• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

এটা দীঘলীয়া পোষ্টত কমল হাছানে কয় যে দুৰ্গম অঞ্চললৈ ফলপ্ৰসূ আৰু সুলভ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় সংস্থাৰ প্ৰতিযোগিতাক আদৰণি জনোৱা উচিত। কিন্তু কেৱল সংযোগৰ সুযোগ সৃষ্টি কৰিলেই যথেষ্ট নহয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2026 1:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টাৰলিংকক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই – আমেৰিকাৰ কোটিপতি ইলন মাস্কে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁৰ প্ৰশ্ন হ’ল- ‘আম্বানী ভাৰতৰ প্ৰকৃত মালিক নেকি?’ যোৱা ২৪ ঘণ্টাত টেছলাৰ মুৰব্বীগৰাকীৰ এনে এটা পোষ্টে কাৰ্যতঃ ছ’চিয়েল মিডিয়াত এক ধুমুহাৰ সৃষ্টি কৰিছে। ৰাজনৈতিক মহলতো মাস্কৰ ‘টুইট-কটাক্ষ’ৰ অন্তহীন চৰ্চা চলিছে।

আমেৰিকান কোটিপতিগৰাকীলৈ এই সম্পৰ্কীয় বিষয়ত এইবাৰ এক শক্তিশালী বাৰ্তা আগবঢ়াইছে অভিনেতা কমল হাছানে। তেওঁৰ মন্তব্য, ‘কোনো বিদেশী স্বাৰ্থজড়িত গোষ্ঠীয়ে ভাৰতৰ নীতি নিৰ্ধাৰণ নকৰে।’

ইলন মাস্কে দাবী কৰে, ‘দুৰ্ভাগ্যজনকভাৱে ষ্টাৰলিংক ভাৰতীয় বজাৰত প্ৰৱেশত বাধা দিয়া হৈছে। কাৰণ কিছুমান গোষ্ঠী সেই দেশত নিজৰ একচেটিয়া অধিকাৰ বজাই ৰাখিব বিচাৰে।’

Apply Now

আন এটা পোষ্টত আমেৰিকাৰ কোটিপতিগৰাকীয়ে কয় যে, ‘ভাৰতৰ যিসকল লোকে উচ্চ মূল্যৰ ইণ্টাৰনেট সেৱাৰ খৰচ বহন কৰিব নোৱাৰে, তেওঁলোকক ষ্টাৰলিংকে তীব্ৰবেগী আৰু সুলভ মূল্যৰ ইণ্টাৰনেট সংযোগ প্ৰদান কৰিব।’

ইয়াৰ পিছত মাস্কে আন এটা পোষ্ট ৰিটুইট কৰে। অনিৰুদ্ধ মালপানী নামৰ কোনোবা এজনৰ পোষ্টত তেওঁ লিখিছে, ‘ভাৰত চৰকাৰে নাগৰিকতকৈ বিশেষ সুবিধাপ্ৰাপ্ত পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি অধিক আগ্ৰহী।’

সেই পোষ্টটো শ্বেয়াৰ কৰি টেছলাৰ মুৰব্বীগৰাকীয়ে মন্তব্য কৰিছিল, ‘ষ্টাৰলিংকৰ ১৬৫খন দেশত অনুজ্ঞাপত্ৰ আছে। যোৱা পাঁচ বছৰ ধৰি ভাৰত চৰকাৰৰ প্ৰতিটো নিয়ম মানি চলি আহিছে। ইয়াৰ পিছতো মই কিয় লাইচেন্স নাপালোঁ? তেন্তে আম্বানী ভাৰতৰ প্ৰকৃত বছ নেকি?’

মাস্কৰ এই পোষ্টটোৱে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিলে। ৰাজনৈতিক চৰ্চাও আৰম্ভ হৈছে। এনে পৰিস্থিতিত কমল হাছানে মাস্কক ‘স্বাৰ্থপৰ’ বুলি তীব্ৰ সমালোচনা কৰি কয়, ‘কোনো বিদেশী স্বাৰ্থজড়িত গোষ্ঠীয়ে ভাৰতৰ নীতি নিৰ্ধাৰণ নকৰে।’

