মধ্যপ্ৰদেশত গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা ১৯ মহীয়া এটা চিতাৰ ঘটনাৰ তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যোৱা ২৫ অক্টোবৰত কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত বনাঞ্চলৰ বাহিৰত মৰেনাৰ বনাঞ্চলত আহত অৱস্থাত উদ্ধাৰ হৈছিল চিতাটো। নীৰ্ভা নামৰ মাইকী চিতাজনীৰ পোৱালি আছিল এই চিতাটো।
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে প্ৰেৰণ কৰা দলটোত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ (NTCA) বন বিভাগৰ মহাপৰিদৰ্শক, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ (WCCB) অতিৰিক্ত সঞ্চালক আৰু ব্যুৰ’টোৰ আঞ্চলিক উপ-সঞ্চালক আছে।
ঘটনাটোৰ আঁৰৰ কাৰণ জানিবলৈ দলটোৱে বিস্তৃত তদন্ত চলাব। ঘটনাৰ সৈতে জড়িত সকলো প্ৰমাণ পৰীক্ষা কৰাৰ লগতে মধ্যপ্ৰদেশৰ বন বিভাগৰ সৈতে সমন্বয় ৰাখি দোষীৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰাৰ দায়িত্বও দলটোক দিয়া হৈছে।
গুলীবিদ্ধ চিতাটোক উন্নত চিকিৎসাৰ বাবে জবলপুৰৰ এটা পশু চিকিৎসা কেন্দ্ৰলৈ নিয়া হৈছিল। তাত জৰুৰী অস্ত্ৰোপচাৰৰ সময়ত চিতাটোৰ শৰীৰৰ পৰা পাঁচটা গুলীৰ টুকুৰা উদ্ধাৰ কৰা হয়। চিকিৎসা পৰীক্ষাত এই গুলীৰ টুকুৰাবোৰৰ ফলত চিতাটোৰ শৰীৰৰ ভিতৰত একাধিক আঘাতৰ সৃষ্টি হোৱা বুলি নিশ্চিত কৰা হৈছে।
ইফালে, ঘটনাটোৰ তদন্তৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে ইতিমধ্যে বন বিভাগ আৰু আৰক্ষীৰ বিষয়াক লৈ এটা বিশেষ তদন্তকাৰী দল (STF) গঠন কৰিছে। কেন্দ্ৰীয় দলটোৱে ৰাজ্য চৰকাৰৰ এই তদন্তকাৰী ব্যৱস্থাৰ সৈতে সমন্বয় ৰাখি কাম কৰিব।
ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা, নিৰীক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহো কেন্দ্ৰীয় দলটোৱে পৰীক্ষা কৰিব। তদন্তৰ অন্তত দলটোৱে নিজৰ প্ৰতিবেদন আৰু পৰামৰ্শ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ক দাখিল কৰিব। সেই প্ৰতিবেদনৰ ভিত্তিত মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ আৰু ঘটনাস্থলীত দায়িত্বত থকা সংশ্লিষ্ট বিষয়াসকলক পৰৱৰ্তী নিৰ্দেশনা প্ৰদান কৰিব।





