 2026 4:00 pm
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰছিন বাঘেলা। ফটোঃ সংগ্ৰহীত।

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰছিন বাঘেলা। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ বাবে এইবাৰ নেতাৰ ঘৰলৈ উভতি অহাৰ বতৰ নেকি? পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰীতা বহুগুনা যোশী দললৈ ঘূৰি অহাৰ জল্পনা-কল্পনা যথেষ্ট দিনৰ পৰা চলি আহিছে। এইবাৰ গুজৰাটৰ নিৰ্বাচনৰ সন্মুখত হাত শিবিৰে ভাল খবৰ পালে। সকলো ঠিকে থাকিলে শীঘ্ৰে কংগ্ৰেছলৈ ঘূৰি আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰছিন বাঘেলা।

গুজৰাট কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল সেই ৰাজ্যত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ হাত শিবিৰৰ কোনো গ্ৰহণযোগ্য মুখ নাই। বাঘেলাই যোগদান কৰিলে সেই সমস্যা সমাধান হ’ব পাৰে। এটা সময়ত বাঘেলা কংগ্ৰেছত আছিল। তাৰ আগতে তেওঁ বিজেপিত আছিল।

ত্ৰিশ বছৰ পূৰ্বে তেওঁ বিজেপি নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ৰাষ্ট্ৰীয় জনতা পাৰ্টি নামেৰে এটা সুকীয়া দল গঠন কৰিছিল। সেই দলৰ টিকটত নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছৰ সমৰ্থনত মুখ্যমন্ত্ৰী হয়। পিছত ৰাষ্ট্ৰীয় জনতা পাৰ্টি কংগ্ৰেছৰ লগত একত্ৰিত হয়।

Apply Now

২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছ ত্যাগ কৰে। সেই বছৰ কংগ্ৰেছে গুজৰাটত বিজেপিক কঠোৰ যুঁজ দিব পৰা অৱস্থাত আছিল। কিন্তু নিৰ্বাচনৰ সন্মুখত যেতিয়া বাঘেলাই দল এৰিলে, তেতিয়া কংগ্ৰেছ শিবিৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। শেষত ওচৰ চপাৰ পিছতো বিজেপিৰ হাতত পৰাস্ত হ’বলগীয়া হ’ল।

প্ৰায় এদশক পিছত বাঘেলাই কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰিছে। দুদিনমান আগতে তেওঁ নিজেই পুৰণি দললৈ ঘূৰি অহাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। সূত্ৰ অনুসৰি কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বইও সঁহাৰি জনাইছে। অতি সোনকালে তেওঁ কংগ্ৰেছ শিবিৰত যোগদান কৰিব।

গুজৰাটৰ ৰাজনীতিত সদায় মোডীৰ বিৰোধী হিচাপে পৰিচিত বাঘেলাই দলত যোগদান কৰিলে ৰাজ্যজুৰি কংগ্ৰেছে এখন গ্ৰহণযোগ্য মুখ লাভ কৰিব। তেওঁক তাৰকা প্ৰচাৰক হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ফলত বিৰোধী শিবিৰ দখল কৰিবলৈ আপৰ সৈতে হোৱা যুঁজত কংগ্ৰেছ শিবিৰে কিছু সুবিধা লাভ কৰিব।

অৱশ্যে বিজেপিয়ে কয় যে ৮৬ বছৰীয়া বাঘেলাৰ এতিয়া আৰু কোনো গ্ৰহণযোগ্যতা বাকী নাই। তেওঁ দলত যোগদান কৰিলেও কংগ্ৰেছৰ বিশেষ লাভ নহ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd