বাৰ এছ’চিয়েশ্যনৰ বিৰোধিতাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এক পদক্ষেপ বাতিল হৈছিল। শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে এটা গোচৰৰ শুনানিত এই আক্ষেপ প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশৰ উচ্চ ন্যায়ালয়ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলক পুনৰ নিযুক্তিৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও অধিবক্তাৰ তীব্ৰ আপত্তিৰ বাবে সেয়া কাৰ্যকৰী কৰিব পৰা নগ’ল।
ৰাজস্থানৰ ন্যায়াধীশৰ জ্যেষ্ঠতাৰ (ছিনিয়ৰটি)সৈতে জড়িত এক গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে এই বিষয়টো উত্থাপন কৰে। তেওঁৰ বিচাৰপীঠত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাও আছিল।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে তেওঁলোকে প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত বিচাৰপীঠত থকাৰ সময়তে অৱসৰপ্ৰাপ্ত ন্যায়াধীশক ‘এড হক’ বা অস্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰথা ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ভাবিছিল যে এই ভাল পদ্ধতিটো ঘূৰাই আনিব লাগে। কিন্তু যেতিয়া এই পদক্ষেপ আৰম্ভ হ’ল, তেতিয়া বিভিন্ন ৰাজ্যৰ বাৰ এছ’চিয়েশ্যনসমূহে ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিবলৈ আৰম্ভ কৰে।
আদালতৰ মতে, কোনো মুখ্য ন্যায়াধীশে বাৰ এছ’চিয়েশ্যনক উপেক্ষা কৰি ৰিস্ক ল’ব বিচৰা নাছিল। আৰু সেইবাবেই এই পদক্ষেপে কেতিয়াও বাস্তৱ ৰূপ নাপালে।
এই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ জয়মাল্য বাগচিয়ে কয় যে এই পদক্ষেপৰ বিফলতাৰ বাবে বহু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডাঙৰ সমস্যাত পৰিছে। কাৰণ, তেওঁলোকৰ বহুতেই আশা কৰিছিল যে তেওঁলোকক এড হক জাজ হিচাপে নিযুক্তি দিব পৰা যাব, আৰু সেই আশাৰে তেওঁলোকে আন কোনো বেচৰকাৰী বা ব্যক্তিগত কামত যোগদান কৰা নাছিল।
আমেৰিকাৰ এটা উদাহৰণ দি ন্যায়াধীশ বাগচিয়ে কয় যে অৱসৰৰ পিছতো ন্যায়াধীশসকলৰ মূল্যৱান অভিজ্ঞতা আৰু দক্ষতাক কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি, আমি আন দেশৰ পৰা শিকিব লাগে।
শুকুৰবাৰে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ন্যায়পালিকাৰ ভিতৰত আৰ্থিক সুৰক্ষাৰ বিষয়টোও উত্থাপন কৰে। তেওঁ এজন পদত্যাগী ন্যায়াধীশৰ কথা উল্লেখ কৰে যিয়ে বছৰ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদত্যাগ কৰি পুনৰ অধিবক্তাৰ কামত অৱতীৰ্ণ হৈছিল। সেই ন্যায়াধীশজনে মুখ্য ন্যায়াধীশক প্ৰশ্ন কৰিছিল, নতুন পেঞ্চন নিয়ম অনুসৰি অৱসৰৰ পিছত যদি মাহে মাত্ৰ ২৫ হাজাৰ টকা পায় তেওঁ কেনেকৈ জীয়াই থাকিব?
উল্লেখ্য যে সংবিধানৰ ২২৪ ক অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ সন্মতি সাপেক্ষে দেশৰ যিকোনো উচ্চ ন্যায়ালয়ৰ যিকোনো অৱসৰপ্ৰাপ্ত ন্যায়াধীশক সেই আদালতত অস্থায়ী বা তদৰ্থ ন্যায়াধীশ হিচাপে কাম কৰিবলৈ অনুৰোধ কৰিব পাৰে। কিন্তু শীৰ্ষ আদালতৰ কথাত পুনৰ স্পষ্ট হৈ পৰিল যে বাৰ এছ’চিয়েশ্যনৰ অনমনীয় মনোভাৱৰ বাবেই সেই সাংবিধানিক সুযোগক ব্যৱহাৰ কৰাৰ পথ যে কিমান কঠিন৷





