ৰে’লযাত্ৰাৰ সময়ত ম’বাইল ফোনত উচ্চ স্বৰত গান শুনা বা কথা পতা কাৰ্যই এতিয়া যাত্ৰীৰ বাবে আইনী বিপদ মাতিব পাৰে। সহযাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ ৰে’লৱেই ৰে’লৰ ডবা আৰু আস্থানসমূহত ডাঙৰকৈ গান বা অডিঅ’ বজোৱাৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিয়ম উলংঘা কৰিলে যাত্ৰীয়ে প্ৰথম অৱস্থাত ১,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব আৰু একেটা ভুলৰ পুনৰাবৃত্তি কৰিলে ছমাহ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ৫,০০০ টকাৰ জৰিমনা বিহাৰ বিধান ৰখা হৈছে। যাত্ৰীসকলক ইয়াৰফোন ব্যৱহাৰ কৰিবলৈ আৰু আনৰ আৰামৰ প্ৰতি সন্মান জনাবলৈ ৰে’ল কৰ্তৃপক্ষই আহ্বান জনাইছে।
চেন্নাইস্থিত দক্ষিণ ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এখন পত্ৰত উল্লেখ কৰা হৈছে যে ৰে’ল আৰু ষ্টেচনত উচ্চ স্বৰত বজোৱা অডিঅ’ই আন যাত্ৰীসকলৰ যাত্ৰা আৰু বিশ্ৰামত ব্যাঘাত জন্মায়। এই সন্দৰ্ভত ২০১২ চনৰ ২৩ জুলাইত ৰে’লৱে ব’ৰ্ডে জাৰি কৰা নিৰ্দেশনাৰ প্ৰসংগও পত্ৰখনত উল্লেখ কৰা হৈছে। উক্ত নিৰ্দেশনাত যাত্ৰীসকলক ম’বাইল ফোন ছাইলেন্ট বা ভাইব্ৰেচন ম’ডত ৰাখিবলৈ, ৰিংট’নৰ শব্দ কমাই ৰাখিবলৈ আৰু ডাঙৰকৈ কথা নাপাতিবলৈ পৰামৰ্শ দিয়া হৈছিল। শেহতীয়াকৈ ম’বাইল ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে ফোনৰ স্পীকাৰত ডাঙৰকৈ ভিডিঅ’ বা গান চলোৱাটো কৰ্তৃপক্ষৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
ৰে’লৱেৰ এই নিৰ্দেশনাটো ‘জন বিশ্বাস আইন, ২০২৬’ৰ দ্বাৰা সংশোধিত ৰে’লৱে আইনৰ ১৪৫ ধাৰাৰ অধীনত জাৰি কৰা হৈছে। এই ধাৰা অনুসৰি ৰে’লৱেৰ চৌহদত কোনো যাত্ৰীয়ে বিশৃংখলতা বা অশালীন আচৰণ কৰিলে প্ৰথম অৱস্থাত এজন ৰে’ল কৰ্মচাৰীয়ে তেওঁক বাহিৰ কৰি দিব পাৰে আৰু টিকট বাজেয়াপ্ত কৰাৰ লগতে ১,০০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ অধিকাৰ থাকিব। আনহাতে, সতৰ্কবাণীৰ পাছতো যদি যাত্ৰীগৰাকীয়ে একেটা আচৰণৰ পুনৰাবৃত্তি কৰে, তেন্তে তেওঁক ছমাহ পৰ্যন্ত সাধাৰণ কাৰাদণ্ড বা ৫,০০০ টকাৰ জৰিমনা, অথবা দুয়োটা দণ্ড একেলগে বিহা হ’ব পাৰে। টিকট পৰীক্ষকৰ সমপৰ্যায়ৰ বা তাতকৈ উচ্চ পদবীৰ বাণিজ্যিক কৰ্মচাৰীয়ে এই জৰিমনা বিহিব পাৰিব। অৱশ্যে প্ৰতিটো ক্ষেত্ৰতেই পোণপটীয়াকৈ কাৰাদণ্ড বিহা নহ’ব আৰু সমগ্ৰ ব্যৱস্থাটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব।
এই নিয়মসমূহ যাত্ৰীসকলক অৱগত কৰাৰ উদ্দেশ্যে দক্ষিণ ৰে’লৱেই ইয়াৰ সকলো সংমণ্ডলক কেতবোৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ষ্টেচন আৰু ৰে’লৰ ভিতৰত থকা ৰাজহুৱা ঘোষণা ব্যৱস্থাৰ জৰিয়তে হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষাত যাত্ৰীসকলক ডাঙৰকৈ গান নবজাবলৈ, উচ্চ স্বৰত কথা নাপাতিবলৈ আৰু ইয়াৰফোন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হ’ব। ইয়াৰ উপৰি ষ্টেচন আৰু ৰে’লৰ ডবাত নিৰ্দেশনাসম্বলিত ফলক আঁৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব। এই সমগ্ৰ নিৰ্দেশনাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ প্ৰতিবেদন অহা ২০ অক্টোবৰ, ২০২৬ ৰ ভিতৰত মুখ্য কাৰ্যালয়ত দাখিল কৰিবলৈ সংমণ্ডলসমূহক কোৱা হৈছে।
দক্ষিণ ৰে’লৱেৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, যাত্ৰীসকলৰ যাত্ৰা শান্তিপূৰ্ণ আৰু আৰামদায়ক কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। বিশেষকৈ দূৰণিবটীয়া যাত্ৰাৰ সময়ত সহযাত্ৰীৰ ম’বাইলৰ উচ্চ স্বৰৰ বাবে বহু যাত্ৰীয়ে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰে’ল কৰ্তৃপক্ষই এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।





