• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2026 6:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ ভাইজান ছলমান খানৰ বিয়াক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। জনপ্ৰিয় টেলিভিছন অনুষ্ঠান ‘কফি উইথ কৰণ’ৰ শেহতীয়া ছিজনৰ প্ৰথম খণ্ডতে পোহৰলৈ আহিল বহু নজনা কথা। অনুষ্ঠানটোৰ সঞ্চালক কৰণ জোহৰৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত ছলমানৰ মন্তব্যই যেনেকৈ দৰ্শকৰ মাজত কৌতূহল বঢ়াইছে, তেনেকৈ অভিনেতা সঞ্জয় দত্তৰ এটা বিশেষ ভিডিঅ’ বাৰ্তায়ো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছলমান খানৰ ঘনিষ্ঠ বন্ধু তথা অভিনেত্ৰী কৰিশ্মা কাপুৰেও অনুষ্ঠানটোত ভাইজানৰ জীৱনৰ বহু নজনা কথা প্ৰকাশ কৰে।

ছলমান খানৰ প্ৰায় সাৰে তিনি দশকৰ অভিনয় জীৱনৰ সৈতে জড়িত বহু অভিনেতা আৰু ঘনিষ্ঠ লোকৰ বাৰ্তা অনুষ্ঠানটোত দেখুওৱা হয়। ইয়াৰ ভিতৰত বিশেষভাৱে চৰ্চালৈ আহে সঞ্জয় দত্তৰ ভিডিঅ’ বাৰ্তা। ছলমানৰ সৈতে থকা পুৰণি সম্পৰ্কৰ কথা স্মৰণ কৰি সঞ্জয়ে কয়, “মই তেওঁক ‘ভাইজ’ বুলি মাতোঁ। হাই ভাইজ, কেনে আছা? মই যেতিয়া ছলমানৰ পিতৃ চেলিম খানক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া ছলমানক শৰীৰচৰ্চা কৰি থকা দেখিছিলোঁ। তেতিয়াৰ পৰাই আমাৰ মাজত এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। আচলতে ভাইজান আৰু মই, দুয়ো এই মনোৰঞ্জন জগতৰ ‘বেড বয়’।”

Apply Now

কেৱল পুৰণি স্মৃতি ৰোমন্থন কৰিয়েই ক্ষান্ত নাথাকিল সঞ্জয় দত্ত। ষাঠি বছৰ পাৰ কৰা ছলমান খানক এইবাৰ বিয়া কৰাই সংসাৰ আৰম্ভ কৰিবলৈও পৰামৰ্শ দিলে তেওঁ। ছলমানৰ প্ৰতি থকা মৰম আৰু আন্তৰিকতা প্ৰকাশ কৰি সঞ্জয়ে কয়, “ছলমানে শিশুক বৰ ভাল পায়। আমি সকলোৱে অন্তৰৰ পৰা বিচাৰোঁ, তেওঁ এইবাৰ জীৱনত থিতাপি লওক। তেওঁৰো এটা সন্তান হওক আৰু আমাৰ কোলাতো এটা সৰু ছলমানে খেলি ফুৰক। ভাইজ, আমাক অন্ততঃ এটা সন্তান দিয়া! সঁচা কথা ক’বলৈ গ’লে, বিয়াৰ পিছত মানুহ এক বিশেষ বান্ধোনত বান্ধ খাই পৰে। আমাৰ দৰে বিবাহিত লোকসকলো কোনো নহয় কোনো প্ৰকাৰে সেই বান্ধোনৰ মাজতে আছোঁ। তথাপি মই সদায় তোমাক লৈ গৰ্ব অনুভৱ কৰিম আৰু তোমাক বহুত ভাল পাওঁ।”

সঞ্জয় দত্তৰ এই বাৰ্তাই অনুষ্ঠানটোত আৱেগিক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ছলমানৰ সৈতে জড়িত এটা বিপদজনক অভিজ্ঞতাৰ কথাও পোহৰলৈ আনে। ‘দছ’ ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত ছলমানে কেনেদৰে তেওঁক বিপদৰ পৰা ৰক্ষা কৰিছিল, সেই কথা স্মৰণ কৰে সঞ্জয়ে।

সঞ্জয়ে জনোৱা মতে, ছবিখনৰ এটা দৃশ্যত তেওঁলোকক হেলিকপ্টাৰৰ সৈতে বান্ধি ৰখা হৈছিল। পৰিকল্পনা অনুসৰি, হেলিকপ্টাৰখন ওপৰলৈ উঠি পুনৰ পানীৰ ফালে নামি আহিব লাগিছিল। দৃশ্যটোত সঞ্জয় হেলিকপ্টাৰৰ বাহিৰত ওলমি আছিল আৰু ছলমানো আধা অংশ বাহিৰত আছিল। কিন্তু পানীৰ ওচৰ পোৱাৰ সময়তে সঞ্জয়ে অনুভৱ কৰে যে তেওঁৰ শৰীৰত থকা সুৰক্ষাৰ সঁজুলিবোৰ লাহে লাহে ঢিলা হৈ আহিছে। তেতিয়া ভয়তে তেওঁ ছলমানক চিঞৰি কয়, “ভাইজান, তোমাৰ ভৰিখন দিয়া চোন!”

সঞ্জয়ে কয় যে ছলমানৰ ভৰি শক্তিশালীভাৱে খামুচি ধৰি তেওঁ কোনো মতে বিপদৰ পৰা ৰক্ষা পৰিছিল। সেই মুহূৰ্তত তেওঁ যথেষ্ট ভয় খাইছিল যদিও আজি সেই ঘটনাৰ কথা মনত পেলালে তেওঁৰ হাঁহি উঠে। ছলমান খানৰ সৈতে থকা বন্ধুত্বৰ গভীৰতা আৰু সঞ্জয় দত্তৰ এই পুৰণি স্মৃতিয়ে ‘কফি উইথ কৰণ’ৰ এই খণ্ডটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd