এসময়ত দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ বিৰোধী আইন অনুসৰি ছালৰ ৰঙৰ বাবে ন্যায়াধীশৰ কক্ষত প্ৰৱেশ তেওঁৰ বাবে নিষিদ্ধ আছিল। কিন্তু তামিল মূলৰ দক্ষিণ আফ্ৰিকান নভানেথেম ‘নৱী’ পিলেই সকলো বৰ্ণবাদ, দৰিদ্ৰতা আৰু সামাজিক বৈষম্য অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱ অধিকাৰ সুৰক্ষাৰ প্ৰতীক হৈ পৰিছে।
আন্তঃৰাষ্ট্ৰীয় আইন প্ৰতিষ্ঠা, বৰ্ণবৈষম্য বিৰোধী আন্দোলন আৰু গণহত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁৰ ঐতিহাসিক ভূমিকাক স্বীকৃতি দি শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মানৱ অধিকাৰ আয়ুক্তগৰাকীক ২০২৬ চনৰ বিশ্ববিখ্যাত ন’বেল শান্তি বঁটাৰে সন্মানিত কৰা হয়।
ডাৰবানত এজন দুখীয়া বাছ চালকৰ ঘৰত জন্মগ্ৰহণ কৰা নৱী পিলে হৈছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ইতিহাস ৰচনা কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী অ-শ্বেতাংগ মহিলা।
পিতৃ নাৰায়ণস্বামী নাইডু আৰু মাতৃ সন্তমাৰ আঠটা সন্তানৰ ভিতৰত অন্যতম আছিল নৱী। বৰ্ণবৈষম্যৰ চৰম দিনবোৰত কঠোৰ যুঁজ চলাই ১৯৬৩ চনত নাটাল বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু ১৯৬৫ চনত আইনৰ ডিগ্ৰী লাভ কৰে।পিছলৈ বিখ্যাত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে।
১৯৬৭ চনত নাটাল প্ৰভিন্সত নিজাকৈ আইনী সংস্থা গঠন কৰা প্ৰথমগৰাকী অ-শ্বেতাংগ মহিলা হিচাপে পৰিগণিত হয়। তাৰ পৰাই দুটা দশক ধৰি নেলছন মেণ্ডেলাৰ আন্দোলনৰ সহযোগী, ৰাজনৈতিক বন্দী আৰু অধিকাৰ কৰ্মীসকলৰ হৈ আদালতত আইনী যুঁজ দিছিল।
১৯৯২ চনত জেচিকা নিউৱিৰ্থৰ সৈতে বিশ্ববিখ্যাত নাৰী অধিকাৰ সংস্থা ‘ইকুৱেলিটি নাও’ নামৰ সংগঠনটোৱে বাল্যবিবাহ আৰু নাৰীৰ যৌনাংগ বিকৃতি (FGM)ৰ দৰে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰাম আৰম্ভ কৰে।
১৯৯৫ চনত দক্ষিণ আফ্ৰিকাৰ সৰ্বোচ্চ অসামৰিক প্ৰশাসনৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অ-শ্বেতাংগ মহিলা ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।
১৯৯৪ চনত ৰুৱাণ্ডাৰ গণহত্যাৰ বিচাৰৰ বাবে গঠন কৰা ‘ৰুৱাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ’ৰ ন্যায়াধীশ হিচাপে ১৯৯৫ চনত নিৰ্বাচিত হয়। ১৯৯৯ চনৰ পৰা ২০০৩ চনলৈকে ন্যায়াধিকৰণৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰি লাখ লাখ টুট্ছি লোকক গণহত্যা আৰু গণ ধৰ্ষণৰ অভিযোগত অভিযুক্তসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিছিল। পিছলৈ নেদাৰলেণ্ডৰ হেগস্থিত আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
২০০৮ চনত ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী মহিলা মানৱ অধিকাৰ উচ্চায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে। শেহতীয়াকৈ তেওঁ গাজাত গণহত্যা আৰু যুদ্ধাপৰাধৰ ওপৰত ৰাষ্ট্ৰসংঘৰ স্বতন্ত্ৰ তদন্ত আয়োগৰ নেতৃত্ব দিছিল।
পেছাগত জীৱনত বহু বাধা আৰু বৰ্ণবাদৰ সন্মুখীন হোৱাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নবী পিলেৰ শান্তিৰ নোবেল বঁটা জয় বিশ্বজুৰি প্ৰশংসিত হৈছে।





