• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁও সমষ্টিৰ ভোটাৰসকললৈ এক মুকলি আহ্বান জনাই হীৰেন গোহাঁয়ে চৰকাৰৰ উন্নয়নৰ দাবী, পুঁজিপতিৰ তোষণ আৰু সাম্প্ৰদায়িক ৰাজনীতিক লৈ প্ৰশ্ন উত্থাপন কৰি স্বাধীন বিচাৰবোধেৰে ভোটদান কৰিবলৈ অনুৰোধ জনাইছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2026 5:13 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁয়ে এখন মুকলি পত্ৰযোগে নগাঁও সমষ্টিৰ ভোটাৰসকলক আগন্তুক নিৰ্বাচনত স্বাধীন আৰু নিৰপেক্ষ বিচাৰবোধেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসকীয় দলৰ উন্নয়নৰ দাবী আৰু সাম্প্ৰদায়িক ৰাজনীতিক তীব্ৰ সমালোচনা কৰি তেওঁ ভোটাৰসকলক কাৰো প্ৰৰোচনাত ভোল নাযাবলৈ অনুৰোধ জনায়। পত্ৰখনত তেওঁ উল্লেখ কৰে যে স্বাধীন দেশৰ নাগৰিক হিচাপে ভোটাৰসকলে নিজৰ মন কাৰোবাৰ ওচৰত বন্ধক নিদি, অজ্ঞান নোহোৱাকৈ উপযুক্ত দল আৰু প্ৰাৰ্থীক বাছনি কৰাটো অত্যন্ত প্ৰয়োজনীয়।

 

Apply Now

পত্ৰখনত হীৰেন গোহাঁয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। মুখ্যমন্ত্ৰীয়ে “কংগ্ৰেছ, এআইইউডিএফৰ দলৰ কাম নাই, উন্নয়ন বিচাৰিলে বিজেপিক জয়যুক্ত কৰক” বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহাঁয়ে চৰকাৰৰ উন্নয়নৰ আৰ্হিক এক ‘মৰীচিকা’ বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে যি উন্নয়নে পুঁজিপতি আদানীৰ লাভৰ স্বাৰ্থত হাজাৰ হাজাৰ দুখীয়া লোকক উচ্ছেদ কৰিব পাৰে, তেনে উন্নয়নৰ পাছত দৌৰাৰ কোনো অৰ্থ নাই। বিধায়কসকলৰ বাসগৃহ নিৰ্মাণত কোটি কোটি টকা ব্যয় কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে আশাৰে বাট চোৱা বৃত্তি পৰীক্ষা বন্ধ কৰি দিয়া কাৰ্যকো তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে। ইয়াৰ উপৰিও, প্ৰয়োজনীয় বিভাগ নোহোৱাকৈ কেৱল বৃহৎ অট্টালিকাৰে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাসংগিকতাক লৈয়ো তেওঁ প্ৰশ্ন উত্থাপন কৰে।

 

আনহাতে, সাম্প্ৰদায়িক ৰাজনীতি আৰু সমাজত মেৰুকৰণৰ সৃষ্টি কৰা শক্তিসমূহৰ বিৰুদ্ধেও গোহাঁয়ে সৰৱ ভূমিকা গ্ৰহণ কৰে। এগৰাকী ধৰ্মগুৰুৱে অসমীয়া যুৱতীৰ বিৰুদ্ধে কৰা আপত্তিজনক ইংগিত আৰু তেওঁৰ সৈতে ৰাজনৈতিক নেতাৰ মিত্ৰতাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। দেশৰ শান্তি, সংখ্যালঘু জনতাৰ নিৰাপত্তা আৰু সমান অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে যিসকলৰ মন্ত্ৰগুৰুৰ আদৰ্শই সংখ্যালঘু মুছলমানসকলক দমন কৰা আৰু বিনা বিচাৰে হত্যা কৰাত উৎসাহ যোগায়, তেনে দলক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। প্ৰয়োজন অনুসৰি সময়ত দেৱদূত আৰু পাছলৈ যমদূতৰ ৰূপ ধাৰণ কৰিব পৰা সুবিধাবাদী ৰাজনৈতিক দলসমূহৰ পৰা সাৱধান হ’বলৈকো তেওঁ ৰাইজক সকীয়াই দিয়ে।

 

দীৰ্ঘদিন ধৰি জনসাধাৰণৰ স্বাৰ্থত মাত মাতি অহা হীৰেন গোহাঁয়ে ভৱিষ্যতৰ ভাৰতবৰ্ষ কাৰ হাতত নিৰাপদ আৰু শান্তিময় হ’ব, সেই বিষয়ে দকৈ চিন্তা কৰি ভোটদান কৰিবলৈ নগাঁৱৰ ভোটাৰসকলক আহ্বান জনায়। স্বাধীন নাগৰিকৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি নিজৰ অমূল্য ভোট যাতে কোনো কাৰণতে অৱাবতে নষ্ট নহয়, সেয়া নিশ্চিত কৰিবলৈ তেওঁ পত্ৰখনৰ যোগেদি ৰাইজৰ প্ৰতি অনুৰোধ জনাইছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd