তেওঁ আছিল এগৰাকী জনপ্ৰিয় লেখক। দেশ-বিদেশৰ পাঠকসকলে তেওঁৰ কিতাপ পঢ়িবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। ‘গল্পৰ যাদুকৰ’ জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান ঘটিছে। সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে এই বৃটিছ লেখকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।
জেফ্ৰি আৰ্চাৰ কেৱল এগৰাকী বেষ্টচেলাৰ লেখকেই নাছিল। তেওঁ এগৰাকী প্ৰাক্তন ৰাজনীতিবিদো আছিল। কিতাপ আৰু লেখাসমূহৰ দৰে তেওঁৰ জীৱনটোও আছিল বৰ্ণাঢ্য। তেওঁৰ মৃত্যুৰ খবৰে পাঠকৰ মনত শোকৰ ছাঁ পেলাইছে।
বিগত পাঁচ দশকত জেফ্ৰি আৰ্চাৰৰ কিতাপসমূহৰ ৪৯টা ভাষা আৰু বিশ্বৰ ১১৯খন দেশত ৩০ কোটিতকৈ অধিক কপি বিক্ৰী হৈছে। তেওঁৰ বাবে পাঠকসকলেই সকলো আছিল। জেফ্ৰি আৰ্চাৰ মূলতঃ তেওঁৰ আকৰ্ষণীয় কাহিনীসমূদ্ধ থ্ৰিলাৰ উপন্যাসৰ বাবে পৰিচিত আছিল।
১৯৭৬ চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস নট এ পেনি ম’ৰ, নট এ পেনি লেছ আৰু ১৯৭৯ চনত প্ৰকাশিত কেন এণ্ড এবেল, ক্লিফটন ক্ৰনিকলছে তেওঁৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনিছিল। তেওঁৰ আন এখন বহুল জনপ্ৰিয় উপন্যাস হৈছে দ্য ফোৰ্থ ইষ্টেট। জেফ্ৰি আৰ্চাৰৰ লেখাবোৰ প্ৰায়ে তেওঁৰ গৃহ চহৰ ৱেলিংটন, ছামাৰচেটৰ দ্বাৰা প্ৰভাৱিত হয়।
তেওঁৰ অন্তিমখন উপন্যাস আদম আৰু ইভ মঙলবাৰে প্ৰকাশ পোৱাৰ কথা। তাৰ আগতেই ঘৰতে লিখি থকাৰ সময়তে জেফ্ৰি আৰ্চাৰৰ হঠাৎ মৃত্যু হয় বুলি তেওঁৰ গ্ৰন্থ প্ৰকাশক হাৰ্পাৰকলিন্সে প্ৰকাশ কৰিছে।
তেওঁ কেৱল এজন সাহিত্যিক নাছিল। ৰাজনীতিতো তেওঁ সক্ৰিয় আছিল। জেফ্ৰি আৰ্চাৰ ব্ৰিটিছ সংসদৰ কনজাৰ্ভেটিভ সাংসদ আছিল। কিন্তু ২০০১ চনত ব্ৰিটিছ টেবলয়ড ডেইলী ষ্টাৰৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়াৰ অপৰাধত তেওঁক চাৰি বছৰৰ কাৰাদণ্ড বিহা হয়। ২০০৩ চনত কাৰাগাৰৰ পৰা মুক্তি পোৱা আৰ্চাৰে ২০২৪ চনত অৱসৰ লোৱালৈকে হাউছ অৱ লৰ্ডছৰ সদস্য আছিল।
১৯৪০ চনৰ ১৫ এপ্ৰিলত উত্তৰ লণ্ডনত জন্মগ্ৰহণ কৰা জেফ্ৰি আৰ্চাৰৰ জন্মৰ কিছু সময়ৰ পিছতে তেওঁৰ পৰিয়াল ছামাৰচেটৰ ৱেষ্টন-ছুপাৰ-মেৰলৈ গুচি যায় আৰু তাতেই তেওঁলোকে এটা ঘৰ ক্ৰয় কৰে। জেফ্ৰি আৰ্চাৰ আৰু তেওঁৰ পত্নী মেৰীয়ে এই বছৰ তেওঁলোকৰ বিবাহৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰে।
১৯৯২ চনত তেওঁক লাইফ পিয়াৰ উপাধি দিয়া হয়।


