• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

কিছুদিন পূৰ্বে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডত সোঁপন্থী চিনেটৰ ফ্লেভিঅ’ বলছ’নাৰোৱে সৰ্বাধিক ভোট লাভ কৰিছিল। তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ পুত্ৰ। দুৰ্নীতিৰ অভিযোগত জেইলত আছে বলছনাৰো।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2026 7:34 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সৰ পিছত এতিয়া ব্ৰাজিলত জেন জি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। ৰাজধানী ৰিঅ’ ডি জেনেইৰ’ত ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ফ্লেভিঅ’ বলছ’নাৰোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোকে। ব্ৰাজিলত সোঁপন্থী মতাদৰ্শৰ প্ৰভাৱ বাঢ়িছে। ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে জেন জি-য়ে।

কিছুদিন পূৰ্বে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডত সোঁপন্থী চিনেটৰ ফ্লেভিঅ’ বলছ’নাৰোৱে সৰ্বাধিক ভোট লাভ কৰিছিল। তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ পুত্ৰ। দুৰ্নীতিৰ অভিযোগত জেইলত আছে বলছনাৰো। প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনত ৪৭ শতাংশ ভোট লাভ কৰে ফ্লেভিঅ’ বলছ’নাৰ’ই। তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী বৰ্তমানৰ বাওঁপন্থী ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাই ৪৫ শতাংশ ভোট লাভ কৰে।

কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজনীয় ৫০ শতাংশ ভোট লাভ কৰা নাই কোনো প্ৰাৰ্থীয়ে। ফলত ২৫ অক্টোবৰত পুনৰ মুখামুখি হ’ব বলছ’নাৰো আৰু লুলাৰ। এই দৌৰত বলছ’নাৰোৰ জয়ৰ সম্ভাৱনা বেছি বুলি ধাৰণা কৰা হৈছে।

Apply Now

ডয়চে ৱেলৰ এক প্ৰতিবেদন অনুসৰি ২০ বছৰীয়া সাহিত্যৰ ছাত্ৰ জোয়াও ভিক্টৰ ভিয়েৰাই কয় যে, “যদি বলছ’নাৰো জয়ী হয় তেন্তে ব্ৰাজিল আমেৰিকাৰ উপনিবেশত পৰিণত হ’ব।” তেওঁৰ এই বক্তব্যই ব্ৰাজিলৰ বাওঁপন্থী শিবিৰৰ এটা অংশৰ মাজত আশংকাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মতে বলছনাৰোৰ ৰাজনৈতিক স্থিতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতাদৰ্শৰ সৈতে যথেষ্ট মিল আছে।

আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডৰ ফলাফল ঘোষণা হোৱাৰ পিছত লেটিন আমেৰিকাৰ আন এখন দেশৰ ক্ষমতা বাওঁপন্থী নেতৃত্বৰ হাতৰ পৰা সোঁপন্থী নেতৃত্বৰ হাতলৈ যাব পাৰে বুলি আশংকা কৰা হৈছে। তাৰ শংকাত প্ৰতিবাদকাৰীয়ে ৰিঅ’ ডি জেনেইৰ’ৰ মাজমজিয়াত সমদল উলিয়ায়।

প্ৰতিবাদকাৰীসকলৰ হাতত থকা পোষ্টাৰত লিখা আছিল, “বলছ’নাৰো কেতিয়াও নহয়” আৰু “পিতৃও নহয়, পুত্ৰও নহয়।” কিছুমান বেনাৰত লিখা আছিল, “কেতিয়াও একনায়কত্ববাদ নহ’ব” আৰু “বলছ’নাৰো আঁতৰি যোৱা”।

সামুদ্ৰিক জাহাজ কোম্পানী এটাৰ প্ৰশাসনিক কৰ্মী ২৫ বছৰীয়া এলিছ কাৰ্নেইৰ’ই কয় যে, “মই গণতন্ত্ৰত বিশ্বাস কৰোঁ। সেইবাবেই মই এই আন্দোলনত যোগদান কৰিলোঁ। মইও ভয় খাইছো। যদি সোঁপন্থী চৰকাৰ এখন ক্ষমতালৈ আহে তেন্তে আমাৰ বাবে পৰিস্থিতি আৰু বেয়া হ’ব পাৰে।”

ব্ৰাজিলৰ সোঁপন্থীৰ সমালোচকসকলে কয় যে জেইৰ বলছ’নাৰোৰ এই কাৰ্যই দেশখনৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিনেটৰ ফ্লেভিঅ’ বলছ’নাৰোৱে পিতৃৰ সমৰ্থন লাভ কৰিছে। আনকি তেওঁ পিতৃক ক্ষমা কৰাৰ পোষকতাও কৰিছে। এই স্থিতিয়ে প্ৰতিবাদকাৰীক আৰু অধিক শংকিত কৰি তুলিছে।

বিশ্ববিদ্যালয়ত প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ১৯ বছৰীয়া ইমানুৱেল আৰাউজোৱে কয় যে ব্ৰাজিলত সোঁপন্থী মতাদৰ্শ আৰু বলছ’নাৰোবাদৰ উত্থানত আমি বিৰক্ত হৈছো। আমাক ইয়াৰ সমাধানৰ প্ৰয়োজন।

ব্ৰাজিলে এতিয়া ২৫ অক্টোবৰৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’বলৈ দ্বিতীয় ৰাউণ্ডৰ নিৰ্বাচনত মুখামুখি হ’ব লুলা দা ছিলভা আৰু ফ্লেভিঅ’ বলছ’নাৰো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm
নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

October 8, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd