১৯১২ চনৰ ১৩ অক্টোবৰ। লণ্ডনৰ ছাউথ কেনছিংটনৰ পৰা লিখা এখন চিঠি। চিঠিখনৰ লেখক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰাপক ইংৰাজ গণিতজ্ঞ তথা দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেল। এশ বছৰৰো অধিক পূৰ্বে লিখা এই চিঠিখনতে প্ৰাচ্যৰ আধ্যাত্মিক দৰ্শন আৰু পাশ্চাত্যৰ চিন্তাধাৰাৰ এক সুন্দৰ মিলন ঘটিছিল। উপনিষদৰ এক শ্লোকৰ জৰিয়তে অসীমৰ আনন্দ আৰু ভয়ৰ পৰা মুক্তিৰ যি ব্যাখ্যা ৰবীন্দ্ৰনাথে আগবঢ়াইছিল, শেহতীয়াকৈ সেই ঐতিহাসিক চিঠিখন সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰিছে ন’বেল কমিটীয়ে।
চিঠিখনৰ আৰম্ভণিতে ৰবীন্দ্ৰনাথে ৰাছেলৰ এখন পূৰ্বৰ চিঠি পোৱাৰ কথা উল্লেখ কৰি ধন্যবাদ জনাইছে। ইয়াৰ পিছতে তেওঁ ৰাছেলৰ ‘দ্য এছেন্স অৱ ৰিলিজন’ শীৰ্ষক প্ৰবন্ধটোৰ প্ৰসংগ উত্থাপন কৰিছে। ‘হিবাৰ্ট জাৰ্নেল’ত প্ৰকাশিত এই প্ৰবন্ধটো পঢ়ি ৰবীন্দ্ৰনাথৰ মনলৈ আহিছিল উপনিষদৰ এটি গভীৰ অৰ্থবহ শ্লোক। সেই শ্লোকৰ মাজেৰেই তেওঁ ৰাছেলৰ সৈতে নিজৰ দাৰ্শনিক চিন্তা ভাগ-বতৰা কৰিছিল।
চিঠিখনত ৰবীন্দ্ৰনাথে উদ্ধৃতি দিয়া শ্লোকটো হৈছে, ‘যতো বাচো নিবৰ্তন্তে অপ্ৰাপ্য মনসা সহ। আনন্দং ব্ৰহ্মণো বিদ্বান্ ন বিভেতি কুতশ্চন।’ ইয়াৰ অৰ্থ হৈছে, যাক বাক্য আৰু মনে ঢুকি নাপাই উভতি আহে, সেই ব্ৰহ্মৰ আনন্দ যিজনে উপলব্ধি কৰিব পাৰে, তেওঁ আৰু কোনো কথালৈ ভয় নকৰে। ইয়াত ব্ৰহ্ম বুলিলে অসীম আৰু পৰম সত্যৰ ধাৰণাক বুজোৱা হৈছে।
ৰবীন্দ্ৰনাথে কেৱল শ্লোকটো উদ্ধৃতি দিয়েই ক্ষান্ত থকা নাছিল। ইয়াৰ দাৰ্শনিক অৰ্থও নিজৰ ধৰণেৰে ব্যাখ্যা কৰিছিল। তেওঁৰ মতে, কেৱল জ্ঞানৰ জৰিয়তে অসীমক সম্পূৰ্ণৰূপে বুজি পোৱা সম্ভৱ নহয়। কিন্তু মানুহে যেতিয়া নিজৰ সীমাবদ্ধ সত্তাৰ বান্ধোন অতিক্ৰম কৰি অসীমৰ সৈতে একাত্ম হ’ব পাৰে, তেতিয়া এনে এক আনন্দৰ অনুভৱ হয়, যি ব্যক্তিগত জীৱনৰ সুখ-দুখৰ বহু ঊৰ্ধ্বত। এই উপলব্ধিয়ে মানুহক সকলো ভয়ৰ পৰা মুক্ত কৰে। ৰবীন্দ্ৰনাথৰ দৃষ্টিত এয়াই আছিল ব্ৰহ্মৰ প্ৰকৃত উপলব্ধি।
