পুনৰ পাকিস্তানত প্ৰাণ হেৰুৱালে আন এজন লস্কৰৰ সন্ত্ৰাসবাদীয়ে! কেইবাটাও সূত্ৰ অনুসৰি দীৰ্ঘদিন ধৰি ভাৰতৰ বিৰুদ্ধে কাম কৰি থকা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গাজী আব্দুল ৰাজ্জাক ডোগাৰৰ পাকিস্তানত মৃত্যু হৈছে।
খবৰ অনুসৰি ২৯ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ নানকানা চাহিব চহৰত ৰহস্যজনকভাৱে মৃত্যু হয় সন্ত্ৰাসবাদীজনৰ। গাজীৰ মৃত্যুৰ বাবে সঠিকভাৱে কোন দায়ী সেয়া জানিব পৰা হোৱা নাই।
গাজী দীৰ্ঘদিন ধৰি পাকিস্তানৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন লস্কৰৰ সৈতে জড়িত আছিল। আনকি লস্কৰৰ সংযুক্ত সংস্থা ফালাহ-ই-ইনছানিয়াট ফাউণ্ডেশ্যনৰ সৈতেও তেওঁৰ যোগাযোগ আছিল।
কেইবাটাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে গাজীয়ে সেই সংগঠনৰ তত্বাৱধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই এফ আই এফক বিভিন্ন সময়ত পাকিস্তানৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন লস্কৰৰ সহযোগী হিচাপে ব্যৱহাৰ কৰা বুলি আন্তৰ্জাতিক মহলত বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছে। এই সংগঠনটো ব্যৱহাৰ কৰি বিভিন্ন কু-কৰ্ম সংঘটিত হৈছে!
একাংশ সূত্ৰৰ মতে, ভাৰত সীমান্তত লস্কৰৰ উগ্ৰপন্থী কাৰ্যকলাপতো গাজী জড়িত আছিল। এই দেশৰ মাটিত কেনেকৈ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ বা সন্ত্ৰাসবাদ বিয়পাব পাৰি তেওঁ সেই পৰিকল্পনাৰ অংশও আছিল। পাকিস্তান প্ৰশাসনে লস্কৰ উগ্ৰপন্থীজনৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড নে আন কিবা কাৰণত হৈছে তাৰ তদন্ত কৰি আছে!
মন কৰিবলগীয়া যে ভাৰতৰ বিৰুদ্ধে সক্ৰিয় উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত লোকৰ মৃত্যুৰ খবৰ নতুন নহয়। শেহতীয়াকৈ পাকিস্তানত ভাৰত বিৰোধী কেইবাজনো উগ্ৰপন্থীক অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছে। দিনৰ পোহৰতে দেশখনৰ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হৈছে। বিশেষকৈ লস্কৰৰ সদস্যৰ মৃত্যুৰ সংখ্যা শেহতীয়া সময়ত সৰ্বাধিক! এতিয়া সেই তালিকাত গাজীৰ নামো যোগ হৈছে। অৱশ্যে এই সন্দৰ্ভত পাকিস্তান প্ৰশাসনে কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই।





