অমিত শ্বাহৰ সৈতে ঘনিষ্ঠতা। সেইবাবেই জ্ঞানেশ কুমাৰক দেশৰ ‘মুখ্য নিৰ্বাচন আয়ুক্ত’ হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীয়ে এক সাক্ষাৎকাৰত এই অভিযোগ কৰে।
তেওঁ দাবী কৰে যে জ্ঞানেশ কুমাৰক এটা সময়ত প্ৰশাসনৰ কোনো গুৰুত্বপূৰ্ণ সচিব পৰ্যায়ৰ পদত নিযুক্তিৰ বাবে যোগ্য বুলি গণ্য কৰা হোৱা নাছিল। কিন্তু পিছত তেওঁকেই মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব দিয়া হয়।
কুৰেশ্বীৰ মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কই জ্ঞানেশক এটা গুৰুত্বপূৰ্ণ পদ লাভ কৰাত সহায় কৰিছে। কুৰেশ্বীয়ে লগতে দাবী কৰে যে জ্ঞানেশ কুমাৰে অমিত শ্বাহৰ অধীনত গৃহ মন্ত্ৰালয়ত কাম কৰিছিল। লগতে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰক্ৰিয়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনকি জ্ঞানেশ কুমাৰ ৰাম মন্দিৰ ন্যাস গঠনৰ কামতো জড়িত আছিল।
সচিব পৰ্যায়ৰ পদৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ পিছতো জ্ঞানেশ কুমাৰক পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হয় বুলি প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
সেই সময়ত অমিত শ্বাহ সেই মন্ত্ৰালয়ৰ দায়িত্বত আছিল। তাৰ পিছত ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনত নতুন আইনৰ আওতাত মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিবলৈ গঠন কৰা বাছনি সমিতিখনত অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলৰ নেতাকো অন্তৰ্ভুক্ত কৰা হৈছিল।




