কেন্দ্ৰীয় পৰ্যায়ত মোডী চৰকাৰে বৃহৎ প্ৰশাসনিক সালসলনি ঘটাইছে। শনিবাৰে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি দেশৰ মুঠ ২৭ জন আমোলাক যুটীয়া সচিব আৰু সমতুল্য পদত নতুন দায়িত্ব দিয়া হৈছে।
আটাইতকৈ উল্লেখযোগ্য নিযুক্তি হৈছে নিৰ্বাচন আয়োগত। ২০১০ চনৰ ৰাজস্থান কেডাৰৰ আই এ এছ বিষয়া প্ৰকাশ ৰাজপুৰোহিতক দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। সঞ্জয় কুমাৰৰ ঠাইত তেওঁ ২০৩০ চনৰ ৮ এপ্ৰিললৈকে এই পদত অধিষ্ঠিত থাকিব।
কেবিনেটৰ নিযুক্তি সমিতিয়ে এই সালসলনিত কেইবাটাও গুৰুত্বপূৰ্ণ পদত অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ১৯৯৬ চনৰ বেচৰ ভাৰতীয় টেলিকম সেৱাৰ বিষয়া বিবেক খাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বা এন টি এৰ যুটীয়া সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে ৰবি শংকৰ, চিত্তৰঞ্জন দাস, পি মনোজ কুমাৰ আৰু অভিষেক ভগোতীয়াক। ইয়াৰ উপৰিও মহম্মদ ৱাই ছাফিৰুল্লাহ আৰু ৰুতু শৰ্মাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
অসম-মেঘালয় কেডাৰৰ ২০০৯ বেটচৰ আই এ এছ বিষয়া বৰ্ণালী ডেকাক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে আৰু একেটা সংস্থাতে ম’ৰ আশীষ মাধৱৰাও অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে।
অন্যান্য গুৰুত্বপূৰ্ণ নিযুক্তিৰ ভিতৰত নিখিল ভাৰ্মাক দিল্লীৰ বৈদেশিক বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান, তনৱী সুন্দৰিয়ালক কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু ইন্দৰজিৎ সিঙক সাংস্কৃতিক মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
ইয়াৰ উপৰিও তাম্বোলি আয়াজ ফকিৰভাইক ভাৰতৰ বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে, ৰাজেশ মল্লিকক ভাৰতীয় খাদ্য নিগমৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে আৰু নবীন আগৰৱালক আইনী পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
আনহাতে, ব্রিজেশ পাণ্ডেক ৰাজধানী উন্নয়ন বিভাগ, এম ৰামচন্দ্রুডুক সংখ্যালঘু পৰিক্রমা মন্ত্র্যালয়ত যুটীয়া সচিব আৰু ছোনিয়া পন্তক নিটি আয়োগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে৷ নীতিন কুমাৰক কেন্দ্ৰীয় তদাৰকী আয়োগৰ অতিৰিক্ত সচিব, চি মুৰুগানাছক পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ যুটীয়া সচিব, ৰাজনেশ কুমাৰ টোমৰক ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নিশিতা তিৱাৰীক সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।
তদুপৰি, নগৰ উন্নয়ন, জলসম্পদ, মহিলা আয়োগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু বিভাগতো নতুন যুটীয়া সচিব নিযুক্তি দিয়া হৈছে।
ইপিনে, যোৱা ৯ অক্টোবৰত এক সুকীয়া আদেশত উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব গোবিন্দ জয়ছোৱালক তেওঁৰ মূল কেডাৰলৈ ঘূৰাই অনাৰ প্ৰস্তাৱত মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে। তেওঁ ২০০৭ চনৰ AGMUT কেডাৰৰ আইএএছ বিষয়া।


