এখন ব্যক্তিগত বিদ্যালয়ৰ চাদ ভাঙি ২৯ জনৰ মৃত্যু ঘটিছে। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ৰাজধানী পেছোৱাৰত এই ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে আৰক্ষী আৰু চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, নিহতসকলৰ ভিতৰত ২৮ জনেই শিক্ষাৰ্থী আৰু এগৰাকী শিক্ষয়িত্ৰী।
মৃত আটাইকেইটা শিশুৰ বয়স ১৩ বছৰৰ কম। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় বাসিন্দা আৰু দুৰ্যোগ সাহায্যকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ধ্বংসাৱশেষৰ তলত আৰু কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু কৰ্মী আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে পেছোৱাৰ অতি জনপূৰ্ণ দিৰ কলনী অঞ্চলৰ ব্যক্তিগত বিদ্যালয়খনৰ চাদখন হঠাতে ভাঙি পৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৪০ জনতকৈ অধিক লোক। আহতসকলক সংকটজনক অৱস্থাত লেডী ৰিডিং হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
চিকিৎসালয়ৰ মুখপাত্ৰ মহম্মদ অসীমে কয় যে সংকটজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসালয়খনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিন্তিত অভিভাৱকসকল বিদ্যালয় চৌহদ আৰু চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰিবলৈ ধৰে।
প্ৰাথমিক মূল্যায়নৰ ভিত্তিত আৰক্ষীয়ে কয় যে ব্যক্তিগত বিদ্যালয় ভৱনটো অতি জৰাজীৰ্ণ আৰু গাঁথনিগতভাৱে দুৰ্বল। কিন্তু উপাযুক্ত আফাক ৱাজিৰে চাদখন ভাঙি যোৱাৰ কাৰণ সঠিকভাৱে জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। একে সময়তে বিদ্যালয়খনৰ স্বত্বাধিকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। জৰুৰীকালীন সেৱা বিভাগৰ প্ৰতিনিধি বিলাল ফাইজীয়ে কয় যে ধ্বংসাৱশেষ আঁতৰাই ভিতৰত আবদ্ধ হৈ থকা শিশুসকলক উলিয়াই অনাৰ কাম চলি আছে।
এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও আহতসকলৰ চিকিৎসাৰ বাবে সকলো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। খাইবাৰ পাখতুনখোৱাৰ ৰাজ্যপাল ফৈছাল কৰিম কুণ্ডীয়েও এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।
উল্লেখ্য যে পাকিস্তানত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ, নিম্নমানৰ নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰ আৰু চৰকাৰী তত্বাৱধানৰ অভাৱৰ বাবে এনে অট্টালিকা ভাঙি পৰাৰ খবৰ প্ৰায়ে চৰ্চালৈ আহে।





