দেশৰ ৰাজধানী দিল্লীৰ ঐতিহাসিক যন্তৰ মন্তৰ অঞ্চলত আজি এক অভূতপূৰ্ব উত্তপ্ত তথা যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। ডিৱাইএফআইৰ কেন্দ্ৰীয় কমিটিৰ আহ্বানত কৰ্মসংস্থান, কামৰ নিৰাপত্তা, চৰকাৰী বিভাগৰ খালী পদসমূহত দ্ৰুত নিযুক্তি আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এক বৃহৎ সংসদ ভৱন যাত্ৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছিল। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দেশৰ প্ৰত্যেকখন ৰাজ্যৰ পৰাই হাজাৰ হাজাৰ যুৱক-যুৱতী ৰাজধানী চহৰখনত উপস্থিত হয়। কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধৰ্ণা স্থালীত প্ৰতিবাদকাৰীসকলক সমৱেত হ’বলৈ আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগে লগে পৰিস্থিতি উত্তাল হৈ পৰে।

আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ডিৱাইএফআইৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিমগ্নৰাজ ভট্টাচাৰ্য আৰু সভাপতি এ এ ৰহিম সহ কেইবাসহস্ৰাধিক নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে। প্ৰতিবাদকাৰীসকলে নিজৰ ন্যায়সংগত দাবীসমূহ উপস্থাপন কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ ব্যাপক বলপ্ৰয়োগে সমগ্ৰ পৰিস্থিতি অধিক জটিল কৰি তোলে। ৰাজধানীৰ পথত যুৱ শক্তিক এনেদৰে কণ্ঠৰোধ কৰাৰ চেষ্টা চলোৱা কাৰ্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সৰ্বভাৰতীয় আন্দোলনত যোগদান কৰিবলৈ অসমৰ পৰাও শতাধিক প্ৰতিবাদকাৰী দিল্লীলৈ গৈছিল। দিল্লী আৰক্ষীয়ে অসমৰ এই দলটোকো প্ৰতিবাদস্থলীতে আটক কৰে। আটক হোৱা অসমৰ প্ৰতিবাদকাৰীসকলৰ ভিতৰত ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, উপসভাপতি ৰুস্তম আলী, সম্পাদকমণ্ডলীৰ সদস্য শুভংকৰ ঘোষ, হৰ্ষজিত দাস, আব্দুল বাছেদ আৰু সদস্য পংকজ ৰয় অন্যতম। নিজৰ অধিকাৰ আৰু সংস্থাপনৰ দাবীত দিল্লীৰ বুকুত শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰা এই প্ৰতিবাদত আৰক্ষীৰ এনে হঠকাৰী পদক্ষেপে সমগ্ৰ দেশৰ যুৱ প্ৰজন্মৰ ক্ষোভ অধিক বৃদ্ধি কৰিছে।


