• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীয়ে নিৰ্যাতন চলোৱা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দিল্লীৰ আৰক্ষী আয়ুক্তলৈ জাননী প্ৰেৰণ কৰিছে। এই ঘটনাৰ সন্দৰ্ভত আয়োগে দুসপ্তাহৰ ভিতৰত বিতং প্ৰতিবেদন বিচাৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2026 9:43 am
ফটো - সংগৃহীত

ফটো - সংগৃহীত

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লীত যোৱা ৩ অক্টোবৰত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত দিল্লী আৰক্ষীৰ বিৰুদ্ধে তিনিগৰাকী মহিলা সাংবাদিকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই সমগ্ৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ মোৰ লৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ভিত্তিত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বতঃপ্ৰণোদিতভাৱে গোচৰ ৰুজু কৰে। আয়োগে দিল্লীৰ আৰক্ষী আয়ুক্তলৈ এখন জাননী প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অহা দুসপ্তাহৰ ভিতৰত এখন বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলি থকা প্ৰতিবাদৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে এই নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল।

 

Apply Now

প্ৰতিবাদৰ সময়ত এগৰাকী মহিলা সাংবাদিকক দিল্লী আৰক্ষীৰ এচিপি বিবেক ভগতে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ ৰুজু কৰাৰ দাবীত ৩ আৰু ৪ অক্টোবৰত সংসদ ভৱন আৰক্ষী থানাত সাংবাদিকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই ধৰ্ণাৰ পৰা দিল্লী আৰক্ষীয়ে ১৭ গৰাকী ছাত্ৰ আৰু স্বতন্ত্ৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে পাটিয়ালা হাউচ আদালতে সোমবাৰে আটাইকেইগৰাকী লোককে জামিন প্ৰদান কৰে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ অধিবক্তা চাইমন ফাৰুকীয়ে জানিবলৈ দিয়া মতে, আদালতে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ জিম্মাত হোৱা আক্ৰমণৰ অভিযোগ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ আৰু সংসদ মাৰ্গ আৰক্ষী থানাৰ চিচিটিভি ফুটেজ সংৰক্ষণ কৰিবলৈ দিল্লী আৰক্ষীৰ উপ-আয়ুক্তক নিৰ্দেশ দিছে। অভিযোগকাৰীৰ মতে, ছাত্ৰ সংগঠন আইছাৰ সভাপতি নেহা বৰাক আৰক্ষীয়ে আটক কৰাৰ দৃশ্য কেমেৰাত বন্দী কৰি থকাৰ সময়তেই এচিপি ভগতে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ লগতে ঠেলা-হেঁচাও কৰিছিল।

 

ইপিনে, সাংবাদিকসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পাছত ৪ অক্টোবৰত দিল্লী আৰক্ষীয়ে মহিলা সাংবাদিককেইগৰাকীৰ অভিযোগ গ্ৰহণ কৰি সমগ্ৰ বিষয়টো নিৰপেক্ষ তদন্তৰ বাবে অপৰাধ শাখালৈ হস্তান্তৰ কৰে। আনহাতে, এই ঘটনাক লৈ বিৰোধী দলসমূহেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে আৰক্ষীয়ে সাধাৰণ এজাহাৰ এখন ৰুজু কৰিবলৈ অস্বীকাৰ কৰা কাৰ্যৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ককৰোচ জনতা পাৰ্টীৰ নেতা অভিজিৎ ডিপকে অভিযুক্ত এচিপি বিবেক ভগতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। দলটোৰ আইনী পৰিক্ৰমাৰ মুৰব্বী ৰত্না সিঙে দাবী কৰা অনুসৰি, ৫ অক্টোবৰত অভিযোগকাৰীসকলৰ মাজৰ এগৰাকীক আৰক্ষীয়ে আটক কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধেহে ওলোটাই এজাহাৰ ৰুজু কৰি ম’বাইল ফোন জব্দ কৰাৰ যো-জা চলাইছে।

 

ইয়াৰ সমান্তৰালভাৱে, অভিযুক্ত এচিপি বিবেক ভগতৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগৰ মাজতে দিল্লী আৰক্ষীয়ে যোৱা ৬ অক্টোবৰত নাদীম আহমেদ আমীন নামৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, ‘নিউজ আইনা টুডে’ নামৰ ছ’চিয়েল মিডিয়া চেনেলৰ সৈতে জড়িত সাংবাদিকগৰাকীয়ে এচিপি বিবেক ভগতে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ এটা ভুৱা এআই-নিৰ্মিত ভিডিঅ’ প্ৰস্তুত কৰি ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰচাৰ কৰিছিল। বৰ্তমান অপৰাধ শাখাই মূল নিৰ্যাতনৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে আৰু মানৱ অধিকাৰ আয়োগলৈ আৰক্ষীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কি প্ৰতিবেদন প্ৰেৰণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd