যমুনা নদীৰ প্ৰদূষণক লৈ দিল্লীৰ ৰাজনীতিত চলি থকা বাক্যুদ্ধৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে বিজেপিৰ সাংসদ মনোজ তিৱাৰী। বৃহস্পতিবাৰে দিল্লীৰ সোনিয়া বিহাৰ ঘাটত যমুনা নদীত ডুব মাৰি কেৱল নিজৰ স্থিতিয়েই প্ৰকাশ নকৰিলে, নদীৰ পানীও পান কৰিলে সাংসদগৰাকীয়ে। তেওঁৰ দাবী, বিজেপিৰ নেতৃত্বাধীন ৰেখা গুপ্তা চৰকাৰে গ্ৰহণ কৰা স্বচ্ছতা অভিযানৰ ফলত বিগত এবছৰত যমুনাৰ প্ৰদূষণৰ মাত্ৰা আধালৈ হ্ৰাস পাইছে। ইয়াৰ লগতে পুনৰ যমুনাৰ পাৰত ছঠ পূজা উদযাপন কৰিব পৰা পৰিৱেশ সৃষ্টি হোৱা বুলিও দাবী কৰে তেওঁ।
উত্তৰ-পূব দিল্লীৰ লোকসভা সমষ্টিৰ সাংসদ মনোজ তিৱাৰীয়ে কয় যে যমুনাৰ কিছু অংশত পৰিভ্ৰমী চৰাইৰ উপস্থিতিয়ে নদীখনৰ পৰিৱেশৰ উন্নতিৰ ইংগিত দিয়ে। তেওঁৰ মতে, নদীৰ পানী পৰিষ্কাৰ নহ’লে এই চৰাইবোৰে ইয়ালৈ অহাৰ প্ৰশ্নই নুঠিলহেঁতেন। আনকি নদীখনত ঘঁৰিয়াল থকাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰি তেওঁ কয়, ‘এই পানীত ঘঁৰিয়াল থাকিব পাৰে, ঘঁৰিয়াল কেৱল পৰিষ্কাৰ পানীতহে থাকে।’
মনোজ তিৱাৰীয়ে নদীত ডুব মৰাৰ লগতে ধৰ্মীয় ৰীতি অনুসৰি যমুনাৰ পানী পান কৰা বুলিও উল্লেখ কৰে। ইয়াৰ পিছতে তেওঁ নদী পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। একে সময়তে পূৰ্বৰ আম আদমী পাৰ্টি চৰকাৰক এইক্ষেত্ৰত ব্যৰ্থতাৰ বাবে জগৰীয়া কৰে বিজেপি সাংসদগৰাকীয়ে।
তেওঁৰ অভিযোগ, পূৰ্বতে আম আদমী পাৰ্টিয়ে যমুনাৰ প্ৰদূষণৰ বাবে হাৰিয়ানাক দায়ী কৰি আহিছিল। কিন্তু বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত মাত্ৰ ডেৰ বছৰৰ ভিতৰতে নদীখনৰ প্ৰদূষণৰ মাত্ৰা আধালৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। বাকী থকা কামো পৰৱৰ্তী তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি দাবী কৰে মনোজ তিৱাৰীয়ে।
ইফালে, সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টৰ জৰিয়তে দিল্লী বিজেপিয়েও এই বিষয়টোক লৈ আম আদমী পাৰ্টি আৰু কংগ্ৰেছক লক্ষ্য কৰি লয়। দলটোৰ দাবী, বিজেপি চৰকাৰে মাত্ৰ দুবছৰত যমুনাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যি কাম কৰিছে, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে ২৭ বছৰতো সেয়া কৰিব পৰা নাছিল। ইয়াৰ উপৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যমুনাত ডুব মাৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় বিজেপিয়ে।
অৱশ্যে বিজেপিৰ এই দাবীৰ পিছতে সৰৱ হৈ পৰে আম আদমী পাৰ্টিও। দলটোৰ দিল্লী শাখাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজে ‘এক্স’ত কৰা এটা পোষ্টত বিজেপিক তীব্ৰ সমালোচনা কৰে। তেওঁৰ দাবী, বিজেপিৰ নেতাসকলে দিল্লীৰ ভৌগোলিক অৱস্থান আৰু যমুনাৰ প্ৰকৃত অৱস্থাৰ বিষয়ে ভালদৰে অৱগত নহয়। যমুনাৰ পল্লা অঞ্চলৰ পৰা ৱাজিৰাবাদলৈকে প্ৰায় ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশটো পূৰ্বৰে পৰা তুলনামূলকভাৱে পৰিষ্কাৰ হৈ আহিছে বুলি উল্লেখ কৰে তেওঁ। আনকি দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি (DPCC)-ৰ প্ৰতিবেদনতো আম আদমী পাৰ্টিৰ শাসনকালত এই অংশৰ পানী অধিক পৰিষ্কাৰ আছিল বুলি দাবী কৰে সৌৰভ ভৰদ্বাজে।
যমুনাৰ প্ৰদূষণ হ্ৰাসক লৈ এতিয়া বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সংঘাত। কিন্তু ৰাজনৈতিক দলৰ দাবী-প্ৰতিদাবীৰ মাজত প্ৰকৃততে কিমান পৰিষ্কাৰ হৈছে যমুনাৰ পানী? নদীখনৰ সমগ্ৰ অংশৰ প্ৰদূষণৰ মাত্ৰা সঁচাকৈয়ে হ্ৰাস পাইছেনে, নে নিৰ্দিষ্ট কিছু অংশৰ ছবিকেই সমগ্ৰ নদীখনৰ উন্নতি বুলি দেখুওৱা হৈছে? এই প্ৰশ্নৰ উত্তৰ অৱশ্যে ৰাজনৈতিক বক্তব্যত নহয়, নিৰপেক্ষ বৈজ্ঞানিক পৰীক্ষা আৰু চৰকাৰী তথ্যতহে স্পষ্ট হ’ব।





