সেয়া ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছৰ কথা। বিজেপি ২৪০খন আসনত থমকি ৰৈছে। কংগ্ৰেছ এশৰ আশে-পাশে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত বিজেপিয়ে চৰকাৰ গঠনৰ যো-জা কৰিছে। চৰকাৰ গঠন কৰিবলৈ লোৱা বিজেপিৰ মনত তেনে কোনো উৎসাহ, উল্লাস নাই, কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰি বিৰোধীৰ আসনত বহা কংগ্ৰেছ আৰু বিজেপি বিৰোধী দলবোৰৰ মাজত অপাৰ উল্লাস, যেন নিৰ্বাচনত জিকি তেওঁলোকেহে চৰকাৰ কৰিবলৈ ওলাইছে। ঠিক সেই সময়তে ৰাজনীতিৰ হালচাল জনা দিল্লীৰ বন্ধু এজনৰ লগত মই পৰিস্থিতিটোৰ বিষয়ে কথা পাতিছিলোঁ। তেওঁ কৈছিল— “নাই নাই, বিৰোধীয়ে জোৰা-তাপলি মাৰি এতিয়া চৰকাৰ গঠন কৰিব নালাগে। কৰিলেও কিছুদিনৰ পিছত কৌশল কৰি বিজেপিয়ে চৰকাৰ ভাঙি পেলাব। তাতকৈ বিজেপি আৰু মিত্ৰদলৰ মাজত কন্দল লাগি চৰকাৰ বাগৰিলেহে বিৰোধীৰ কাৰণে সুবিধা হ’ব। পিছত অধিক সংগঠিত হে তেওঁলোকে চৰকাৰ গঠনৰ বাবে প্ৰয়াস কৰিব পাৰিব” গ’ল কথা গুচিল। তাৰ পিছত আমি দেখিলোঁ সম্পূৰ্ণ এটি নতুন এক ৰাজনৈতিক দৃশ্যপট। সংখ্যালঘু চৰকাৰ হোৱা সত্ত্বেও তৃতীয়টো কাৰ্যকালত মোদী আৰু বিজেপিৰ কাম-কাজ আগতকৈ বেছিহে আক্ৰমণাত্মক হ’বলৈ ধৰিলে।
পৰৱৰ্তী সময়ত তেওঁলোকে তিনিটা কাম কৰিলে:
(১) নিৰ্বাচন আয়োগৰ জৰিয়তে ভোটৰ জালিয়াতি, তাৰ সবিশেষ দিনৌ সদৰি হৈ আছে।
(২) কুট-কৌশল কৰি ইডি-চিবিআই লগাই বিৰোধীৰ মাজত বিভাজন সৃষ্টি কৰি যিমান পাৰি বিৰোধীক দুৰ্বল কৰা আৰু তাৰ একাংশক নিজৰ ফলীয়া কৰি লোৱা, আৰু সেই প্ৰচেষ্টা এতিয়াও অব্যাহত।
(৩) চৰকাৰী পইচা খৰচ কৰি হিতাধিকাৰী আঁচনিৰ যোগেদি ভোটাৰক আকৰ্ষিত কৰি এখনৰ পিছত এখনকৈ ৰাজ্যিক নিৰ্বাচন জিকিবলৈ আৰম্ভ কৰা।
ইফালে বিৰোধী আৰু কংগ্ৰেছে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সফলতাৰ সোৱাদ লৈ থাকোঁতে কেনেকৈ তেওঁলোকৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ আহিছিল, সেইটো তেওঁলোকে তৰকিবই পৰা নাছিল। ৰাইজ চৰকাৰৰ ওপৰত নাৰাজ, কিন্তু নিৰ্বাচনত জিকে বিজেপি বা এনডিএ।
কি হ’ল কথাটো! সকলোৰে কাৰণে কথাবোৰ জনা-নজনাৰ দোমোজাত! এটাৰ পিছত এটা ইছ্যু আহিছে, গৈছে। বিজেপিয়ে বিভিন্ন চক্ৰান্ত কৰি নিজৰ চৰকাৰৰ ভেটি মজবুত কৰিবলৈ চেষ্টা কৰিছে। ৰাহুল গান্ধীয়ে ইটো কৰিছে, সিটো কৰিছে। নিজৰ পাৰ্টিৰ ওপৰত ভৰসা বাদ দি ৰাইজৰ মাজলৈ ওলাই গৈছে। মাটি কামুৰি লাগি আছে। সংগ্ৰাম কৰি গৈছে। তেনেতে আহিল নীট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো। ৰাহুলে ইছ্যুটো জোৰদাৰভাৱে মানুহৰ মাজলৈ লৈ গৈ আছিল। ঠিক সেই সময়তে আহিল মুখ্য ন্যায়ধীশ সূৰ্যকান্তৰ পইতাচোৰা মন্তব্য। তাৰ পিছৰখিনি ইতিহাস— ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত,পৰিস্থিতি সামান্য স্বাভাৱিক হৈছিল। তেনেতে আহিল ঋতিকা চোপ্ৰাৰ দি ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন। তাৰপিছৰ ঘটনাবোৰ দেখি এনে লাগিছে পৰিস্থিতি যেন লাহে লাহে মোদী-শ্বাহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে । চিৰাগ পাছোৱান অসন্তুষ্ট। ৱাই এছ জগমোহন ৰেড্ডীয়েওচোন কিবা কিবি কৈছে। ইফালে ৰাহুল গান্ধীয়েতো বাজি মাৰিয়ে আছে। এতিয়া নতুনকৈ শুনা কথাটো হৈছে ৰেজিম চেঞ্জ- চৰকাৰ পৰিৱৰ্তন।ক’ব নোৱাৰো কি হ’বলৈ গৈ আছে। সেয়ে, হঠাৎ মোৰ দিল্লীৰ বন্ধুৱে ২০২৪ত কোৱা কথাষাৰ মনত পৰি গ’ল।





