দিল্লীত প্ৰতিবাদৰ মাজতে কক্ৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকক প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে সদৌ ভাৰত ছাত্ৰ সন্থা (আইছা)ৰ সভানেত্ৰী নেহা বৰাক শনিবাৰে পুৱাই মুকলি কৰি দিয়ে দিল্লী আৰক্ষীয়ে।
শুকুৰবাৰে দিল্লীৰ কনট প্লেচত আয়োজন কৰা ‘লেৰা দো তিৰংগা’ প্ৰতিবাদী সমদলত অংশ ল’বলৈ যোৱাৰ সময়তে দুয়োকে আৰক্ষীয়ে আটক কৰিছিল।
শান্তি-শৃংখলা ভংগ হোৱাৰ আশংকাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১২৬ আৰু ১৭০ নং ধাৰাৰ অধীনত অভিজিৎ দীপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শনিবাৰে তেওঁক বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে, দিল্লী আৰক্ষী আইনৰ ৬৫ নং ধাৰাৰ অধীনত আটক কৰাৰ সৈতে জড়িত প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত নেহা বৰাক মুকলি কৰি দিয়া হয়। মুকলি হোৱাৰ পাছতে তেওঁ প্ৰতিবাদকাৰীক বিনা কাৰণত আটক কৰি ঘণ্টাৰ পাছত ঘণ্টা থানাত ৰাখি থোৱাৰ অভিযোগ উত্থাপন কৰে। এনে কাৰ্যৰ জৰিয়তে সাধাৰণ মানুহৰ মনত ভয়ৰ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
নেহা বৰাই কয় যে দেশত বহুদিন ধৰি মানুহক উপযুক্ত কাৰণ নোহোৱাকৈ আটক কৰি ৰখাৰ ঘটনা সংঘটিত হৈ আহিছে। বৰ্তমান চলি থকা আন্দোলনতো প্ৰতিদিনে প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু পিছদিনা পুৱা বা সন্ধিয়া মুকলি কৰি দিয়া হৈছে। এনে ঘটনাই আৰক্ষীৰ পদক্ষেপৰ উদ্দেশ্য আৰু সাধাৰণ নাগৰিকৰ মাজত ভয় বিয়পোৱাৰ প্ৰচেষ্টাক স্পষ্ট কৰিছে বুলি তেওঁ অভিযোগ কৰে।
লগতে অভিজিৎ দীপকসহ আটকাধীন আন প্ৰতিবাদকাৰীসকলকো শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায় নেহা বৰাই। তেওঁ কয় যে ভোটাধিকাৰ আৰু প্ৰশাসনৰ জবাবদিহিতা বিচাৰি প্ৰতিবাদ কৰা লোকসকল সাধাৰণ নাগৰিক। তেওঁলোকক নিশাটোৰ বাবে থানাত আবদ্ধ কৰি ৰখাৰ কোনো যুক্তি নাই।
আনহাতে, অভিজিৎ দীপকৰ অৱস্থানক লৈ উদ্বেগ প্ৰকাশ কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে। দলটোৰ আইনী শাখাৰ মুৰব্বী ৰত্না সিঙে অভিযোগ কৰিছে যে অভিজিৎক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁক ক’ত ৰখা হৈছে, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোৱা নাই। আনকি অধিবক্তাসকলেও তেওঁৰ সৈতে সাক্ষাৎ কৰিব পৰা নাই বুলি তেওঁ সামাজিক মাধ্যম ‘এক্স’ত উল্লেখ কৰে।
উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিৰোধী দল, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ বিভিন্ন সংগঠনে। নিৰ্বাচনী তালিকাত অনিয়ম আৰু নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ এই প্ৰতিবাদ গঢ় লৈ উঠিছে। শুকুৰবাৰে ‘লেৰা দো তিৰংগা’ সমদলত অংশ ল’বলৈ যোৱাৰ সময়তে অভিজিৎ দীপক আৰু নেহা বৰাক আটক কৰাৰ পাছত দুয়োটা সংগঠনে তেওঁলোকৰ অৱস্থান আৰু অধিবক্তাৰ সৈতে যোগাযোগৰ সুবিধাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।





