উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা যোৱা ১২ অক্টোবৰৰ প্ৰতিবাদী সমদল সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি অন্যান্য প্ৰতিবাদকাৰীসকললৈ জাননী জাৰি কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ দ্বাৰা গঠিত এখন বিচাৰপীঠত হোৱা শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই স্পষ্টভাৱে মন্তব্য কৰে যে ন্যায়পালিকাক কোনেও ভয়-ভাবুকিৰে দমাই ৰাখিব নোৱাৰে। ইয়াৰ লগতে ১২ অক্টোবৰৰ দিনা দেখুওৱা আচৰণৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আদালতে ভৎসনা কৰে আৰু এই সন্দৰ্ভত তেওঁ ব্যাখ্যা আগবঢ়াব লাগিব বুলি নিৰ্দেশ দিয়ে।
যোৱা ১২ অক্টোবৰত প্ৰতিবাদী সমদলৰ পাছত উচ্চতম ন্যায়ালয়ৰ চৌহদৰ ভিতৰত বিৰোধী নেতাসকল আৰু তেওঁলোকৰ সমৰ্থকসকল সমবেত হোৱা ঘটনাক লৈ দাখিল কৰা আবেদনৰ ভিত্তিত এই জাননী জাৰি কৰা হৈছে। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা গৌৰৱ ভাটিয়াই উচ্চতম ন্যায়ালয়ক ৰাজনৈতিক সমদলৰ মাজলৈ টানি অনা কাৰ্যক অগ্ৰহণযোগ্য বুলি অভিহিত কৰে আৰু আদালতক দমাই ৰখাৰ এই অপচেষ্টাক লৈ প্ৰায় ২০০গৰাকী অধিবক্তাই এখন স্মাৰকপত্ৰত স্বাক্ষৰ কৰি উদ্বেগ প্ৰকাশ কৰা বুলি আদালতক অৱগত কৰে। এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত সকলো চি চি টি ভি ফুটেজ আৰু অন্যান্য ডিজিটেল তথ্য-প্ৰমাণ সংৰক্ষণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সমূহ আইন বলবৎকাৰী সংস্থাক নিৰ্দেশ দিয়াৰ লগতে ব্যক্তিগত পক্ষসমূহকো প্রাসংগিক ভিডিঅ’ বা তথ্য আদালতত দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
উল্লেখ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন চমুকৈ এছ আই আৰ প্ৰক্ৰিয়া আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে যোৱা ১২ অক্টোবৰত বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয় অভিমুখে এই সমদল উলিয়াইছিল। ইয়াৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলপতিয়ে এই বিষয়ত স্মাৰকপত্ৰ প্ৰদানৰ বাবে মুখ্য ন্যায়াধীশ সূৰ্য কান্তক সাক্ষাৎ কৰিবলৈ বিচৰা অনুৰোধটো ন্যায়িক মৰ্যাদাৰ পৰিপন্থী বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰত্যাখ্যান কৰিছিল। ১২ অক্টোবৰৰ সমদলটো দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয় চৌহদৰ কিছু নিলগত থকা ভগৱান দাস ৰোডৰ বেৰিকেডত আবদ্ধ কৰিছিল যদিও এখন লেখ আবেদন দাখিল কৰাৰ বাবে বিৰোধী নেতাসকলৰ এটা প্ৰতিনিধি দলক আদালত চৌহদত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।
এই ঘটনাৰ পাছতে চাৰিগৰাকী অধিবক্তাই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ চৌহদৰ ভিতৰত ৰাজনৈতিক প্ৰতিবাদ সম্পূর্ণৰূপে নিষিদ্ধ কৰা আৰু আদালতৰ আশে-পাশে সমদল নিয়ন্ত্ৰণৰ বাবে এক নিৰ্দিষ্ট নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাৰ দাবীত সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। উক্ত আবেদনখনত ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ আচৰণ পৰীক্ষা কৰি প্ৰয়োজন সাপেক্ষে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈও অনুৰোধ জনোৱা হৈছিল।
অন্যহাতে, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াত ব্যাপক হাৰত ভোটাৰৰ নাম কৰ্তন আৰু অনিয়ম হোৱাৰ অভিযোগ তুলি ৰাহুল গান্ধী তথা ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যান্য নেতাসকলে দাখিল কৰা সুকীয়া আবেদনখনৰ ওপৰতো বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে ভোটাৰ তালিকা সংশোধন সম্পৰ্কীয় এই আবেদনসমূহ পূৰ্বৰে পৰা বিচাৰাধীন হৈ থকা মূল গোচৰৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ দিছে আৰু দিল্লীৰ প্ৰতিবাদ তথা জন্তৰ মন্তৰক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা বাদ দিয়া বিষয়টোক লৈও কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে।





