• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2026 3:03 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰতিটো শীতকালতে গ্ৰহণ কৰা হৈছে বিভিন্ন জৰুৰী ব্যৱস্থা। জাৰি কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। তাৰ পাছতো ৰাজধানী চহৰখনৰ বতাহৰ গুণগত মানৰ স্থায়ী উন্নতি হোৱা নাই। পৰিৱেশ বিষয়ক গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)-ৰ শেহতীয়া বিশ্লেষণত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। সংস্থাটোৰ প্ৰতিবেদনে দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰী ব্যৱস্থাৰ কাৰ্যকাৰিতাক লৈ নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

প্ৰতিবেদন অনুসৰি, বিগত চাৰি বছৰৰ শীতকালৰ তথ্য পৰ্যালোচনা কৰি দেখা গৈছে যে চৰকাৰৰ গ্ৰেডেড ৰেছপন্স একচন প্লেন (গ্ৰেপ) ব্যৱস্থাই বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সুফল দিব পৰা নাই। ২০২২-২৩ চনৰ শীতকালত দিল্লীৰ গড় বায়ুৰ গুণমান সূচকাংক বা একিউআই আছিল ২৮০। কিন্তু ২০২৫-২৬ চনৰ শীতকালত এই সূচকাংক বৃদ্ধি পাই ২৯৫ হয়। ২০১৬ চনৰ পৰা কাৰ্যকৰী হোৱা গ্ৰেপ ব্যৱস্থাই প্ৰদূষণ নিয়ন্ত্ৰণত কিমান সফলতা লাভ কৰিছে, এই পৰিসংখ্যাই সেই প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দিল্লীৰ শীতকালত প্ৰতি পাঁচ দিনৰ ভিতৰত গড়ে চাৰিদিনেই গ্ৰেপৰ দ্বিতীয় পৰ্যায় অথবা তাতকৈ কঠোৰ নিষেধাজ্ঞা বলৱৎ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত ৰাজধানীখনৰ নাগৰিকে বাৰে বাৰে জৰুৰীকালীন ব্যৱস্থাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো পৰিস্থিতিৰ স্থায়ী উন্নতি নোহোৱাটোৱে প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

চি আৰ ই এ-ই বিগত চাৰি বছৰৰ শীতকালত বায়ুৰ গুণমান সূচকাংক গ্ৰেপৰ প্ৰথম অথবা দ্বিতীয় পৰ্যায়ৰ পৰা হঠাতে তৃতীয় অথবা চতুৰ্থ পৰ্যায়লৈ বৃদ্ধি পোৱা ১২টা পৰিস্থিতিৰ বিশ্লেষণ কৰিছে। এই ১২টা ঘটনাৰ ভিতৰত ১০টাতে কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছৰ এসপ্তাহত দিল্লীৰ বায়ুৰ গুণ অধিক অৱনতি ঘটিছিল। বিপৰীতে, মাত্ৰ দুটা ঘটনাতহে কিছু উন্নতি দেখা গৈছিল।

তথ্য অনুসৰি, ২০২৩ চনৰ ২ নৱেম্বৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছত দিল্লীৰ বায়ু প্ৰদূষণৰ অৱস্থা আটাইতকৈ বেছি অৱনতি ঘটিছিল। সেই সময়ত একিউআই ৩১৭ৰ পৰা ১১৪ পইণ্ট বৃদ্ধি পাই ৪৩১ হৈছিল। একেদৰে, ২০২২ চনৰ ২৯ অক্টোবৰত একিউআই ১০০ পইণ্ট বৃদ্ধি পোৱাৰ বিপৰীতে ২০২৫ চনৰ ৩ জানুৱাৰী আৰু ২৮ জানুৱাৰীত ক্ৰমে ৯৪ আৰু ৯২ পইণ্ট বৃদ্ধি পাইছিল।

বিশ্লেষণত দেখা গৈছে যে দিল্লীৰ বায়ু অতি বিপজ্জনক পৰ্যায়ত উপনীত হোৱাৰ পাছত প্ৰশাসনে গ্ৰেপৰ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিলেও পৰৱৰ্তী এসপ্তাহত প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাৰ পৰিৱৰ্তে বহু ক্ষেত্ৰত বৃদ্ধি পাইছে। অৱশ্যে, নিষেধাজ্ঞা জাৰি কৰাৰ বাবেই প্ৰদূষণ বৃদ্ধি পাইছে অথবা এই ব্যৱস্থা গ্ৰহণ নকৰিলেও একেই পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন বুলি নিশ্চিত সিদ্ধান্তত উপনীত হোৱা এতিয়াই উচিত নহয় বুলি গৱেষকসকলে স্পষ্ট কৰিছে।

বিশেষজ্ঞসকলৰ মতে, একিউআইৰ গড় পৰিমাণত স্থায়ী উন্নতি নোহোৱাটোৱেই গ্ৰেপ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ চূড়ান্ত প্ৰমাণ নহয়। তথাপি, প্ৰতি শীতকালতে একেধৰণৰ সংকটৰ পুনৰাবৃত্তি আৰু কঠোৰ নিষেধাজ্ঞাৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণত সফলতা নোপোৱাটোৱে দিল্লীৰ বায়ু প্ৰদূষণৰ মূল কাৰণসমূহ চিনাক্ত কৰি দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাক পুনৰ স্পষ্ট কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm
গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

October 23, 2026 1:48 pm
কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

October 23, 2026 12:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm
গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd