তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ছামডুং বাইপাছত শনিবাৰে সন্ধিয়া সতেজ চাহপাত কঢ়িয়াই অনা এখন তীব্ৰবেগী বাহন একাধিক বাহনৰ সৈতে সংঘৰ্ষৰ ফলত জুইৰ সূত্ৰপাত ঘটে আৰু কমেও চাৰিজন লোক নিহত আৰু আন দুজন লোক আহত হয়।
তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাই প্ৰাথমিকভাৱে মৃত্যুৰ সংখ্যা নিশ্চিত কৰি কয় যে, “এতিয়ালৈকে আমাৰ হাতত উপলব্ধ প্ৰাথমিক তথ্যত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হোৱাৰ কথা জনা গৈছে। অধিক সবিশেষ নিশ্চিত কৰি থকা হৈছে, পৰিসংখ্যা সলনি হ’ব পাৰে।”
ঘটনা সংঘটিত হোৱাৰ পিছতে ঝাই ততাতৈয়াকৈ দুৰ্ঘটনাস্থলী উপস্থিত হৈ নিৰাপত্তাৰক্ষীৰ সৈতে পৰিস্থিতিৰ তদাৰক কৰে।ইপিনে, জৰুৰীকালীন সেৱাই অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ চেষ্টা কৰে।
অগ্নিকাণ্ডৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি এছ এছ পিয়ে কয় যে ঘটনাৰ সঠিক ক্ৰমৰ বিষয়ে এতিয়াও তদন্ত চলি আছে।
তেওঁ কয়, ‘ঠিক কি হৈছিল তাৰ তদন্ত চলি আছে। আপোনালোকে দেখা পাইছে গাড়ীবোৰত জুই লাগিছে। কাৰিকৰী তদন্তই জুই কেনেকৈ সংঘটিত হ’ল সেই কথা নিশ্চিত কৰিব।’
প্ৰাথমিক খবৰ অনুসৰি সতেজ চাহপাত কঢ়িয়াই অনা এখন তীব্ৰবেগী বাহনে এখন থাৰ বাহন, এখন মটৰ চাইকেল আৰু এজন পথচাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
এই সংঘৰ্ষৰ পিছতে ঘটনাস্থলীত বাহনসমূহ জুইয়ে আগুৰি ধৰে আৰু মটৰ চাইকেলখন সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ পৰে।
প্ৰাথমিক প্ৰতিবেদনত নিহত তিনিজনক সুব্ৰত ভাট, পিন্টু তাঁতী আৰু গণেশ প্ৰজা বুলি চিনাক্ত কৰা হৈছে। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত চতুৰ্থজন মৃত ব্যক্তিৰ পৰিচয় জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ভুক্তভোগীৰ পৰিচয় আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছিল।
অগ্নিনিৰ্বাপক বাহিনীৰ লগতে জৰুৰীকালীন সেৱাই ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰাৰ ফলত শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী জোৱান নিয়োগ কৰা হয়।
সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমাৰ নেতাসকলে এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰি তিনিচুকীয়া জিলা উপায়ুক্ত সুমিত সত্তাৱানক দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।
এটিটিএছএৰ এজন নেতাই কয়, ‘দুঘটনাটোৱে ছামডুং বাইপাছত পথচাৰীৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকে স্থানীয় সংগঠনসমূহক ক্ষুব্ধ কৰি তুলিছে। আমি প্ৰশাসনক পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অতি সোনকালে পথ-সুৰক্ষাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো।’
এই ভয়ংকৰ দুৰ্ঘটনাটোৱে ছামডুং বাইপাছত পথ সুৰক্ষাক লৈ উদ্বেগ পুনৰ বৃদ্ধি কৰিছে। চলিত বৰ্ষত ইয়াত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে, য’ত একাধিক লোকৰ মৃত্যু হৈছে।



