জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দুজন অভিযুক্তই এটাৰ পাছত আনটো জামিন লাভ কৰাৰ পাছতে ন্যায়ৰ দাবীত পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণৰ বাবে ৰাজহুৱা সভাৰ আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু দৃশ্যশিল্পী মাৰ্শ্বেল বৰুৱাই।
শুকুৰবাৰে, ১৬ অক্টোবৰত দুয়োগৰাকীয়ে জনসাধাৰণক শনিবাৰে, ১৭ অক্টোবৰত দুপৰীয়া ১২ বজাত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত থাকিবলৈ আহ্বান জনায়।
এই সভাৰ কথা ঘোষণা কৰি মাৰ্শ্বেল বৰুৱাই প্ৰশ্ন কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এগৰাকী অভিযুক্তই জামিন লাভ কৰাৰ পাছত বাকী অভিযুক্তসকলেও জামিন লাভ কৰিব নেকি। তেওঁ কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত অমৃতপ্ৰভাই জামিন লাভ কৰিছে। আন অভিযুক্তসকলেও জামিন লাভ কৰিব নেকি? এই বিষয়টো আলোচনা কৰি আমি পৰৱৰ্তী সময়ত কি কৰা উচিত, সেয়া নিৰ্ধাৰণ কৰিবলৈ কাইলৈ ১৭ অক্টোবৰত দুপৰীয়া ১২ বজাত আমি সকলোৱে জুবিন ক্ষেত্ৰত একত্ৰিত হ’ম। সমগ্ৰ বিষয়টোৰ ওপৰত আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ ঠিক কৰিবলৈ মই সকলোকে সভালৈ আহিবলৈ আহ্বান জনাইছোঁ। জয় জুবিন দা।”
ইফালে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও সামাজিক মাধ্যমৰ জৰিয়তে একে আহ্বান জনায়। তেওঁ কয়, “কাইলৈ ১৭ অক্টোবৰত দুপৰীয়া ১২ বজাত জুবিন দাৰ ন্যায়ৰ বিষয়টোক লৈ আপোনালোক সকলোৰে সৈতে জুবিন ক্ষেত্ৰত মিলিত হ’ব বিচাৰিছোঁ। সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনালোঁ।”
উল্লেখ্য যে কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তই শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল। আনহাতে, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গে শুকুৰবাৰে জামিন লাভ কৰে। দুয়োগৰাকীয়ে যোৱা জানুৱাৰী মাহত জামিনৰ বাবে আবেদন জনাইছিল।
বিশেষ তদন্তকাৰী দলে দাখিল কৰা অভিযোগনামাত মুঠ সাতজন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে। ইয়াৰে সন্দীপন গাৰ্গৰ বিৰুদ্ধে হত্যাৰ সমপৰ্যায়ৰ নহোৱা দোষজনক নৰহত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। দুজন অভিযুক্তই জামিন লাভ কৰাৰ পাছত গোচৰটোৰ পৰৱৰ্তী গতিপথ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আগবঢ়াবলগীয়া পদক্ষেপ সন্দৰ্ভত শনিবাৰৰ ৰাজহুৱা সভাত আলোচনা হোৱাৰ সম্ভাৱনা আছে।





