• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

টাইমৰ চিইঅ’ জেচিকা চিবলে কয় যে এইবাৰৰ সন্মানীয়সকলে নিজৰ ক্ষেত্ৰখনৰ সীমা ভংগ কৰি নতুন সম্ভাৱনাৰ সৃষ্টি কৰি বিশ্বজুৰি নিজৰ ক্ষেত্ৰ আৰু সমাজখনক আগুৱাই লৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2026 9:09 am
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ১৫ বছৰ বয়সতে বিশ্ব মঞ্চত ডাঙৰ স্বীকৃতি লাভ। ভাৰতীয় যুৱ ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্য্যবংশীয়ে TIME আলোচনীৰ TIME100 Next 2026 তালিকাত স্থান লাভ কৰিছে। ভৱিষ্যতে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা ১০০ গৰাকী উদীয়মান প্ৰতিভাৰে প্ৰস্তুত কৰা এই তালিকাত এই বছৰ বৈভৱ আটাইতকৈ কম বয়সীয়া। কেৱল সেয়াই নহয়, এই তালিকাত স্থান লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় খেলুৱৈ।

৩০ ছেপ্টেম্বৰত TIME য়ে তেওঁলোকৰ TIME100 Next 2026 তালিকা প্ৰকাশ কৰে। ক্ৰীড়া, মনোৰঞ্জন, ৰাজনীতি, ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰত ডাঙৰ প্ৰভাৱ পেলাব পৰাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বৈভৱৰ লগতে আন ৬গৰাকী খেলুৱৈয়ে এই তালিকাত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত আছে আমেৰিকান ফুটবল কোৱাৰ্টাৰবেক আৰ্ক মেনিং, এনবিএ তাৰকা টাইৰেছ মেক্সী, ফুটবলাৰ নাওমি গিৰ্মা আৰু ফ’লাৰিন বালোগুন, টেনিছ খেলুৱৈ আলেকজেণ্ড্ৰা এলা আৰু বাস্কেটবল খেলুৱৈ অলিভিয়া মাইলছ।

টাইমৰ চিইঅ’ জেচিকা চিবলে কয় যে এইবাৰৰ সন্মানীয়সকলে নিজৰ ক্ষেত্ৰখনৰ সীমা ভংগ কৰি নতুন সম্ভাৱনাৰ সৃষ্টি কৰি বিশ্বজুৰি নিজৰ ক্ষেত্ৰ আৰু সমাজখনক আগুৱাই লৈ গৈছে। কোৱা বাহুল্য যে ১৫ বছৰ বয়সত বৈভৱৰ তালিকাত স্থান পোৱাটো তেওঁৰ দ্ৰুত উত্থানৰে স্বীকৃতি।

Apply Now

বৈভৱৰ উত্থান অতি কম বয়সৰ পৰাই আৰম্ভ হৈছিল। ২০২৪ চনত মাত্ৰ ১৩ বছৰ বয়সতে তেওঁক ৰাজস্থান ৰয়েলছে আই পি এলৰ নিলামত ১১ কোটি টকাত ক্ৰয় কৰিছিল। ফলত তেওঁ আই পি এলৰ নিলামত চুক্তিবদ্ধ হোৱা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। পিছৰ বছৰত বৈভৱে আই পি এলত অভিষেক ঘটায়।

ইয়াৰ পিছত এটাৰ পিছত আন এটা ৰেকৰ্ড। তেওঁ পুৰুষৰ টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়ি তুলিছে। তেওঁৰ বেটিং প্ৰতিভা আৰু দ্ৰুত ৰান সংগ্ৰহৰ ক্ষমতাই তেওঁক ভাৰতীয় ক্ৰিকেটত আটাইতকৈ চৰ্চিত অন্যতম যুৱ প্ৰতিভা কৰি তুলিছে।

তাৰ পিছত বৈভৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ তেওঁ মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ফলত বৈভৱে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ হৈ খেলা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

কেৱল খেলপথাৰতে নহয় খেলপথাৰৰ বাহিৰতো বৈভৱৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইতিমধ্যে কেইবাটাও ডাঙৰ ব্ৰেণ্ডে তেওঁৰ সৈতে চুক্তিবদ্ধ হৈছে। তেওঁক জাইডাছ ৱেলনেছৰ কম্প্লানৰ নতুন ‘ইণ্ডিয়া কা কম্প্লান বয়’ হিচাপে দেখা যায়। তেওঁ গুগল পে’ৰ বিজ্ঞাপনতো আছে, য’ত কিশোৰ-কিশোৰীসকলক ধনৰ নিৰাপদ ব্যৱহাৰৰ বিষয়ে সজাগ কৰা হৈছে। বৈভৱ ৰেড বুলৰ ব্ৰেণ্ড এম্বেছাদৰো।

বৈভৱৰ বেট নিৰ্মাণ কোম্পানী এছ এছ বেটছ বা ছাৰিন স্প’ৰ্টছৰ সৈতেও চুক্তি আছে। খবৰ অনুসৰি এই চুক্তিৰ মূল্য বছৰি প্ৰায় ৫০ লাখ টকা। কোম্পানীটোৱে তেওঁৰ নামত মুকলি কৰিছে ‘বৈভৱ সূৰ্যবংশী এডিচন’ বেট।

ইয়াৰ উপৰিও বৈভৱক ঝাৰখণ্ড স্বাস্থ্য বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও নিযুক্তি দিয়া হৈছে। তাত মূল লক্ষ্য হৈছে যুৱ প্ৰজন্মৰ মাজত ফিটনেছ আৰু সুস্থ জীৱন-যাপনৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

বৈভৱৰ জনপ্ৰিয়তাৰ লগত সংগতি ৰাখি বৈভৱৰ বাণিজ্যিক মূল্যও বাঢ়িছে। বিভিন্ন খবৰ অনুসৰি ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ বাবে তেওঁৰ পাৰিতোষিক এতিয়া এক কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে আই পি এলৰ দৰমহা, মেচ মাচুল, ঘৰুৱা ক্ৰিকেটৰ আয় আৰু এককালীন ব্ৰেণ্ড চুক্তিকে ধৰি তেওঁৰ মুঠ সম্পত্তি বৰ্তমান ৭ৰ পৰা ১০ কোটি টকাৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে।

মাত্ৰ ১৫ বছৰ বয়সতে TIME100 Next ৰ দৰে আন্তঃৰাষ্ট্ৰীয় তালিকাত স্থান পোৱাটো বৈভৱৰ বাবে আন এক ডাঙৰ মাইলৰ খুঁটি। সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ বাহিৰৰ দৰ্শকৰ মাজতো তেওঁৰ স্বীকৃতি বাঢ়িছে। TIME ৰ এই স্বীকৃতিয়ে ইয়াৰ ইংগিত দিয়ে যে ৰান, শতক বা অভিলেখৰ লগতে তেওঁৰ বাণিজ্যিক জনপ্ৰিয়তা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও দ্ৰুতগতিত বৃদ্ধি পাইছে।

ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ তাৰকা কোন হ’ব পাৰে সেই আলোচনাত ইতিমধ্যে বৈভৱ সূৰ্য্যবংশীৰ নাম আহি পৰিছে। এতিয়া TIME ৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে সেই আলোচনাক আৰু ডাঙৰ মঞ্চলৈ লৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd