দেশৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ২১টা শীৰ্ষ সংবাদ প্ৰতিষ্ঠানৰ এটা গোট। মুকেশ আম্বানীৰ নেটৱৰ্ক-১৮, গৌতম আদানীৰ এনডিটিভি, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু টাইমছ ইণ্টাৰনেটকে ধৰি অন্যান্য শীৰ্ষ সংবাদ গোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰা ডিজিটেল নিউজ পাব্লিছাৰ্ছ এছ’চিয়েচনে দাখিল কৰা এই গোচৰটোৰ শুনানি মঙলবাৰে গ্ৰহণ কৰা হ’ব। সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ৬৯৮ পৃষ্ঠাজোৰা এই আবেদনখনত অহা ২০২৭ চনৰ মে’ মাহৰ পৰা কাৰ্যকৰী হ’বলগীয়া আইনখনৰ কেতবোৰ বিতৰ্কিত দফা বাতিল কৰাৰ দাবী জনোৱা হৈছে।
আবেদনখনত উল্লেখ কৰা অনুসৰি, যোৱা আগষ্ট মাহত চৰকাৰৰ সৈতে হোৱা এক বৈঠকত এই আইনে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰিব বুলি আশ্বাস দিয়া হৈছিল। কিন্তু ইউৰোপীয় সংঘ, ছিংগাপুৰ আৰু ব্ৰিটেইনৰ দৰে ভাৰতৰ এই আইনখনত সাংবাদিকসকলৰ বাবে কোনো লিখিত ৰেহাই বা সুৰক্ষাৰ ব্যৱস্থা নথকাটো অতি উদ্বেগজনক বুলি ডিজিটেল নিউজ পাব্লিছাৰ্ছ এছ’চিয়েচনে আঙুলিয়াই দিছে। সংস্থাটোৱে যুক্তি দৰ্শাইছে যে এই আইনে অনুসন্ধানমূলক সাংবাদিকতাক এক দন্তহীন আৰু নিস্তেজ ঘটনা লিপিবদ্ধকাৰীলৈ পৰ্যবসিত কৰিব আৰু ইয়াৰ দফাসমূহে প্ৰকাশৰ পূৰ্বে অনুমতি গ্ৰহণ কৰিব লাগিব, যিটো যিকোনো গণতন্ত্ৰৰ বাবেই পৰিপন্থী।
সংবাদ প্ৰতিষ্ঠানসমূহে যুক্তি দৰ্শাইছে যে কোনো সামাজিক মাধ্যম বা অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানে গ্ৰাহকৰ পৰা তথ্য সংগ্ৰহৰ বাবে অনুমতি ল’ব পাৰে; কিন্তু এজন সাংবাদিকে অনুসন্ধান চলাবলৈ যোৱা ব্যক্তিজনৰ পৰা আগতীয়াকৈ অনুমতি বিচাৰিবলগীয়া হ’লে সংশ্লিষ্ট ব্যক্তিজনে তথ্য-প্ৰমাণ নষ্ট কৰাৰ লগতে সাক্ষীক ভীতিগ্ৰস্ত কৰাৰ সুযোগ পাব। তদুপৰি, এই আইন অনুসৰি যিকোনো ব্যক্তিয়ে যিকোনো সময়তে নিজৰ সন্মতি প্ৰত্যাহাৰ কৰি তেওঁলোকৰ তথ্য মচি পেলাবলৈ দাবী জনাব পাৰে। জনস্বাৰ্থৰ বাবে কোনো বিশেষ সুৰক্ষা নথকাৰ ফলত সংবাদ মাধ্যমসমূহে তথ্যভিত্তিক সঁচা বাতৰিও আঁতৰাবলৈ বা ব্যাপকভাৱে সম্পাদনা কৰিবলৈ বাধ্য হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
ইয়াৰ উপৰি, নতুন আইনখনৰ অধীনত গঠিত কেন্দ্ৰীয় কৰ্তৃপক্ষই নিয়ম অমান্য কৰিলে জৰিমনা বিহাৰ লগতে ‘জনস্বাৰ্থ’ৰ দোহাই দি যিকোনো তথ্য নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষমতা লাভ কৰিব। আনহাতে, ২০২৭ বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা যিকোনো সংস্থাক চৰকাৰে বিচৰা তথ্য যোগান ধৰিবলৈ নিৰ্দেশ দিব পাৰিব। ইয়াৰ ফলত সংবাদ প্ৰতিষ্ঠানসমূহে নিজৰ গোপনীয় সূত্ৰ ফাদিল কৰিবলৈ বাধ্য হোৱাৰ লগতে দুৰ্নীতি, কৰ্প’ৰেট অনিয়ম বা নিৰ্বাচনী জালিয়াতিৰ তথ্য ফাদিল কৰা লোকসকল সাংবাদিকক তথ্য দিয়াত নিৰুৎসাহিত হ’ব বুলি আবেদনখনত উল্লেখ কৰিছে।





