ইনষ্টাগ্ৰামত তেওঁৰ লাখ লাখ ফ’ল’ৱাৰ। ইউটিউবত লাখ লাখ চাবস্ক্ৰাইবাৰ। ফেচবুকতো অনুসৰণকাৰীৰ সংখ্যাই দুই লাখৰ সীমা অতিক্ৰম কৰিছে। মুঠতে ছ’চিয়েল মিডিয়াৰ জগতখনত তেওঁৰ ২১ লাখৰো অধিক ‘ফ’ল’ৱাৰ’ আছে। কিন্তু সেই ছ’চিয়েল মিডিয়াৰ ‘তাৰকা’গৰাকীয়ে নিৰ্বাচনত যুঁজ দি মাত্ৰ ৩৩টা ভোটহে লাভ কৰে।
লাইভ হিন্দুস্তানৰ এক প্ৰতিবেদন অনুসৰি ৰাজস্থানৰ যোধপুৰ জিলাৰ ওছিয়ান তহচিলৰ অন্তৰ্গত ইনদোন কি ধানী ২ গ্ৰাম পঞ্চায়ত প্ৰধান পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ইউটিউবাৰ ওমপ্ৰকাশ বিষ্ণোই। আৰু তেওঁ দুৰ্ভাগ্যজনক শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।
প্ৰতিবেদন অনুসৰি সেই পঞ্চায়তত মুঠ ভোটাৰৰ সংখ্যা আছিল প্ৰায় ১৬০০। ছ’চিয়েল মিডিয়াৰ ‘তাৰকা’গৰাকীয়ে তাত মুঠ ৩৩টা ভোটহে লাভ কৰে। যাৰ ইনষ্টাগ্ৰামত ১৪ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। ইউটিউবত ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰায় ৫.৫ লাখ। আৰু ফেচবুকত ২.৩২ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। সেই পৰিস্থিতিত ওমপ্ৰকাশে মাত্ৰ ৩৩টা ভোটহে লাভ কৰাত বহুতে বিশ্বাসেই কৰিব পৰা নাই।
অৱশ্যে বহুতে সেইটোত আচৰিতো হোৱা নাই। তেওঁলোকৰ মতে ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তা আৰু বেলট বক্সৰ মাজত এক বৃহৎ ব্যৱধান আছে – বাস্তৱত সেই ব্যৱধান আকাশ আৰু পাতালৰ মাজৰ ব্যৱধানৰ দৰেই। নহ’লে নিৰ্বাচনৰ প্ৰয়োজনেই নাথাকিলহেঁতেন। ছ’চিয়েল মিডিয়াত এজন প্ৰাৰ্থী বা কোনো দলৰ ফ’ল’ৱাৰৰ সংখ্যা চাই নিৰ্বাচন হ’লহেঁতেন। ফলত এই মহলে ধাৰণা কৰে যে কেৱল ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি বেলট বাকচৰ সিদ্ধান্ত নহয়।
ছ’চিয়েল মিডিয়াত নিজকে জ্যোতিষী বুলি দাবী কৰিছিল ওমপ্ৰকাশে। সংবাদ মাধ্যম এনডিটিভিৰ এক বাতৰি অনুসৰি তেওঁৰ বাহিৰেও ইনদোন কী ধানী ২ গ্ৰাম পঞ্চায়ত প্ৰধান পদৰ বাবে আৰু দুজন লোকে প্ৰতিদ্বন্দ্বিতা কৰে। তাৰে এজন শিক্ষক আছিল। তেওঁ ৫২৭টা ভোট লাভ কৰে। আনহাতে, বিজয়ী প্ৰাৰ্থীগৰাকীয়ে গাড়ীৰ ব্যৱসায় চলায় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
অৱশ্যে সকলো দৃষ্টি আকৰ্ষণ কৰিছে স্বঘোষিত জ্যোতিষীগৰাকীয়ে। প্রতিবেদন অনুযায়ী তেওঁ দাবী কৰে যে তেওঁ গাঁৱৰ প্রতিটো শিশুৰ শিক্ষা সুনিশ্চিত কৰা, অসহায় জীৱ-জন্তুৰ যত্ন লোৱা আৰু চৰকাৰী আঁচনিৰ সুবিধা ৰাইজক প্রদান কৰাৰ লক্ষ্যৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল৷
স্বঘোষিত জ্যোতিষীজনেও দাবী কৰে যে তেওঁ এটা গোশালা চলায়। তেওঁৰ দাবী যে সেই গোশালাত ১৫০০ গৰু আছে। তাৰ বাবে ওমপ্ৰকাশে তেওঁৰ প্ৰায় ৩০ বিঘা মাটি দান কৰিছে।