এটা দীঘলীয়া পোষ্টত কমল হাছানে কয় যে দুৰ্গম অঞ্চললৈ ফলপ্ৰসূ আৰু সুলভ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় সংস্থাৰ প্ৰতিযোগিতাক আদৰণি জনোৱা উচিত। কিন্তু কেৱল সংযোগৰ সুযোগ সৃষ্টি কৰিলেই যথেষ্ট নহয়। যদিহে সেৱাৰ মাহিলী খৰচ আৰু প্ৰয়োজনীয় সা-সঁজুলিৰ খৰচ বেছি হয় তেন্তে সাধাৰণ মানুহৰ বাবে চেটেলাইট ইন্টাৰনেট ব্যৱহাৰ কৰাটো কঠিন হৈ পৰিব।

ইয়াৰ সূত্ৰ ধৰিয়েই মক্কাল নিধি মৈয়ামৰ সভাপতিগৰাকীয়ে কয় যে ইণ্টাৰনেট সংযোগ ব্যৱস্থা এনেকুৱা হ’ব লাগে যাতে ডিজিটেল বিভাজন দূৰ কৰাৰ উপৰিও কোনো নতুন বিভাজনৰ সৃষ্টি নহয়। এই সেৱাৰ সুলভ মূল্যৰ লগতে তেওঁ দেশৰ নিৰাপত্তাকো গুৰুত্ব দিছে।

কমলৰ মতে, “নেটৱৰ্ক আৰু স্পেকট্ৰম কেৱল বাণিজ্যিক সম্পত্তি নহয়, ই দেশৰ কৌশলগত আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ অংশ। গতিকে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত স্থাপন কৰা নিষেধাজ্ঞা আৰু নিৰাপত্তা ব্যৱস্থাৰ সৈতে কোনো আপোচ কৰিব নোৱাৰি।”

Mr. Musk, yes, no billionaire should dictate a nation’s policy – Indian or American.

India must welcome competition in satellite internet, from Indian and global providers, whoever offers the most practical and affordable last-mile solution for those in remote regions. In countries with lower per-capita incomes, satellite internet must be affordable too. High subscription fees and equipment costs risk putting it beyond the reach of ordinary households. Connectivity must bridge the digital divide, not create a new one.

India knows our networks and spectrum are strategic infrastructure, not merely commercial assets. India’s national security safeguards are non-negotiable.

Every country makes choices based on its own interests. Those in the West cannot preach free markets while practicing protectionism at home. USA imposed 100% tariffs on Chinese EVs to protect its domestic industry, just as India takes measures to protect its own domestic manufacturers. Both India and the US have restricted Huawei over security concerns. One cannot demand a level playing field from others only when it suits its own agenda.

Indians will internally debate, question and address our strengths and shortcomings as a democratic country.

Take BharatNet, India’s programme to bring broadband to village-level local bodies. We will question why, as the CAG’s 2026 audit report found, the programme is struggling to meet its original objectives. Why were only 33.2% of service-ready Gram Panchayats operational, despite ₹39,888 crore being spent? At the same time, we know to appreciate our telecom sector and regulations, which has made internet data among the world’s most affordable, bringing millions online.

India is a democracy, not a colony. We welcome the world, but we, the Indian people, will decide our own future – not Western vested interests, their double standards or any billionaire – Indian or American.

— Kamal Haasan (@ikamalhaasan) October 9, 2026

কেৱল সেয়াই নহয়। পোষ্টটোৰ একেবাৰে শেষত তেওঁ ইলন মাস্ককো এটা শক্তিশালী বাৰ্তা দিছে। দক্ষিণৰ ছুপাৰষ্টাৰ ৰাজনীতিবিদগৰাকীয়ে টেছলাৰ মুৰব্বীক দিয়া মন্তব্য আছিল, “ভাৰত এখন গণতান্ত্ৰিক দেশ, উপনিবেশ নহয়। আমাৰ দেশে সমগ্ৰ বিশ্বক আদৰণি জনায়। কিন্তু দেশৰ ভৱিষ্যত কি হ’ব সেয়া কেৱল ভাৰতীয়ইহে সিদ্ধান্ত ল’ব। পশ্চিমৰ কোনো ন্যস্ত স্বাৰ্থজড়িত গোষ্ঠী, তেওঁলোকৰ দুমুখীয়া নীতি বা যিকোনো কোটিপতি – ভাৰতীয় হওক বা আমেৰিকান হওক – ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd