দিল্লীত ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিবাদত অংশ ল’বলৈ যোৱাৰ পূৰ্বেই গুৰুগ্ৰামৰ নিজৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উঠাই নিয়াৰ অভিযোগ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ। শনিবাৰে নিশা মুকলি হোৱাৰ পিছত সমগ্ৰ ঘটনাক অপহৰণ আখ্যা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁ। ধ্ৰুৱ ৰাঠীৰ অভিযোগ, তেওঁক আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাছিল, বৰঞ্চ জোৰকৈ লৈ যোৱা হৈছিল। একে সময়তে দেশত গণতন্ত্ৰৰ পৰিৱেশ সংকুচিত হোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে ভাৰতক একনায়কত্বৰ দিশলৈ ঠেলি দিছে।
শনিবাৰে পুৱা গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ত থকা ধ্ৰুৱ ৰাঠীৰ বাসগৃহত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত চিজেপিয়ে আয়োজন কৰা প্ৰতিবাদত অংশ ল’বলৈ তেওঁ ভাৰতলৈ আহিছিল। ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া আৰু বিশেষ নিবিড় পুনৰীক্ষণ (এছ আই আৰ)ৰ নামত ভোটাৰৰ নাম কৰ্তন কৰাক লৈ অনিয়মৰ অভিযোগ তুলি এই প্ৰতিবাদৰ আহ্বান জনাইছিল দলটোৱে।
মুকলি হোৱাৰ পিছত সামাজিক মাধ্যম এক্সত এটা ভিডিঅ’যোগে ধ্ৰুৱ ৰাঠীয়ে সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। তেওঁৰ অভিযোগ, আৰক্ষীয়ে বাসগৃহৰ পৰা তেওঁক বলপূৰ্বকভাৱে লৈ গৈছিল। আৰক্ষীৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ আৰক্ষীৰ আচৰণক কঠোৰ ভাষাৰে সমালোচনা কৰে। গণতান্ত্ৰিক দেশ এখনত এনে ঘটনা গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰাঠীয়ে কয় যে চৰকাৰৰ এনে কাৰ্যকলাপে দেশত একনায়কত্বৰ পৰিৱেশ সৃষ্টি কৰিছে।
কেৱল ধ্ৰুৱ ৰাঠীয়েই নহয়, দিল্লীত চিজেপিৰ প্ৰতিবাদক কেন্দ্ৰ কৰি শনিবাৰে দিনজুৰি বহু লোকক আটক কৰাৰ অভিযোগ উঠিছে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে, সহঃপ্ৰতিষ্ঠাপক সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাকো আৰক্ষীয়ে আটক কৰে। মুম্বাইৰ পৰা দিল্লী বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ পিছত বিমানৰ ভিতৰৰ পৰাই তিনিওকে আৰক্ষীয়ে লৈ যোৱা বুলি বাতৰি প্ৰকাশ পাইছে। ইয়াৰ উপৰি কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ আৰু পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো প্ৰতিবাদক কেন্দ্ৰ কৰি আটক কৰা হয় বুলি উল্লেখ কৰা হৈছে।
পিছত প্ৰায় ২৪ ঘণ্টাৰ অন্তত দিল্লীৰ এখন আদালতে চিজেপিৰ তিনিগৰাকী নেতাক চৰ্তসাপেক্ষে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। অৱশ্যে আদালতে আৰোপ কৰা চৰ্ত অনুসৰি এবছৰলৈ কোনো ধৰণৰ অশান্তিত জড়িত হ’ব নোৱাৰিব তেওঁলোক। এই চৰ্তৰ মাজতে আগন্তুক দিনত দলটোৱে কেনেদৰে আন্দোলন আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব।
শনিবাৰে প্ৰতিবাদৰ পূৰ্বে দিল্লীত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। ৩০ হাজাৰৰো অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰাৰ লগতে ৪৫টা মেট্ৰ’ ষ্টেচন বন্ধ ৰখা হৈছিল বুলি বাতৰিত প্ৰকাশ পাইছে। বিভিন্ন স্থানত যান-বাহনত তালাচী, পথত বেৰিকেড আৰু দিল্লীৰ সীমান্তত কঠোৰ নিৰীক্ষণ চলোৱা হয়। যন্তৰ-মন্তৰত প্ৰতিবাদৰ অনুমতি নিদিয়াৰ সিদ্ধান্তৰ আঁৰত আগতীয়া জাননী নিদিয়া আৰু পূৰ্বৰ কাৰ্যসূচীত নিয়ম উলংঘা কৰাৰ অভিযোগ দাঙি ধৰে আৰক্ষীয়ে।
আটক হোৱাৰ পূৰ্বে প্ৰকাশ কৰা এটা ভিডিঅ’ত অভিজিৎ দিপকে তেওঁৰ অনুপস্থিতিত অজিংকে শিণ্ডেই আন্দোলনৰ নেতৃত্ব দিব বুলি ঘোষণা কৰিছিল। নেতাসকলক আটক কৰিলেও আন্দোলন বন্ধ নহয় বুলি দাবী কৰিছে চিজেপিয়ে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ নোহোৱা পৰ্যন্ত প্ৰতিদিনে যন্তৰ-মন্তৰত প্ৰতিবাদী সমদল উলিওৱাৰ আহ্বান জনাইছে দলটোৱে।
গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ, নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু আৰক্ষীৰ ভূমিকা—এই তিনিওটা বিষয়ক কেন্দ্ৰ কৰি এতিয়া দেশৰ ৰাজনৈতিক মহলত নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। ধ্ৰুৱ ৰাঠীৰ অপহৰণৰ অভিযোগৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰাৰ ঘটনাই চৰকাৰৰ গণতান্ত্ৰিক দায়বদ্ধতা আৰু নাগৰিকৰ প্ৰতিবাদৰ অধিকাৰক লৈও প্ৰশ্ন উত্থাপন কৰিছে।





