• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

চেনেলটোৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে যদিও সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে গায়িকাগৰাকীয়ে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2026 8:33 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় লোক-গায়িকা নেহা সিং ৰাথোৰে সংবাদ প্ৰতিষ্ঠান ‘এবিপি নিউজ’ৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলৈ প্ৰস্তুতি চলাইছে। গায়িকাগৰাকীৰ অভিযোগ অনুসৰি, চেনেলটোৱে তেওঁৰ নাম আৰু আলোকচিত্ৰ ব্যৱহাৰ কৰি এটা সম্পূৰ্ণ ভুৱা তথা ভিত্তিহীন বাতৰি সম্প্ৰচাৰ কৰিছে, যাৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই। অৱশ্যে বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছত চেনেলটোৱে বাতৰিটো তথ্যগতভাৱে ভুল বুলি স্বীকাৰ কৰি ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যদিও গায়িকাগৰাকীয়ে কয় যে কেৱল ক্ষমা খুজিলেই তেওঁৰ সামাজিক ভাৱমূৰ্তি আৰু সন্মানৰ যি ক্ষতি হ’ল, তাৰ ভৰপোৱা সম্ভৱ নহয়।

 

Apply Now

এই বাতৰিটো প্ৰত্যক্ষ কৰাৰ পাছত অত্যন্ত মানসিকভাৱে ভাগি পৰা নেহাই স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো হোষ্টেলৰ গৰাকী নহয়। গায়িকাগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজস্থানৰ বাৰমেৰ জিলাত দুবছৰ পূৰ্বে সংঘটিত হোৱা এটা পুৰণি ঘটনাৰ ভিডিঅ’ত উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ নাম সংযোগ কৰি দিয়া হৈছে। তদুপৰি বাতৰিটোত ব্যৱহাৰ কৰা ফটোখন ইয়াৰ পূৰ্বে এবিপি নিউজে তেওঁক অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ সময়ত নিজেই তুলিছিল। ইউটিউবত হঠাৎ এই ভিডিঅ’টো দেখা পোৱাৰ পাছত তেওঁ অত্যন্ত স্তম্ভিত হৈ পৰিছিল আৰু চকুলো টুকিবলগীয়া হৈছিল বুলি উল্লেখ কৰি কয় যে এই কঠিন সময়ত স্বামী আৰু পৰিয়ালে তেওঁক মানসিক সাহস যোগাইছে।

 

চেনেলটোৰ সম্পাদকীয় দায়িত্ববোধক লৈ প্ৰশ্ন উত্থাপন কৰি নেহাই অভিযোগ কৰে যে বাতৰিটো সম্প্ৰচাৰ কৰাৰ পূৰ্বে চেনেলটোৱে তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাছিল। এবিপি নেটৱৰ্কৰ কাৰ্যবাহী উপ-সভাপতি ৰজনীশ আহুজাৰ ওচৰত তেওঁৰ ফোন নম্বৰ থকাৰ পাছতো সত্যাসত্য নিৰূপণ নকৰাকৈয়ে বাতৰিটো প্ৰচাৰ কৰা হয়। গায়িকাগৰাকীয়ে ইয়াক এক সাধাৰণ ‘টাইপ’ এৰৰ’ বা সাংবাদিকতাৰ ভুল বুলি মানি ল’বলৈ অস্বীকাৰ কৰি ইয়াক ‘চুপাৰি সাংবাদিকতা’ বুলি অভিহিত কৰে। ইণ্টাৰনেটত এই ভুৱা বাতৰিৰ স্ক্ৰীণশ্বটসমূহ সদায় থাকি যাব আৰু ভৱিষ্যতে আই টি চেল তথা ৰাজনৈতিক বিৰোধীসকলে তেওঁক চৰিত্ৰহনন তথা ট্ৰ’ল কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব বুলি তেওঁ শংকা প্ৰকাশ কৰে। ৰাজনৈতিক বিষয়সমূহত তেওঁ মুকলিকৈ মতামত প্ৰকাশ কৰাৰ বাবেই এনে ষড়যন্ত্ৰ ৰচনা কৰা হ’ব পাৰে বুলিও তেওঁ সন্দেহ ব্যক্ত কৰে।

 

ইফালে, সমগ্ৰ ঘটনাটোৱে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত ১৯ অক্টোবৰত ৰাষ্ট্ৰীয় মহিলা আয়োগে নিজাববীয়াকৈ বিষয়টোত হস্তক্ষেপ কৰে। আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক সংশ্লিষ্ট নিয়ামক সংস্থাসমূহৰ জৰিয়তে সময় নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে আৰু ১৫ দিনৰ ভিতৰত ইয়াৰ কাৰ্যকৰী প্ৰতিবেদন বিচাৰিছে। নেহাই নিজেও তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট কৰি সংবাদ চেনেলসমূহৰ ওপৰত মন্ত্ৰালয়ৰ কোনো নিয়ন্ত্ৰণ আছে নে নাই বুলি প্ৰশ্ন উত্থাপন কৰে। আনহাতে, ‘জন সংস্কৃতি মঞ্চ’ নামৰ সংগঠনটোৱেও এই ঘটনাৰ তীব্ৰ গৰিহণা দি চেনেলটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ লগতে কিছু সময়ৰ বাবে চেনেলটোৰ সম্প্ৰচাৰ বন্ধ ৰখাৰ দাবী জনাইছে।

 

এই বিতৰ্কৰ পাছতে এবিপি নিউজে এক আনুষ্ঠানিক বিবৃতি যোগে কয়, “এবিপি নেটৱৰ্কৰ ডিজিটেল প্লেটফৰ্মত লোক-গায়িকা নেহা সিং ৰাঠৌৰ সম্পৰ্কীয় এক বাতৰি সম্প্ৰচাৰ কৰা হৈছিল, যিটো তথ্যৰ ভিত্তিত ভুল বুলি প্ৰমাণিত হৈছে। এই ত্ৰুটিপূৰ্ণ সম্প্ৰচাৰৰ বাবে আমি দুঃখিত আৰু ইয়াৰ বাবে ক্ষমা বিচাৰিছোঁ।” কিন্তু চেনেলটোৰ এই ক্ষমা ভিক্ষাত বাতৰিটো কোনে প্ৰস্তুত কৰিছিল, নেহাৰ নাম আৰু ফটো কি ভিত্তিত ব্যৱহাৰ কৰা হ’ল আৰু ইয়াৰ বাবে কাৰ জবাবদিহিতা নিৰ্ধাৰণ কৰা হৈছে, সেই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই। এই সন্দৰ্ভত চেনেলটোৰ পক্ষ জানিবলৈ কাৰ্যবাহী উপ-সভাপতি ৰজনীশ আহুজাৰ সৈতে হোৱাটছএপযোগে যোগাযোগ কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো উত্তৰ পোৱা হোৱা নাই।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd