• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনীৰ সময়ত নতুন ভোটাৰৰ বাবে ব্যৱহাৰ কৰা ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত উচ্চতম ন্যায়ালয়ে কোনো অনুমোদন জনোৱা নাই বুলি সোমবাৰে স্পষ্ট কৰি দিছে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2026 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী প্ৰক্ৰিয়াৰ সময়ত নতুন ভোটাৰৰ পঞ্জীয়নৰ বাবে ব্যৱহাৰ কৰা ৬ নম্বৰ প্ৰ-পত্ৰত কৰা সালসলনিক লৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ে ৬ নম্বৰ প্ৰ-পত্ৰৰ কোনো সংশোধিত ৰূপত অনুমোদন জনোৱা নাই। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে এই স্পষ্টীকৰণ প্ৰদান কৰে।

 

Apply Now

শেহতীয়াকৈ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত এক প্ৰতিবেদনৰ ভিত্তিত এই আবেদনখন দাখিল কৰা হৈছিল। প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে আন দুজন নিৰ্বাচন আয়ুক্তৰ আপত্তিৰ পাছতো ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত একপক্ষীয়ভাৱে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল। সোমবাৰৰ শুনানিত আবেদনকাৰীৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামীয়ে ৬ নম্বৰ প্ৰ-পত্ৰত কৰা সালসলনি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই যুক্তিৰ উত্তৰত মুখ্য ন্যায়াধীশ কান্তই কয়, “আমি কোনো সংশোধিত ৬ নম্বৰ প্ৰ-পত্ৰত অনুমোদন জনোৱা নাই। বিষয়টো স্পষ্ট হোৱা উচিত। যেতিয়া আমাৰ সন্মুখত নথিপত্ৰ দাখিল কৰা হ’ব, তেতিয়া আমি চাম কোনে এই সালসলনি কৰিছে।”

 

সংশোধিত ৬ নম্বৰ প্ৰ-পত্ৰখনত এক অতিৰিক্ত ঘোষণাপত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল, য’ত নতুন ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰিব বিচৰা আবেদনকাৰীয়ে তেওঁৰ নিজৰ, পিতৃ-মাতৃৰ বা ককা-আইতাৰ নাম পূৰ্বৰ ভোটাৰ তালিকাত আছিল নে নাই সেয়া উল্লেখ কৰিবলগীয়া হৈছিল। সমালোচকসকলৰ মতে, ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰিব বিচৰা লোকসকল, বিশেষকৈ যিসকলৰ পৰিয়ালৰ নাম পুৰণি ভোটাৰ তালিকাত নাছিল, তেওঁলোকৰ বাবে এক অতিৰিক্ত বাধাৰ সৃষ্টি হৈছে। লগতে অভিযোগ উঠিছে যে নিৰ্বাচন আয়োগে ১৯৬০ চনৰ নিৰ্বাচক পঞ্জীয়ন নিয়ম সংশোধন নকৰাকৈ এখন আইনী প্ৰ-পত্ৰৰ পৰিৱৰ্তন কৰিব নোৱাৰে। এই ঘোষণাপত্ৰ বাধ্যতামূলক বুলি উল্লেখ নথকাৰ পাছতো অনলাইন যোগে আবেদন কৰাৰ সময়ত ইয়াক পূৰণ নকৰিলে আবেদন জমা দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল। প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়েও আইন সংশোধন নকৰাকৈ এই ঘোষণাপত্ৰ অন্তৰ্ভুক্ত কৰাক লৈ আপত্তি দৰ্শাইছিল।

 

উচ্চতম ন্যায়ালয়ৰ এই স্পষ্টীকৰণৰ পিছত নিৰ্বাচন আয়োগৰ শেহতীয়া স্থিতিৰ এক স্পষ্ট বৈপৰীত্য পৰিলক্ষিত হৈছে। যোৱা ২৬ ছেপ্টেম্বৰত নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিযোগে দাবী কৰিছিল যে ৬ নম্বৰ প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰা অতিৰিক্ত ঘোষণাপত্ৰখন উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে। আয়োগে ২০২৬ চনৰ ২৭ মে’ৰ এটা ৰায়দানৰ প্ৰসংগ টানি দাবী কৰিছিল যে আইনী প্ৰ-পত্ৰখনৰ মূল ৰূপ সলনি কৰা হোৱা নাই, বৰঞ্চ ই কেৱল বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ সময়ত প্ৰযোজ্য হোৱা এক অতিৰিক্ত প্ৰয়োজনীয়তাহে আছিল। কিন্তু সোমবাৰে ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে পূৰ্বৰ কোনো নিৰ্দেশত এই সংশোধিত প্ৰ-পত্ৰত অনুমোদন জনোৱা হোৱা নাছিল। পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে ন্যায়ালয়ত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পাছতহে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আইনী দিশ আৰু ভৱিষ্যত নিৰ্ণয় হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd