অসমৰ ২০ বছৰীয়া ছাত্ৰী হিমাশ্ৰী বড়োৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাত বুধবাৰে ৰে’লপথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছিল হিমাশ্ৰীৰ মৃতদেহ। চলন্ত ৰে’লৰ পৰা পৰি তেওঁৰ মৃত্যু হোৱা বুলি একাংশ যাত্ৰীয়ে জানিবলৈ দিছে যদিও এই মৃত্যুক সহজভাৱে ল’বলৈ অস্বীকাৰ কৰিছে পৰিয়ালে। হিমাশ্ৰীক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি পৰিয়ালে ঘটনাৰ সঠিক তদন্তৰ দাবী জনাইছে।
জানিব পৰা মতে, কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছত যাত্ৰা কৰিছিল হিমাশ্ৰীয়ে। বুধবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত অন্ধ্ৰপ্ৰদেশৰ দুছি আৰু পেনুবাৰ্তি গাঁৱৰ মাজৰ ৰে’লপথত সংঘটিত হয় এই ঘটনা। একেটা দবাত যাত্ৰা কৰা লোকসকলক ইতিমধ্যে সোধা-পোছা কৰিছে চৰকাৰী ৰে’ল আৰক্ষীয়ে।
ৰে’ল আৰক্ষীৰ পৰিদৰ্শক ডি দিনবন্ধুৱে জানিবলৈ দিয়া মতে, ঘটনাৰ সময়ত একেটা দবাত যাত্ৰা কৰি থকা এজন লোক আৰু এটা পৰিয়ালে চিঞৰ-বাখৰ শুনি সাৰ পাইছিল। ডিব্ৰুগড় অভিমুখী পৰিয়ালটোৰ লগতে পশ্চিমবংগৰ খড়গপুৰলৈ যাত্ৰা কৰা আন এজন যাত্ৰীয়েও নিশাৰ এই হুলস্থুল শুনিছিল। পৰৱৰ্তী সময়ত আন যাত্ৰীৰ পৰা তেওঁলোকে জানিব পাৰে যে ৰে’লৰ দুৱাৰৰ কাষত থিয় হৈ থকা এগৰাকী মহিলা বাহিৰলৈ পৰি গৈছে।
শ্ৰীকাকুলামৰ আৰক্ষী অধীক্ষক কে ভি মহেশ্বৰ ৰেড্ডীৰ মতে, ৰে’লৰ পৰা পৰাৰ সময়ত কোনো কঠিন বস্তুত খুন্দা খাই হিমাশ্ৰীৰ মূৰত গুৰুতৰ আঘাত লাগিব পাৰে। ৰে’লৰ পৰা পৰি প্ৰায় দহ ফুট তলত থকা মাটিত পৰাৰ পাছত তেওঁৰ দেহটো মাটিত খুন্দা খাই কিছু দূৰ বাগৰি যোৱাৰ ফলতো আন আঘাতৰ সৃষ্টি হোৱা বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে, আৰক্ষীয়ে এতিয়াও হিমাশ্ৰীৰ মৃত্যুক দুৰ্ঘটনা বুলি নিশ্চিত কৰা নাই। এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ঘটনাটোক দুৰ্ঘটনা বুলি সিদ্ধান্ত লোৱাৰ পূৰ্বে আৰু কেইটামান দিশ পৰীক্ষা কৰিবলগীয়া আছে। সেয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই আৰক্ষী।
মৰণোত্তৰ পৰীক্ষাৰ পাছত হিমাশ্ৰীৰ মৃতদেহ বিশাখাপট্টনমত থকা তেওঁৰ আত্মীয় আৰু বন্ধুবৰ্গৰ হাতত গতাই দিয়া হয়। কিন্তু পৰিয়ালে এই ঘটনাক দুৰ্ঘটনা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, হিমাশ্ৰীক হত্যা কৰা হৈছে। যুৱতীগৰাকীৰ সৈতে ৰে’লযাত্ৰাৰ সময়ত প্ৰকৃততে কি ঘটিছিল, সেয়া পোহৰলৈ আনিবলৈ পৰিয়ালে বিস্তৃত তদন্তৰ দাবী জনাইছে।
উল্লেখ্য যে গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰী হিমাশ্ৰীয়ে যোৱা ৩০ ছেপ্টেম্বৰত অসমৰ আন কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিশাখাপট্টনমলৈ গৈছিল। প্ৰতিযোগিতা শেষ হোৱাৰ পাছত আনসকলৰ সৈতে উভতি নহৈ তেওঁ আগতেই অসমলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছিল। গুৱাহাটীত পৰীক্ষা থকাৰ বাবেই তেওঁ উভতিবলৈ ওলাইছিল বুলি জানিব পৰা গৈছে।
পৰীক্ষাত বহিবলৈ ঘৰলৈ উভতি অহাৰ যাত্ৰাই কাল হ’ল নেকি হিমাশ্ৰীৰ? নে এই মৃত্যুৰ আঁৰত লুকাই আছে আন কোনো ৰহস্য? আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে পোহৰলৈ আহিব ২০ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।





