• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাযোগে গৃহ সচিবগৰাকীয়ে এই ক্ষমা প্ৰাৰ্থনা বিচৰাৰ লগতে দিল্লী আৰক্ষীৰ অনুৰোধ মৰ্মেহে ৰাজধানী চহৰখনৰ নিৰ্দিষ্ট এলেকাত সীমিত সময়ৰ বাবে ম’বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল বুলি আদালতক অৱগত কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 15, 2026 3:19 pm
সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে।

সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককৰোচ জনতা পাৰ্টিয়ে ১০ অক্টোবৰত আহ্বান জনোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱাৰ ওপৰত যাতে কোনো ধৰণৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা নহয়, তাৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত ৰুজু হোৱা আদালত অৱমাননাৰ এক গোচৰত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত চৰ্তহীন ক্ষমা প্ৰাৰ্থনা বিচাৰিছে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাযোগে গৃহ সচিবগৰাকীয়ে এই ক্ষমা প্ৰাৰ্থনা বিচৰাৰ লগতে দিল্লী আৰক্ষীৰ অনুৰোধ মৰ্মেহে ৰাজধানী চহৰখনৰ নিৰ্দিষ্ট এলেকাত সীমিত সময়ৰ বাবে ম’বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল বুলি আদালতক অৱগত কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাখনত গোবিন্দ মোহনে উল্লেখ কৰে যে যোৱা ১০ অক্টোবৰৰ নিশা ১০ বজালৈকে এদিনৰ বাবে ম’বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিবলৈ দিল্লী আৰক্ষীৰ ফালৰ পৰা এটা অনুৰোধ লাভ কৰা হৈছিল।

Apply Now

এই সন্দৰ্ভত মোহনে কয়, “ৰাষ্ট্ৰীয় ৰাজধানীত আইন-শৃংখলাজনিত যিকোনো ব্যাঘাত ৰোধ কৰাৰ প্ৰয়োজনীয়তা আৰু পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুৰোধটো আইন অনুসৰি যথাবিহিতভাৱে পৰ্যালোচনা কৰা হৈছিল আৰু ইয়াক এক আনুপাতিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছিল।”

কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ৰাইচিনা হিলৰ চাৰি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যোৱা ৯ অক্টোবৰৰ নিশা ১০ বজাৰ পৰা ১০ অক্টোবৰৰ নিশা ১০ বজালৈকে ম’বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। অৱশ্যে এই নিষেধাজ্ঞা কেৱল ম’বাইল ইণ্টাৰনেট সেৱাতে সীমাবদ্ধ আছিল আৰু ৱাই-ফাই বা ব্ৰডবেণ্ডৰ দৰে অন্যান্য ইণ্টাৰনেট অথবা দূৰসংযোগ সেৱাৰ ক্ষেত্ৰত ই প্রযোজ্য নাছিল বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

শপতনামাখনত গৃহ সচিব মোহনে কয়, “মই বিনীতভাৱে জনাওঁ যে উপযুক্ত পৰিস্থিতিত আইন-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত প্ৰযোজ্য বিধিবদ্ধ সুৰক্ষা ব্যৱস্থাৰ অধীনত এক নিৰ্দিষ্ট ভৌগোলিক এলেকাৰ ভিতৰত সীমিত সময়ৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখাটো এক স্বীকৃতিপ্ৰাপ্ত পদক্ষেপ হিচাপে বিবেচিত হ’ব পাৰে।”

ইয়াৰ লগতে পূৰ্বৰ নিৰ্দেশনা সংশোধনৰ বাবে অনুৰোধ জনাই তেওঁ কয়, “সেয়েহে মই সন্মানেৰে প্ৰাৰ্থনা জনাইছোঁ যে প্ৰয়োজনীয় পৰিস্থিতিত কঠোৰভাৱে আইন অনুসৰি আৰু প্ৰযোজ্য বিধিবদ্ধ চৰ্ত তথা সুৰক্ষা ব্যৱস্থাৰ অধীনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ অনুমতি দিবলৈ এই আদালতে যেন ১১ অক্টোবৰৰ নিজৰ নিৰ্দেশনাটো প্ৰয়োজন অনুসৰি সংশোধন কৰে।”

উল্লেখ্য যে প্ৰতিবাদৰ বাবে দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱাত যাতে কোনো ধৰণৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা নহয়, তাৰ বাবে আদালতে দিয়া নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ তুলি দাখিল কৰা আদালত অৱমাননাৰ আবেদনসমূহ সন্দৰ্ভত যোৱা ১১ অক্টোবৰত সৰ্বোচ্চ ন্যায়ালয়ে কৈছিল যে আবেদনকাৰীসকলে এক প্ৰাথমিক দৃষ্টিত গ্ৰহণযোগ্য গোচৰ উত্থাপন কৰিছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ দ্বাৰা গঠিত বিচাৰপীঠত বৃহস্পতিবাৰে এই সমগ্ৰ বিষয়টোৰ ওপৰত শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰা হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd