ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইন ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেটেলাইট ইণ্টাৰনেট সেৱা ষ্টাৰশ্বিল্ডৰ সংযোগ বিঘ্নিত হোৱাৰ লগে লগে ইটোৰ পিছত সিটোকৈ ড্ৰ’নে নিয়ন্ত্ৰণ হেৰুৱাই আকাশৰ পৰা পৰিবলৈ আৰম্ভ কৰে।
ৰাছিয়াৰ সামৰিক ঘাটি, কমাণ্ড পোষ্ট আৰু ইন্ধন যোগান কেন্দ্ৰক লক্ষ্য কৰি লৈছিল ড্ৰ’নসমূহে। কিন্তু তেওঁলোকৰ ভিডিঅ’ সংযোগ হঠাতে বন্ধ হৈ পৰে। ফলত ইউক্ৰেইনৰ সেনাই এক মিলিয়ন ডলাৰতকৈও অধিক মূল্যৰ ড্ৰ’ন হেৰুৱায়। যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৯ কোটি টকা।
পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছিল যে ইউক্ৰেইনৰ কিছুমান সেনা ইউনিটৰ বেছিভাগ ড্ৰ’ন অভিযান প্ৰায় তিনিদিনৰ বাবে বন্ধ কৰি দিবলগীয়া হয়। নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত এই খবৰ প্ৰকাশ পাইছে।
ষ্টাৰশ্বিল্ড হৈছে ইলন মাস্কৰ কোম্পানী স্পেচএক্সে নিৰ্মাণ কৰা ষ্টাৰলিংক ব্যৱস্থাৰ সামৰিক সংস্কৰণ। ইউক্ৰেইনৰ সেনাৰ এটা অংশই এই সেৱা ব্যৱহাৰ কৰি ড্ৰ’ন চলোৱা, যোগাযোগ আৰু যুদ্ধক্ষেত্ৰত নিৰীক্ষণ চলায়। কিন্তু যোৱা সপ্তাহত এই সেৱাৰ ওপৰত নিষেধাজ্ঞাৰ ফলত ড্ৰ’ন চলোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।
ইউক্ৰেইনৰ কমাণ্ডাৰ অলেহে দাবী কৰে যে ৰাছিয়াৰ সামৰিক লক্ষ্যৰ কাষ চাপি যোৱাৰ লগে লগে ড্ৰ’নসমূহৰ ভিডিঅ’ ফিড হঠাতে বন্ধ হৈ যায়। উপগ্ৰহৰ সংযোগ হেৰাই যোৱাৰ ফলত বহু ড্ৰ’নে নিয়ন্ত্ৰণ হেৰুৱাই মাটিত লুটি খাই পৰে।
ইউক্ৰেইনৰ বিষয়াসকলে জনোৱা মতে, প্ৰথম অৱস্থাত ড্ৰ’নে ঘণ্টাত মাত্ৰ ৪০ মাইল বেগত যাত্ৰা কৰি থকাৰ সময়তো সংযোগ হেৰুৱাই পেলাইছিল। যদিও পৰিস্থিতি কিছু উন্নত হৈছে, তথাপিও সেইবোৰে যদি ঘণ্টাত ১০০ মাইলতকৈ অধিক বেগত যাত্ৰা কৰে তেন্তে সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা আছে। অৱশ্যে ইউক্ৰেইনৰ সেনাই দাবী কৰিছে যে পূৰ্বে ষ্টাৰশ্বিল্ড ব্যৱহাৰ কৰি ঘণ্টাত ২৫০ মাইল পৰ্যন্ত বেগত ড্ৰ’ন চলোৱা সম্ভৱ আছিল।
আটাইতকৈ ডাঙৰ চিন্তা হৈছে বায়ু প্ৰতিৰক্ষা। ইউক্ৰেইনে ৰাছিয়াৰ ড্ৰ’নক আটক কৰিবলৈ ব্যৱহাৰ কৰা ইন্টাৰচেপ্টৰ ড্ৰ’নে নিজৰ লক্ষ্যতকৈ বেছি বেগেৰে উৰণ কৰিবলগীয়া হয়। সংযোগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে এই ড্ৰ’নসমূহৰ ফলপ্ৰসূতা হ্ৰাস পাব পাৰে। ইউক্ৰেইনৰ ব্ৰিগেডিয়াৰ জেনেৰেল এণ্ড্ৰি বিলেটস্কিয়ে কয় যে এই নিষেধাজ্ঞাই দেশখনৰ চহৰসমূহৰ নিৰাপত্তা দুৰ্বল কৰি তুলিছে।
এই ঘটনাৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য আছে নেকি তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইউক্ৰেইনে আশংকা কৰিছে যে ৰাছিয়াৰ তেল শোধনাগাৰত আক্ৰমণ কৰিবলৈ কিয়েভৰ ওপৰত চাপ সৃষ্টি কৰিবলৈকে হয়তো এই নিষেধাজ্ঞাসমূহ আৰোপ কৰা হৈছে। ইউক্ৰেইনৰ একাংশ বিষয়াইও সন্দেহ প্ৰকাশ কৰিছে যে ইউক্ৰেইনক ৰাছিয়াৰ সৈতে যুদ্ধ শেষ কৰি আলোচনা কৰিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰা হৈছে।
অৱশ্যে ৱাশ্বিংটনে এই অভিযোগ অস্বীকাৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই পৰিৱৰ্তনৰ নিৰ্দেশ দিয়া নাছিল বুলি দাবী কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই অৱশ্যে স্বীকাৰ কৰে যে ষ্টাৰলিংক সেৱাত সামান্য মন্থৰতা দেখা গৈছে। তেওঁৰ মতে ইতিমধ্যে পৰিস্থিতি স্বাভাৱিক হৈছে।
আনহাতে ইলন মাস্কে কয় যে ষ্টাৰশ্বিল্ড পেন্টাগনৰ নিয়ন্ত্ৰণত আছে। ৰুবিঅ’ৰ মতে, স্পেচএক্সে নিৰ্ধাৰণ কৰে যে ষ্টাৰলিংক আৰু ষ্টাৰশ্বিল্ডত কোনে সেৱা লাভ কৰিব। ফলত নিয়ন্ত্ৰণৰ বিষয়টোত আমেৰিকা প্ৰশাসন আৰু স্পেচএক্সৰ ভূমিকাক লৈ বিতৰ্ক বাঢ়িছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে এই ঘটনাক পৰিকল্পিত পদক্ষেপ বুলি অভিহিত কৰিছে। তেওঁ ষ্টাৰশ্বিল্ড সেৱা, ক্ষেপণাস্ত্ৰ বিৰোধী অস্ত্ৰৰ অভাৱ আৰু ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত সতৰ্কবাণীৰ বিষয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে। অৱশ্যে ইউক্ৰেইনক ইচ্ছাকৃতভাৱে সামৰিক সাহায্যৰ পৰা বঞ্চিত কৰা হোৱা নাই বুলি দাবী কৰিছে আমেৰিকা প্ৰশাসনে।
ইউক্ৰেইনৰ সেনাই আশংকা কৰিছে যে এই কাৰিকৰী সমস্যাৰ খৰচ কেৱল ড্ৰ’নৰ ক্ষতিৰ মাজতে সীমাবদ্ধ নহয়। যদিহে ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে প্ৰতিহত আক্ৰমণৰ গতি লেহেমীয়া হয় তেন্তে যুদ্ধক্ষেত্ৰত ইউক্ৰেইনৰ সৈন্যৰ বাবেও ইয়াৰ বিপদ বৃদ্ধি পাব। ফলত ষ্টাৰশ্বিল্ডৰ বিতৰ্কত এই প্ৰশ্নটোও পুনৰ উত্থাপন হৈছে যে আধুনিক যুদ্ধক্ষেত্ৰত উপগ্ৰহ যোগাযোগৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা কিমান বিপজ্জনক হ’ব পাৰে।





