• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

আকাশমাৰ্গতে ধ্বংস কৰা ড্ৰোণৰ ধ্বংসাৱশেষ পৰি শ্বায়বাহ তৈলক্ষেত্ৰৰ বাহিৰত অগ্নিকাণ্ড; নিৰাপত্তাজনিত কাৰণত দূতাবাসৰ কৰ্মচাৰীক উভতি যোৱাৰ নিৰ্দেশ আমেৰিকাৰ।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2026 11:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছৌদি আৰবৰ শ্বায়বাহ তৈলক্ষেত্ৰৰ সমীপত ড্ৰোণৰ ধ্বংসাৱশেষে সৃষ্টি কৰা এক অগ্নিকাণ্ডত এজন ভাৰতীয় নাগৰিক আহত হোৱাৰ লগতে দুজন বিদেশী শ্ৰমিক নিহত হৈছে। পাৰস্য উপসাগৰীয় অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নিৰাপত্তাজনিত ভাবুকি আৰু উত্তেজনাৰ মাজতে এই ড্ৰোণ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

 

Apply Now

ছৌদি আৰবৰ শক্তি মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে পুৱা ৰাষ্ট্ৰীয় তেল কোম্পানী ‘ছৌদি আৰামকো’ৰ  পূব প্ৰদেশত থকা শ্বায়বাহ তৈলক্ষেত্ৰৰ এক প্ৰকল্পক লক্ষ্য কৰি অহা এটা ড্ৰোণ আকাশমাৰ্গতে ধ্বংস কৰা হয়। অৱশ্যে ড্ৰোণটোৰ ধ্বংসাৱশেষ প্ৰকল্পটোৰ বাহিৰত থকা ঠিকাদাৰৰ এখন বাহনৰ ওপৰত পৰাৰ ফলত জুইৰ সূত্ৰপাত হয়। এই ঘটনাত এগৰাকী নেপালী আৰু এগৰাকী ফিলিপাইনৰ নাগৰিক নিহত হোৱাৰ বিপৰীতে এজন ভাৰতীয় আৰু এজন পাকিস্তানী নাগৰিক আহত হয়। কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত তৈলক্ষেত্ৰখনৰ স্বাভাৱিক কাম-কাজত কোনো ব্যাঘাত জন্মা নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰিছে। লগতে মন্ত্ৰালয়ৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হৈছে।

 

ইফালে, সমগ্ৰ অঞ্চলটোত বৃদ্ধি পোৱা নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই ছৌদি আৰবকে ধৰি কেইবাখনো দেশৰ পৰা নিজৰ দূতাবাসৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক উভতি যোৱাৰ নিৰ্দেশ দিছে। সংবাদ সংস্থা ‘এছ’চিয়েটেড প্ৰেছ’ৰ এক সূত্ৰ অনুসৰি, ছৌদি আৰবৰ উপৰি সংযুক্ত আৰব এমিৰেটছ, জৰ্ডান, কাটাৰ আৰু বাহৰেইনত থকা আমেৰিকান কূটনীতিবিদসকললৈ একেই প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।

 

সংযুক্ত আৰব এমিৰেটছৰ সীমান্তৰ সমীপত অৱস্থিত শ্বায়বাহ তৈলক্ষেত্ৰত সংঘটিত এই ঘটনাই মধ্যপ্ৰাচ্যৰ শক্তি খণ্ডৰ আন্তঃগাঁথনি আৰু বিদেশী শ্ৰমিকসকলৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ৭ অক্টোবৰতো পূব প্ৰদেশত আৰামকোৰ দ্বাৰা পৰিচালিত এটা প্ৰশাসনিক ভৱনত আক্ৰমণৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd