কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা এল মুৰুগনে। তথ্য আৰু সম্প্ৰচাৰ বিভাগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰুগনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি মন্ত্ৰিত্বৰ দায়িত্বৰ লগতে ৰাজ্যসভাৰ সদস্যপদৰ পৰাও অব্যাহতি বিচাৰিছে। ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত মুৰুগনে উল্লেখ কৰে যে এতিয়া তেওঁ পুনৰ তৃণমূল পৰ্যায়ৰ ৰাজনীতিলৈ উভতি যাব বিচাৰে। দলৰ কৰ্মীসকলৰ সৈতে থাকি তামিলনাডুৰ প্ৰতিখন গাঁৱত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত সম্পূৰ্ণ সময় দিব বিচাৰে তেওঁ। সামাজিক মাধ্যম ‘এক্স’তো এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি মুৰুগনে কয় যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত বিজেপিক শক্তিশালী কৰাই তেওঁৰ মূল লক্ষ্য। তেওঁৰ মতে, দেশ প্ৰথম, দল দ্বিতীয় আৰু নিজৰ স্বাৰ্থ সকলোতকৈ শেষত।
মুৰুগনে পত্ৰখনত নিজৰ পাৰিবাৰিক পটভূমিৰ কথাও উল্লেখ কৰিছে। দৈনিক মজুৰি কৰি জীৱিকা নিৰ্বাহ কৰা আৰু পশুপালনৰ সৈতে জড়িত তেওঁৰ পিতৃ-মাতৃয়ে এতিয়াও তামিলনাডুৰ কোনুৰ গাঁৱত সাধাৰণ জীৱন কটায়। এনে এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিবলৈ পোৱাটো তেওঁৰ জীৱনৰ অন্যতম সন্মানজনক অভিজ্ঞতা বুলি উল্লেখ কৰে মুৰুগনে। লগতে দেশ, তামিলনাডু আৰু বিজেপিৰ বাবে অধিক সময় উচৰ্গা কৰাৰ প্ৰয়োজন অনুভৱ কৰা বুলিও তেওঁ কয়।
উল্লেখ্য যে মুৰুগন বিজেপিৰ তামিলনাডু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি। ২০২০ চনত তেওঁক দলটোৰ তামিলনাডু শাখাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল আৰু ২০২১ চনত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। পৰৱৰ্তী সময়ত কে আন্নামালাইক ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। মুৰুগন মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু তেওঁৰ কাৰ্যকাল ২০৩০ চনত শেষ হোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই তেওঁ সদস্যপদ এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।
২০২৪ চনৰ লোকসভা নিৰ্বাচনত তামিলনাডুৰ নীলগিৰি সমষ্টিত ডি এম কেৰ প্ৰাৰ্থী এ ৰাজাৰ হাতত পৰাস্ত হৈছিল মুৰুগন। নিৰ্বাচনত পৰাজয়ৰ পাছতো তেওঁক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হৈছিল। ছাত্ৰ ৰাজনীতিৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে জড়িত হৈ কাম কৰিছিল।
ইফালে, মুৰুগনৰ পদত্যাগৰ সিদ্ধান্তই কেন্দ্ৰীয় মন্ত্ৰীসভাত পুনৰ সালসলনিৰ সম্ভাৱনাক লৈ চৰ্চা অধিক তীব্ৰ কৰিছে। ইয়াৰ পূৰ্বে জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং বিট্টুৱেও মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পিছত মুৰুগনৰ এই সিদ্ধান্তই ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। অৱশ্যে সম্ভাৱ্য মন্ত্ৰীসভাৰ সালসলনি সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।





