যোৱা ৩০ আগষ্টত ১৩ বছৰীয়া কেৰিয়াৰৰ অন্ত পেলোৱাৰ পিছত এইবাৰ পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিছে প্ৰাক্তন আই এ এছ বিষয়া দিব্যা মিট্টালে। বৃহস্পতিবাৰে তেওঁ নিজৰ ৰাজনৈতিক দল মুকলি কৰাৰ কথা ঘোষণা কৰে। তেওঁৰ ৰাজনৈতিক দলৰ নাম ‘জন-নীতি ভাৰত পাৰ্টি’। দিব্যাই কয় যে এই দলে ২০২৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সক্ৰিয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব।
ছ’চিয়েল মিডিয়া আৰু এক্স হেণ্ডেলত ভিডিঅ’ পোষ্ট কৰি মিট্টালে নিজৰ ৰাজনৈতিক দলৰ তিনিটা প্ৰতিশ্ৰুতিৰ কথা ঘোষণা কৰে। জনকল্যাণমূলক নীতি, প্ৰয়োজনভিত্তিক সিদ্ধান্ত গ্ৰহণ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা।
পোষ্টটোৰ কেপচনত দিব্যাই লিখিছে, ‘মই নিজাকৈ ৰাজনৈতিক দল গঠন কৰিছো। ২০২৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছো।’
প্রথম প্রতিশ্রুতিত মিট্টালে কয়, ‘নীতি নির্ধাৰণৰ কেন্দ্রত জনসাধাৰণেই থাকিব৷ যিকোনো নীতি প্ৰণয়নত নিজৰ মতামত দিয়াৰ সুযোগো পাব। যাৰ মূল মূলমন্ত্ৰ হ’ব ‘জনতাই প্ৰস্তুত কৰা নীতি, ভাৰত গঢ়াৰ নীতি’ (জন চে নীতি, নীতি চে ভাৰত)।’
দ্বিতীয়টো প্ৰতিশ্ৰুতি হ’ল সকলো সিদ্ধান্ত প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি লোৱা হ’ব। ‘প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমতা’ (জৰুৰত চে ফইছলা, ফইছলে মে বাৰাবাৰী)।
তৃতীয়টো প্ৰতিশ্ৰুতি হ’ল, ‘ৰাইজৰ প্ৰতি দায়বদ্ধতা। সেয়ে ৰাইজৰ প্ৰতি সদায় স্বচ্ছ হৈ থাকিব লাগিব। দায়বদ্ধতাৰ বাবে সাজু থাকিব লাগিব।’ মন্ত্ৰ হ’ব, ‘জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা, দায়বদ্ধতাৰ জৰিয়তে সংস্কাৰ’ (জনতা কো হিচাপ, হিছাপ চে সুধাৰ)।
হাৰিয়ানাৰ ৰেৱাৰীৰ বাসিন্দা দিব্যা মিট্টাল (৪৩)। আই আই টি দিল্লী আৰু আই আই এম বেংগালুৰুত অধ্যয়ন সমাপ্ত কৰি এম বি এ কৰে। ইয়াৰ পিছত লণ্ডনত কাম কৰিবলৈ আৰম্ভ কৰে আৰু পিছত ভাৰতলৈ আহি ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতি চলায়। ২০১৩ চনত ৬৮ ৰেংক লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আই এ এছত যোগদান কৰে।
যোৱা মাহত দিব্যাই পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিব বুলি এটা ভিডিঅ’ পোষ্ট কৰিছিল। উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ প্ৰয়োজন আৰু সুবিধাৰ কথা মনত ৰাখি তেওঁ কাম কৰিব।
তেওঁ লিখিছিল, “মই ৰাজনীতি কৰিম, কিন্তু মই কোনো দলৰ সহায়ত ৰাজনীতিত যোগদান নকৰো, ৰাইজৰ বাবে ৰাজনীতি কৰিম।” ইয়াৰ লগতে মিট্টালে সেই পোষ্টটোত তেওঁৰ ফোন নম্বৰ আৰু হোৱাটছএপৰ সবিশেষও দিছিল যাতে তেওঁৰ এই পদক্ষেপ দেখি মানুহে তেওঁৰ লগত যোগ দিব পাৰে।
আই এ এছৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে মিট্টালৰ ৰাজনৈতিক পৰিকল্পনাক লৈ জল্পনা-কল্পনা আৰম্ভ হয়। সেই সময়ত তেওঁ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে মুখ মেলিব বিচৰা নাছিল। তেওঁ কৈছিল, “মই সঠিক সময়ত কথা পাতিম।”
मेरा राजनीतिक सफर का अगला कदम। मेरे साथ जुड़ें 🙏🙏 https://t.co/c9ihA3dxOB
— Divya Mittal (@divyamittal_IAS) October 15, 2026
শেহতীয়া পোষ্টটোৰ পৰা এতিয়া স্পষ্ট হৈ পৰিছে যে তেওঁ এটা প্ৰতিষ্ঠিত ৰাজনৈতিক দলত যোগদান কৰাৰ পৰিৱৰ্তে নিজেই ৰাজনৈতিক দল গঠন কৰিব বিচাৰে। ৰাইজৰ সৈতে সংযোগ স্থাপন কৰি কাম কৰিব বিচাৰিছে দিব্যা মিট্টালে।





