বিবাহ বহিৰ্ভূত প্ৰেমৰ ভয়ানক পৰিণতি। বাটত থকা কাঁইট আঁতৰাবলৈ পত্নীয়ে জিম ট্ৰেইনাৰৰ সহায়ত স্বামীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু কাহিনীটোত এটা নতুন মোৰ আহিল। অভিযুক্ত জিম ট্ৰেইনাৰে যুৱকজনক ঘৰৰ ভিতৰতে উপৰ্যুপৰি ছুৰীৰে আঘাত কৰে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে গাজিয়াবাদত। আৰক্ষীয়ে জনোৱা মতে, ২৬ অক্টোবৰত, বসুন্ধৰা ছেক্টৰ ৱানত ঘটে ঘটনাটো। তেওঁলোক জাগৃতি ৰেচিডেণ্ট ৱেলফেয়াৰ এছ’চিয়েচন ছ’চাইটিত বাস কৰে।
সেইদিনা ৰাতিপুৱা পত্নী আৰু তেওঁৰ জিম ট্ৰেইনাৰে হঠাতে ঘৰত প্ৰৱেশ কৰি যুৱকজনক উপৰ্যুপৰি ছুৰীৰে আঘাত কৰে। এই ঘটনাত দুয়োজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কথমপি ৰক্ষা পৰিছে যুৱকজন।
যুৱকজনৰ নাম শশাংক কান্থাৰিয়া। সেইদিনা ৰাতিপুৱা পত্নী প্ৰিয়া শৰ্মা জিমলৈ যোৱাৰ আগতেই ঘটনাটো সংঘটিত হৈছিল। সেইদিনা ৰাতিপুৱা হঠাৎ ঘৰলৈ আহিছিল অভিযুক্ত জিম প্ৰশিক্ষক প্ৰতাপ সিং। ঘৰত সোমাইয়ে শশাংকক আক্ৰমণ কৰে। চোকা ছুৰীৰে শশাংকক কেইবাবাৰো আঘাত কৰে। তাৰ পিছত তেওঁ পলায়ন কৰে।
জানিব পৰা মতে, শশাংকৰ চিঞৰ-বাখৰ আৰু কান্দোন শুনি আৰক্ষীক খবৰ দিয়া হৈছিল। কিছু সময়ৰ পাছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। শশাংকক ক্ষন্তেকতে উদ্ধাৰ কৰি যশোদা মেডিচিটি হাস্পতাললৈ লৈ যোৱা হয়। বৰ্তমান যুৱকজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে শশাংক আচলতে উত্তৰ প্ৰদেশৰ ঝাঞ্চীৰ বাসিন্দা। চাৰিবছৰ আগতে প্ৰিয়াৰ লগত বিয়া হৈছিল। দুয়োজনেই দিল্লীত একাউণ্টেণ্ট হিচাপে কাম কৰে। পৰিয়ালসহ বসুন্ধৰাত থাকে। শশাংক প্ৰিয়াৰ দ্বিতীয় স্বামী। প্ৰথম বিবাহ বিচ্ছেদৰ পিছত শশাংকক বিয়া কৰাইছিল।
আনহাতে প্ৰতাপ স্থানীয় জিমৰ প্ৰশিক্ষক। প্ৰিয়াই যোৱা সাত-আঠ মাহ সেই জিমলৈ গৈছিল। জিমত ব্যায়াম কৰি থাকোঁতে প্ৰিয়া আৰু প্ৰতাপৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল আৰু ঘনিষ্ঠতা বাঢ়িছিল। লাহে লাহে প্ৰতিদিনে হোৱাটছএপত কথা পাতিবলৈ ধৰিলে। আৰক্ষীৰ জেৰাৰ সময়ত প্ৰতাপে কয় যে প্ৰিয়াক বিয়া কৰাবলৈ তেওঁৰ পৰিকল্পনা আছিল।
শেহতীয়াকৈ শশাংকই বিবাহ বহিৰ্ভূত প্ৰেমৰ বিষয়ে জানিব পাৰিছিল। দীপাৱলীৰ সময়ত তেওঁৰ দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনাও আছিল। ইয়াৰ পিছত দুয়োজনে একেলগে শশাংকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।
অভিযুক্তই ২৫ অক্টোবৰৰ নিশাও হোৱাটছএপত হত্যাৰ পৰিকল্পনা কৰিছিল। ২৬ অক্টোবৰত মৰ্নিং ৱাক কৰিবলৈ ওলাই আহি প্ৰিয়াই হত্যাৰ পৰিকল্পনা কৰি ঘৰলৈ উভতি আহে। ইয়াৰ পিছত শশাংকক আক্ৰমণ কৰা হয়। পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।





