কাজিৰঙাৰ খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ হকে মাত মাতিবলৈ গৈ কাৰাবন্দী হ’বলগীয়া হোৱা প্ৰণৱ দলেৰ জামিন আৰু গোচৰৰ শুনানি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ শুনানিৰ দিন পিছুৱাই দিয়া ঘটক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ১৪ আৰু ২৪ ছেপ্টেম্বৰৰ পাছত ১ অক্টোবৰৰ দিনটোত চৰকাৰক তৃতীয়টো শপতনামা দাখিলৰ নির্দেশ দিয়া হৈছিল যদিও চৰকাৰী পক্ষৰ বাবে শুনানিৰ দিন অহা ৫ অক্টোবৰলৈ পিছুৱাই দিয়া হয়। প্ৰণৱ দলেৰ পক্ষৰ অধিবক্তা শান্তনু বৰঠাকুৰে আদালতত নিজৰ যুক্তি দাঙি ধৰাৰ লগতে জ্যেষ্ঠ অধিবক্তা কৃষ্ণ গগৈয়েও এই গোচৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
ৰাজ্য চৰকাৰে বাৰে বাৰে তাৰিখ পিছুৱাই দিয়া কাৰ্যক লৈ প্ৰশ্ন উত্থাপন হৈছে যে প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহী অভিযোগ প্ৰমাণ কৰিবলৈ চৰকাৰৰ হাতত পৰ্যাপ্ত নথি-পত্ৰ বা তথ্যৰ অভাৱ আছে নেকি। খিলঞ্জীয়াৰ অধিকাৰৰ সপক্ষে থিয় দিয়া এগৰাকী প্ৰতিবাদকাৰীক বিনা দোষত মাহৰ পাছত মাহ ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ নেপথ্যত কি ৰহস্য লুকাই আছে সেই লৈও তীব্ৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। প্ৰণৱ দলে মুকলি আকাশৰ তলত থকা অৱস্থাত কাজিৰঙাৰ ইংলেপথাৰত হায়াট পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে যি প্ৰতিবাদ গঢ় লৈছিল, তেওঁ জেইলত বন্দী হৈ থকাৰ সুযোগ লৈ এতিয়া যুদ্ধকালীন তৎপৰতাৰে সেই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ অভিযোগ উঠিছে।
প্ৰণৱ দলেৰ মুক্তিৰ দাবী জনাই বৃহস্পতিবাৰে বোকাখাতত প্ৰণৱ দলে মুক্তি দাবী সমিতি, বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি আৰু কৃষক সভা অসমৰ যুটীয়া আহ্বানেৰে এক দিনজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদস্থলিত অংশগ্ৰহণ কৰি কাজিৰঙাৰ সাহসী নাৰী গীতা গোৱালাকে ধৰি অন্যান্য প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। তেওঁলোকে স্পষ্ট ভাষাত কয় যে দুখীয়াৰ মুখৰ ভাত কাঢ়ি খোৱা চৰকাৰ তেওঁলোকক নালাগে, বৰঞ্চ দুখীয়াৰ দুখত সমভাগী হোৱা চৰকাৰহে জণগণৰ প্ৰয়োজন। কাজিৰঙাৰ ইংলেপথাৰত আদিবাসী কৃষক শ্ৰমিক পৰিয়ালৰ কৃষিভূমি ৰক্ষাৰ সংগ্ৰামত নামি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী হোৱা প্ৰণৱ দলেক শীঘ্ৰে মুক্তি দিয়াৰ দাবীৰে এই আন্দোলন অব্যাহত ৰাখিব বুলি প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰিছে।





