• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হেমন্ত গুপ্তা আৰু পংকজ মিট্টলকে ধৰি দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ স্বাক্ষৰিত পত্ৰখনে কংগ্ৰেছ আৰু ককৰোচ জনতা পাৰ্টিৰ নাম উল্লেখ নকৰাকৈয়ে যথেষ্ট চোকা সমালোচনা কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 8, 2026 5:41 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু বিতৰ্কিত SIR প্ৰক্ৰিয়াৰ বিৰুদ্ধে বিৰোধী ‘INDIA’ মিত্ৰজোঁট আৰু ‘ককৰোচ জনতা পাৰ্টি’ (CJP)ৰ ধাৰাবাহিকভাৱে ৰাজপথত প্ৰতিবাদ আৰু আক্ৰমণৰ মাজতে এতিয়া ন্যায়পালিকাৰ জ্যেষ্ঠ ব্যক্তিত্বসকলে মুখ খুলিছে। দেশৰ ৪২ গৰাকী প্ৰাক্তন ন্যায়াধীশে যৌথ মুকলি পত্ৰ লিখি নিৰ্বাচন আয়োগ, ন্যায়পালিকাৰ লগতে অন্যান্য সাংবিধানিক কাঠামোৰ ওপৰত অবিৰত আক্ৰমণ আৰু আস্থা ধ্বংস কৰাৰ চেষ্টাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

সাংবিধানিক সংস্থাসমূহক কোনো প্ৰমাণ নোহোৱাকৈ বাৰে বাৰে চোৰ বা বিক্ৰী হৈ যোৱা বুলি লেবেল লগোৱা বন্ধ কৰাটো প্ৰয়োজনীয় বুলি পত্ৰখনত অতি শক্তিশালী ভাষাৰে সকীয়াই দিয়া হৈছে। তেওঁলোকৰ স্পষ্ট সতৰ্কবাণী হ’ল গণতন্ত্ৰত যেতিয়া বেলটৰ গুৰুত্ব কমি যায় তেতিয়া ৰাজপথে সেই ঠাই দখল কৰি লয় আৰু বিশৃংখলতা আৰম্ভ হয়।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হেমন্ত গুপ্তা আৰু পংকজ মিট্টলকে ধৰি দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ স্বাক্ষৰিত পত্ৰখনে কংগ্ৰেছ আৰু ককৰোচ জনতা পাৰ্টিৰ নাম উল্লেখ নকৰাকৈয়ে যথেষ্ট চোকা সমালোচনা কৰিছে।

Apply Now

ন্যায়াধীশসকলে লিখিছে, “ভোটাৰ তালিকাত ‘ভোট চুৰি’ৰ যিবোৰ অভিযোগ উত্থাপন হৈছে সেয়া কেৱল সংবাদ মাধ্যমৰ মাজতে সীমাবদ্ধ। নিৰ্বাচন আয়োগে যেতিয়া প্ৰমাণৰ বিচাৰে তেতিয়া কোনো প্ৰমাণ দিয়া নহয়। একেটা ইভিএমতে জয়ী হ’লে মৌনতা অৱলম্বন কৰা হয়, আৰু যেতিয়া পৰাজয় হয় তেতিয়া সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটোকে ‘জালিয়াতি’ বুলি অভিহিত কৰা হয়। পাঁচ দশকৰো অধিক সময় দেশত শাসন কৰা দলটোৱেও আজি দাবী কৰিছে যে সমগ্ৰ ব্যৱস্থাটো ভাঙি গৈছে।”

অধিকাৰ সুৰক্ষা আৰু কৰ্মী সংগঠনৰ নাম উল্লেখ কৰা পত্ৰখনত কোৱা হৈছে যে কিছুমান ন্যস্ত স্বাৰ্থই ইটোৰ পিছত সিটোকৈ আবেদন দাখিল কৰে যদিও কোনো প্ৰমাণ প্ৰদান নকৰে। ৰায়দান তেওঁলোকৰ পক্ষত নথকা সময়ত ন্যায়পালিকাক লক্ষ্য কৰি ক্ষোভ বিয়পাই দিয়া হয়, যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ন্যায়পালিকাৰ প্ৰতি মানুহৰ বিশ্বাস ধ্বংস কৰা।

৪২ গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মতে এই আক্ৰমণ গঠনমূলক সমালোচনা নহয় বৰঞ্চ এক সুপৰিকল্পিত ৰাজনৈতিক কৌশল। তেওঁলোকৰ মতে, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক অস্থিৰ কৰাৰ এই প্ৰচেষ্টা অত্যন্ত বিপজ্জনক। গণতান্ত্ৰিক গাঁথনিৰ প্ৰতি জনসাধাৰণৰ ‘আস্থা’হে প্ৰকৃত আধাৰ। দেশৰ ভিতৰৰ একাংশ নৈৰাজ্যবাদী উপাদান আৰু সীমান্তৰ একাংশ শক্তিয়ে এই সুযোগৰ সুবিধা লৈ বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ অপেক্ষা কৰি আছে।

এফালে ৰাজপথত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ, আনফালে দেশৰ প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশসকলৰ এই শক্তিশালী স্থিতি – দুয়োটা মিলি চি ই চি জ্ঞানেশ কুমাৰ আৰু বিশেষ ভোটাৰ তালিকাৰ সংশোধনৰ গোচৰটো এতিয়া দেশৰ সৰ্বোচ্চ প্ৰশাসনিক আৰু ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm
নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

October 8, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd