ভোট চুৰি আৰু ভোটাৰ তালিকাৰ পৰা বৈধ ভোটাৰৰ নাম বাদ পৰাক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে সৰৱ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে ভাৰতীয় নিৰ্বাচন আয়োগে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিৰোধীৰ এই উত্তাল প্ৰতিবাদ আৰু উদ্বেগৰ মাজতেই দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকা সংশোধন আৰু নতুন নাম অন্তৰ্ভুক্তিৰ বাবে এক বিশেষ সংক্ষিপ্ত সংশোধন বা চমুকৈ এছ এছ আৰ কাৰ্যসূচী ৰূপায়ণৰ নিৰ্দেশ দিয়া হৈছে। মূলত যোগ্য ব্যক্তি আৰু নতুন প্ৰজন্মৰ ভোটাৰসকলক সামৰি ভোটাৰ তালিকাখন অধিক নিখুঁত কৰাই হৈছে নিৰ্বাচন আয়োগৰ এই নতুন পদক্ষেপৰ মূল উদ্দেশ্য।
ভাৰতীয় নিৰ্বাচন আয়োগে ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ২১ নম্বৰ ধাৰা অনুসৰি এই বিশেষ সংশোধন কাৰ্যসূচী পৰিচালনা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ১৮ বছৰ সম্পূৰ্ণ কৰা ন-ভোটাৰ, এতিয়ালৈকে নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তি আৰু যুৱ প্ৰজন্মক তালিকাভুক্ত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি একাধিক স্থানত নাম থকা ভোটাৰ বা মৃত ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি সম্পূৰ্ণ শুদ্ধ আৰু তথ্যভিত্তিক তালিকা প্ৰস্তুত কৰাত আয়োগে বিশেষ গুৰুত্ব আৰোপ কৰিছে।
এই নতুন সংশোধনী কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ হ’বলগীয়া ১৭খন ৰাজ্যৰ ভিতৰত পশ্চিম বংগ, উত্তৰ প্ৰদেশ, পঞ্জাব, বিহাৰ আৰু তামিলনাডুৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহো অন্তৰ্ভুক্ত হৈ আছে। যিবোৰ ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত বৰ্তমান বিশেষ নিৰীক্ষণ প্ৰক্ৰিয়া চলি আছে বা শেহতীয়াকৈ সমাপ্ত হৈছে, সেইবোৰ স্থানত এই কাৰ্যসূচীৰ বাবে নতুন সূচী পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি আয়োগে স্পষ্ট কৰি দিছে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে ২০২৭ চনৰ ১ জানুৱাৰীক অৰ্হতা নিৰ্ধাৰণৰ মূল দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই সময়সূচী অনুসৰি চলিত বৰ্ষৰ ১২ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু সমগ্ৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত ২০২৭ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু পঞ্জাবত ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা হেতুকে তাৰ পূৰ্বেই এই কাম সম্পূৰ্ণ কৰিবলৈ আয়োগে তত্পৰতা প্ৰদৰ্শন কৰিছে।
উল্লেখ্য যে শেহতীয়াকৈ বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। প্ৰক্ৰিয়াৰ সময়ত আবেদনকাৰীয়ে প্ৰপত্ৰ-৬ ৰ সৈতে এটা অতিৰিক্ত ঘোষণাপত্ৰ জমা দিবলগীয়া নিয়মক লৈ বিৰোধী পক্ষ অতিশয় অসন্তুষ্ট হৈ পৰিছিল। অভিযোগ অনুসৰি এই ঘোষণাপত্ৰত আবেদনকাৰীয়ে তেওঁলোকৰ পিতৃ-মাতৃৰ তথ্য প্ৰায় ২০ বছৰ পুৰণি ভোটাৰ তালিকাৰ সৈতে মিলাই প্ৰমাণ কৰিবলগীয়া হৈছিল। ইয়াকে লৈ ইণ্ডিয়া মৰ্চাৰ শৰীক দলসমূহ আৰু অন্যান্য সংগঠনসমূহে ভোট চুৰিৰ অভিযোগ তুলি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজপথলৈ উলিয়ায়। কিন্তু এই সকলো ৰাজনৈতিক বিতৰ্ক আৰু উত্তাল পৰিস্থিতিৰ মাজতো নিৰ্বাচন আয়োগে নিজৰ সিদ্ধান্তত অটল থাকি গণতান্ত্ৰিক প্ৰক্ৰিয়া সংশোধনৰ দিশত এই গুৰুত্বপূৰ্ণ খোজটো আগবঢ়ালে।





