গুৱাহাটীৰ জনপ্ৰিয় খাদ্য প্ৰতিষ্ঠান ভাৰতীয় জলপানৰ একাধিক শাখাত অভিযান চলালে ৰাজ্যিক জিএছটি বিভাগে। বিগত পাঁচ বছৰৰ আৰ্থিক লেনদেন আৰু হিচাপ-নিকাচত বিসংগতিৰ সন্দেহত বৃহৎ অভিযান চলায় বিভাগটোৱে।
আৰক্ষীৰ সহযোগত ৰাজ্যিক জিএছটি বিভাগৰ এটা বৃহৎ দলে প্ৰতিষ্ঠানটোৰ খ্ৰীষ্টানবস্তি, ফাঁচীবজাৰৰ ৰে’লৱে গেট নম্বৰ ৩ৰ সমীপৰ শাখা আৰু কুমাৰপাৰাৰ বিপণীত তালাচী চলোৱাৰ লগতে আমিনগাঁৱত থকা প্ৰতিষ্ঠানটোৰ কাৰখানাতো অভিযান চলায়।
বৃহস্পতিবাৰে পুৱতি নিশালৈকে অব্যাহত থাকে এই অভিযান। অভিযানৰ সময়ছোৱাত খ্ৰীষ্টানবস্তিৰ বিপণীখনত কেইবাঘণ্টা ধৰি অনুসন্ধান চলায় বিভাগটোৰ বিষয়াসকলে। প্ৰতিটো স্থানতে তালাচী চলোৱাৰ লগতে বিভিন্ন নথি-পত্ৰ আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰে অভিযানকাৰী দলে। ইয়াৰ উপৰি কেইবাটাও ইলেক্ট্ৰনিক সঁজুলিও জব্দ কৰা বুলি জানিব পৰা গৈছে।
অভিযানৰ সময়ত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু প্ৰতিনিধিসকলকো তদন্তকাৰী বিষয়াসকলক সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হয়। বিগত পাঁচ বছৰত প্ৰতিষ্ঠানটোৰ আৰ্থিক তথ্য আৰু কৰ সম্পৰ্কীয় নথিত কিবা বিসংগতি সংঘটিত হৈছিল নেকি, সেই সন্দেহৰ ভিত্তিতে এই অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
অৱশ্যে বৰ্তমানলৈকে সন্দেহজনক বিসংগতিৰ প্ৰকৃত স্বৰূপ অথবা সম্ভাৱ্য কৰ ফাঁকিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। অভিযানত সংগ্ৰহ কৰা নথি-পত্ৰ, ইলেক্ট্ৰনিক সঁজুলি আৰু অন্যান্য তথ্যসমূহ ৰাজ্যিক জিএছটি বিভাগে পৰীক্ষা কৰিব। এই পৰীক্ষাৰ পিছতহে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কৰ আইন উলংঘাৰ কোনো ঘটনা সংঘটিত হৈছিল নেকি, সেয়া স্পষ্ট হ’ব।
সমগ্ৰ ঘটনাক লৈ অধিক তথ্যৰ বাবে এতিয়া বিভাগীয় তদন্তৰ পৰৱৰ্তী পদক্ষেপলৈ অপেক্ষা কৰা হৈছে।





