• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত চীনা সেনাৰ সৈতে সংঘাতৰ বিষয়টো উত্থাপন কৰিছে কংগ্ৰেছে। এই বিষয়ত বিৰোধী দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 23, 2026 1:48 pm
ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শত্ৰুজিৎ কাপুৰ। ফটোঃ সংগ্ৰহীত।

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শত্ৰুজিৎ কাপুৰ। ফটোঃ সংগ্ৰহীত।

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ সীমান্তৰ কেইবাটাও স্থানত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘাত চলি আছে। এই চাঞ্চল্যকৰ তথ্য দিছে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শত্ৰুজিৎকাপুৰে। তেওঁৰ বক্তব্যৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অৰুণাচল সীমান্তত চলি থকা সংঘাত চৰকাৰী পৰ্যায়ত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিল। যোৱা কেইমাহমানৰ পৰাই এই অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে।

যোৱা জুলাই মাহৰ পৰাই এই সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে আইটিবিপিৰ ডিজি গৰাকীয়ে। সেই সময়ত চীনৰ সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে অৰুণাচলৰ টাক্সিং অঞ্চলৰ গুৰুত্বপূৰ্ণ টহলদাৰী পইণ্টত প্ৰৱেশ কৰাত বাধা দি থকা বুলি খবৰ পোহৰলৈ আহিছিল।

আইটিবিপিৰ বাৰ্ষিক সন্মিলনত শত্ৰুজিৎ কাপুৰে কয় যে, ‘যোৱা কেইদিনমানত অৰুণাচলৰ কেইবাটাও স্থানত মুখামুখি সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এতিয়াও চলি আছে।’ তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট যে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত ভাৰত আৰু চীনৰ মাজত সামৰিক উত্তেজনা অব্যাহত আছিল। এই সন্মিলনত উপস্থিত আছিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং।

Apply Now

সংঘাতৰ পৰিস্থিতিত আইটিবিপিৰ সাহসী কমাণ্ডোসকলৰ ভূমিকাক প্ৰশংসা কৰে বাহিনীটোৰ ডিজিয়ে। তেওঁ কয়, ‘এই সংঘাতৰ সময়ত নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত সাহসী কমাণ্ডোসকলে অসাধাৰণ ভূমিকা পালন কৰিছে।’ মন কৰিবলগীয়া যে এই কমাণ্ডোসকল বিশেষভাৱে উচ্চ পাৰ্বত্য অঞ্চলত যুদ্ধৰ বাবে প্ৰশিক্ষিত।

বিগত কেইমাহমানৰ পৰা অৰুণাচলৰ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। জুলাই মাহত অৰুণাচলৰ পিপলছ পাৰ্টি (পিপিএ)ৰ এটা তথ্য সন্ধানকাৰী দলে দাবী কৰিছিল যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে টাক্সিং অঞ্চলৰ কিছুমান টহলদাৰী স্থানত ভাৰতীয় সৈন্যৰ প্ৰৱেশত কাৰ্যতঃ বাধা দি আছে। উজনি সুৱনশিৰি জিলাত চীনৰ কাৰ্যকলাপ বৃদ্ধি পোৱা বুলিও দাবী কৰে।

পিপিএ অৰুণাচল প্ৰদেশৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ৰাজ্য বিধানসভাত তেওঁলোকৰ দুজন বিধায়ক আছে। অৱশ্যে চৰকাৰে এই অভিযোগ খাৰিজ কৰিলে। একে সময়তে চৰকাৰে স্পষ্ট কৰি দিয়ে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।

অৰুণাচল সীমান্তত চীনা সেনাৰ সৈতে সংঘাতৰ বিষয়টো উত্থাপন কৰিছে কংগ্ৰেছে। এই বিষয়ত বিৰোধী দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ইণ্ডিয়া টুডেক জনাইছে যে অৰুণাচল প্ৰদেশত চীনে কোনো নতুন এলেকা দখল কৰা নাই। কিন্তু কিছু সীমান্ত অঞ্চলত স্থানীয় বাসিন্দাসকলে চৰণীয়া পথাৰত প্ৰৱেশাধইকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

এইবাৰ আই টি বি পিৰ ডি জিৰ বক্তব্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছে কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণ কৰিছে। দলৰ সাংসদ জয়ৰাম ৰমেশে এক্স হেণ্ডেলত পোষ্ট দি অৰুণাচল সীমান্তৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ লিখিছে যে তথাকথিত বিশ্ব গুৰুজনৰ চীনক নিয়ন্ত্ৰিত ৰেহাই দিয়াৰ নীতি অব্যাহত আছে। আনহাতে, শেহতীয়াকৈ অৰুণাচল প্ৰদেশত পিএলএৰ সৈতে হোৱা মুখামুখি সংঘাতত আইটিবিপিৰ ভূমিকাক প্ৰশংসা কৰিছে বাহিনীটোৰ ডিজিয়ে। কিন্তু এই পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ প্ৰশাসনে বাস্তৱিকতে মৌনতা অৱলম্বন কৰিছে।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি বজাই ৰাখিবলৈ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ ফলাফলৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে জয়ৰাম ৰমেশে। সেইয়া আছিল অৰুণাচল প্ৰদেশৰ এই অঞ্চলৰ সৰ্বোচ্চ সামৰিক সেনাধ্যক্ষ পৰ্য্যায়ত প্ৰথম ফ্লেগ মিটিং।

জয়ৰাম ৰমেশে লগতে দাবী কৰে যে স্থানীয় বাসিন্দাই লাডাখৰ দৰেই অৰুণাচল প্ৰদেশতো টহলদাৰী পইণ্ট হেৰুৱাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জনাইছে। তেওঁ অভিযোগ কৰে যে চীনে এতিয়াও অৰুণাচলৰ বিভিন্ন চহৰৰ নাম সলনি কৰি আছে। ইয়াৰ উপৰিও ৬০ হাজাৰ মেগাৱাট ক্ষমতাৰ এটা বান্ধ নিৰ্মাণ কৰি আছে, যিয়ে ভাৰতৰ পৰিৱেশ ভাৰসাম্য আৰু জল সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

While the self-styled Vishwaguru’s calibrated concessions to China continue, the DG, ITBP, has lauded—and rightly so—its performance in recent face-offs with the PLA in Arunachal Pradesh, on which there has been a deafening silence from the PM and his establishment.

Corps commander talks were held at Wacha and Damai in Arunachal Pradesh last month after the Taksing face-off. Locals had reported that patrolling points had been lost once again, as in Ladakh. China continues to rename our towns in Arunachal Pradesh and is building a 60,000-MW dam that threatens our ecological and water security.

India’s trade deficit with China zoomed even further to a record $112 billion in 2025–26, up from $99 billion the previous year. This has simply crushed our MSMEs in many industries. Make in India has become Import from China. This staggering trade deficit is in itself a very significant threat to our economic security.

India has been paying the price for the PM’s infamous clean chit to China on June 19, 2020, when he said, after 20 of our brave jawans had been martyred: “ना कोई वहाँ हमारी सीमा में घुस आया है और न ही कोई घुसा हुआ है, न ही हमारी कोई पोस्ट किसी दूसरे के कब्ज़े में है।” The retired Chief of Army Staff, Gen. Naravane, has revealed that the only instructions he received while at the helm, when Chinese incursions took place in Ladakh, were: “जो उचित समझो वो करो।”

On July 4, 2025, the Deputy Chief of Army Staff, Lt. Gen. Rahul Singh, had spoken publicly on China’s both intensively and extensively embedded role in Pakistan’s military campaign during our Operation Sindoor. Yet, on August 25, 2026, the retired Chief of Defence Staff, Gen. Anil Chauhan, publicly contradicted Lt. Gen. Rahul Singh’s revelations and, soon thereafter, took over a think tank that is a key part of the RSS/BJP ecosystem.

— Jairam Ramesh (@Jairam_Ramesh) October 23, 2026

মুঠতে ডকলাম আৰু পূব লাডাখৰ সংঘাতৰ পিছত ভাৰত আৰু চীনৰ মাজত নতুন সীমা বিবাদৰ সৃষ্টি হৈছে। এতিয়া দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক উন্নত হোৱাৰ মাজতে অৰুণাচল সীমান্তত উত্তেজনা কিমান বৃদ্ধি পায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুয়োখন দেশে কি পদক্ষেপ লয় তালৈ সকলোৱে দৃষ্টি ৰাখিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

October 23, 2026 1:48 pm
কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

October 23, 2026 12:40 pm
চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

October 23, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

October 23, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd