দক্ষিণ-পূব ইউৰোপৰ দেশ আলবেনিয়াত হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে আলবেনিয়া চৰকাৰে সৰ্বোচ্চ ৬,১৩০ মাৰ্কিন ডলাৰ জৰিমনা বিহাৰ আইন আনিছে। ভাৰতীয় মুদ্ৰাত ই প্ৰায় ৫ লাখ ৮৪ হাজাৰ টকা।
কোনোবাই প্ৰত্যক্ষভাৱে হিংসাত্মক কাৰ্য্যত জড়িত নহ’লেও হিংসা বা লুণ্ঠনত অংশগ্ৰহণ কৰা ভিৰৰ মাজত থাকিলেও জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। প্ৰধানমন্ত্ৰী এডি ৰামাৰ পদত্যাগৰ দাবীত চলি থকা প্ৰতিবাদ দমন কৰিবলৈ বুধবাৰে এই পদক্ষেপ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী এডি ৰামাৰ চৰকাৰে।
দেশখনৰ ৰাজধানী টিৰানাত কেইবামাহো ধৰি চলি আছে চৰকাৰ বিৰোধী প্ৰতিবাদ। যোৱা কিছুদিনত এই প্ৰতিবাদ নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষলৈ পৰিণত হৈছে।
মে’ মাহত প্ৰকৃতি সংৰক্ষিত বনাঞ্চলত বিলাসী হোটেল নিৰ্মাণ প্ৰকল্পৰ বিৰুদ্ধে শান্তিপূৰ্ণ ৰেলীৰে আৰম্ভ হৈছিল এই আন্দোলন। এই প্ৰকল্পৰ সমৰ্থনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰ।
পিছলৈ অক্টোবৰৰ মাজভাগত এই আন্দোলনে নতুন গতি লাভ কৰে। দুৰ্নীতি, স্বাস্থ্য ব্যৱস্থাৰ দুৰ্বলতা আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি অনিশ্চয়তাৰ অভিযোগৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত প্ৰতিবাদ বিয়পি পৰে।
বুধবাৰে গ্ৰহণ কৰা নতুন বিধানৰ অধীনত ৰাজহুৱা স্থানত হিংসা বা লুণ্ঠন কৰা লোকৰ ভিৰৰ মাজত থকা বা নিজৰ পৰিচয় লুকুৱাই ৰখাৰ বাবে সৰ্বোচ্চ ৫ লাখ লেক জৰিমনা বিহা হ’ব পাৰে। এই ধনৰাশি ৫,৫০০ ইউৰো আৰু প্ৰায় ৬,১৩০ মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫,৮৪,০০০ টকা)। দেশখনত কৰ পূৰ্বৰ গড় মাহিলী দৰমহা ৯৩০ ইউৰো হোৱাৰ বাবে এই জৰিমনা সাধাৰণ লোকৰ বাবে এক ডাঙৰ আৰ্থিক বোজা হৈ পৰিব পাৰে।
নতুন ব্যৱস্থাৰ জৰিয়তে আৰক্ষীক হিংসাৰ আশংকা থাকিলে শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু চৰকাৰী কাৰ্যালয়কে ধৰি কিছুমান বিশেষ অঞ্চলত সমাৱেশত সাময়িকভাৱে বাধা আৰোপ কৰাৰ ক্ষমতাও প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও অনলাইনত হিংসাৰ উচটনি দিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আৰু প্ৰতিবাদৰ ফলত ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা ৰখা হৈছে।
এই চৰকাৰী সিদ্ধান্তটো ততাতৈয়াকৈ কাৰ্যকৰী হৈছে। অৱশ্যে ইয়াক বাহাল ৰাখিবলৈ ৪৫ দিনৰ ভিতৰত সংসদৰ অনুমোদন ল’ব লাগিব।
দেওবাৰে ৰামাই কয় যে তেওঁ এই ব্যৱস্থাৰ ধাৰণা ফ্ৰান্সৰ এখন প্ৰস্তাৱিত আইনৰ পৰাই পাইছিল। এই আইনখনে ৰাজপথৰ প্ৰতিবাদৰ ফলত হোৱা ক্ষতিৰ বাবে প্ৰতিবাদকাৰীক আৰ্থিকভাৱে জগৰীয়া কৰিব। বুধবাৰে ফ্ৰান্সৰ সংসদৰ উচ্চ সদনে এই প্ৰস্তাৱ গৃহীত কৰে।
আলবেনিয়াৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবাদত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাবে বাৰে বাৰে “বিদেশী শক্তি”ক দোষাৰোপ কৰি আহিছে। অনলাইনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ আঁৰত ৰাছিয়া আৰু ইৰাণৰ ভূমিকাৰ অভিযোগো উত্থাপন কৰিছে। অৱশ্যে ৰামাই একেসময়তে সংকটৰ সমাধানৰ বাবে আলোচনাৰো আহ্বান জনাইছে।



