দিল্লীৰ তিহাৰ কাৰাগাৰত একেৰাহে সাত দিন বন্দী হৈ থকাৰ পাছত অৱশেষত বুধবাৰে সন্ধিয়া মুকলি আকাশৰ তললৈ আহে ‘ককৰোচ জনতা পাৰ্টী’ৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা। কাৰাগাৰৰ চৌহদৰ পৰা ওলায়েই ‘ইনকিলাব জিন্দাবাদ’ ধ্বনি প্ৰদান কৰি নেতাদ্বয়ে লগে লগেই এখন বাহনেৰে সেই স্থান ত্যাগ কৰে।
বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত নেতাদ্বয়ে নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰা জন্তৰ-মন্তৰত পুনৰ প্ৰতিবাদ নকৰা আৰু শান্তি ভংগ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হয়। তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে দুয়োগৰাকী নেতাক ৫০,০০০ টকাৰ ব্যক্তিগত বণ্ড আৰু ছিউৰিটি বণ্ড জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশ মানি লোৱাৰ পিছতেই বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ দায়িত্বত থকা এচিপি ঋতুৰাজে তেওঁলোকক তিহাৰ জেলৰ পৰা মুকলি কৰাৰ নিৰ্দেশ দিয়ে।
অৱশ্যে দিল্লী আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ ম্যাদ আৰু তিনিদিন বৃদ্ধি কৰিবলৈ আদালতত আৱেদন জনাইছিল। আৰক্ষীৰ যুক্তি আছিল যে নেতাদ্বয়ৰ পূৰ্বৰ আচৰণ আৰু সংবাদ মাধ্যমত দিয়া ভাষ্যৰ প্ৰতি লক্ষ্য ৰাখিলে আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা এতিয়াও আছে। একেধৰণৰ প্ৰতিবাদী কাৰ্যকলাপৰ পৰা বিৰত থকাৰ সন্দৰ্ভত তেওঁলোকে আদালত আৰু সংবাদ মাধ্যমত পৰস্পৰবিৰোধী মন্তব্য কৰা বুলিও আৰক্ষীয়ে আদালতত দাবী কৰিছিল।
উল্লেখযোগ্য যে যোৱা ১৪ অক্টোবৰত শান্তিৰ চৰ্ত ভংগ কৰি জন্তৰ-মন্তৰত প্ৰৱেশ কৰাৰ অপৰাধত দাস আৰু ৰাংকাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯ অক্টোবৰত তেওঁলোকৰ জিম্মাৰ ম্যাদ আৰু দুদিনলৈ বৃদ্ধি কৰা হয়, যাৰ অন্ত পৰে বুধবাৰে। ইয়াৰ পূৰ্বে বুধবাৰে দিনৰ ভাগত দিল্লী উচ্চ ন্যায়ালয়েও এই গোচৰত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি তেওঁলোকক দণ্ডাধীশৰ আদালতৰ সিদ্ধান্তলৈ অপেক্ষা কৰিবলৈ পৰামৰ্শ দিছিল। শান্তি ভংগৰ আশংকাৰ পৰিপ্ৰেক্ষিতত সংসদ মাৰ্গ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১২৬ আৰু ১৭০ ধাৰাৰ অধীনত প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে নেতাদ্বয়ক গ্ৰেপ্তাৰ কৰিছিল।