নিজৰ অহংকাৰ আৰু স্বাৰ্থৰ সংকীৰ্ণ গণ্ডীৰ পৰা ওলাই আহি ইচ্ছা আৰু প্ৰেমক মুক্ত কৰি দিয়াৰ মাজেৰে অসীমৰ সন্ধান পোৱাৰ কথাও ৰবীন্দ্ৰনাথে চিঠিখনত বুজাবলৈ চেষ্টা কৰিছিল। তেওঁৰ এই চিন্তাত ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ গভীৰতা যেনেকৈ প্ৰকাশ পাইছে, তেনেকৈয়ে দেখা পোৱা যায় মানুহৰ মন, স্বাধীনতা আৰু জীৱনৰ অৰ্থ সম্পৰ্কে তেওঁৰ নিজস্ব দৃষ্টিভংগী।
চিঠিখনৰ আন এটা অংশত ৰবীন্দ্ৰনাথে ড০ শীলৰ কথাও উল্লেখ কৰিছে। সম্ভৱতঃ তেওঁ আছিল প্ৰখ্যাত পণ্ডিত, চিন্তাবিদ আৰু শিক্ষাবিদ আচাৰ্য ব্ৰজেন্দ্ৰনাথ শীল, যি ৰবীন্দ্ৰনাথৰ ঘনিষ্ঠ আছিল। সময়-সুবিধা হ’লে কেম্ব্ৰিজলৈ গৈ ৰাছেলক সাক্ষাৎ কৰাৰ ইচ্ছাও তেওঁ চিঠিখনত প্ৰকাশ কৰিছিল।
ইয়াৰ ঠিক এবছৰৰ পাছত, ১৯১৩ চনত, বিশ্বসাহিত্যৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল ৰবীন্দ্ৰনাথে। ‘গীতাঞ্জলি’ কাব্যগ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্যৰ ন’বেল বঁটা। ইয়াৰ জৰিয়তে তেওঁ সাহিত্যৰ ন’বেল লাভ কৰা প্ৰথমগৰাকী অ-ইউৰোপীয় ব্যক্তি হিচাপে ইতিহাস ৰচনা কৰিছিল। তেওঁৰ কবিতাৰ গভীৰ অনুভূতি, সতেজতা আৰু সুন্দৰ প্ৰকাশভংগীৰ স্বীকৃতি হিচাপেই এই সন্মান আগবঢ়োৱা হৈছিল। নিজৰ কবিতাৰ ইংৰাজী ৰূপান্তৰৰ জৰিয়তে ভাৰতীয় সাহিত্য আৰু দৰ্শনক তেওঁ পাশ্চাত্যৰ পাঠকৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছিল।
আনহাতে, ৰবীন্দ্ৰনাথৰ সেই চিঠিখনৰ প্ৰায় চাৰি দশকৰ পাছত, ১৯৫০ চনত, বাৰ্ট্ৰাণ্ড ৰাছেলেও সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল। মানৱীয় আদৰ্শ আৰু চিন্তাৰ স্বাধীনতাক সমৰ্থন কৰা তেওঁৰ লেখাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল। দুয়োগৰাকী চিন্তাবিদৰ জীৱন আৰু কৰ্মৰ মাজত বহু পাৰ্থক্য থাকিলেও মানুহ, জীৱন আৰু সত্যৰ সন্ধানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহে এক উমৈহতীয়া সাঁকো গঢ়ি তুলিছিল।
এশ বছৰৰো অধিক পুৰণি এখন চিঠিয়ে আজি পুনৰ সোঁৱৰাই দিছে যে জ্ঞান আৰু দৰ্শনৰ কোনো ভৌগোলিক সীমা নাই। ভাৰতীয় উপনিষদৰ এক শ্লোকৰ পৰা আৰম্ভ হোৱা এই আলোচনা দুগৰাকী ন’বেল বঁটাপ্ৰাপকৰ চিন্তাৰ মাজত এক অৰ্থপূৰ্ণ সংযোগৰ নিদৰ্শন হৈ ৰৈছে। সময় সলনি হৈছে, প্ৰজন্মৰ পাছত প্ৰজন্ম পাৰ হৈছে, কিন্তু অসীমৰ সন্ধান আৰু ভয়মুক্ত জীৱনৰ প্ৰশ্নবোৰ আজিও সমানেই প্ৰাসংগিক।





