• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা(স্বা)ত যোগদান যোৰহাটৰ যুৱকৰ! পুত্ৰক উভতি অহাৰ কাতৰ আহ্বান মাতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2026 9:06 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ এজন যুৱকৰ নিৰুদ্দেশক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ৰাজদীপ দাস নামৰ যুৱকজনৰ আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ পানীচকুৱাৰ অষ্টম মাইলৰ বাসিন্দা ভাগ্য দাস আৰু বীণা দাসৰ কনিষ্ঠ পুত্ৰ ৰাজদীপ। পুত্ৰৰ সন্ধান নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো। আনহাতে, আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক পুত্ৰৰ নিৰাপদ উভতি অহাৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে মাতৃ বীণা দাসে।

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, যোৱা ৭ ছেপ্টেম্বৰত ঘৰৰ পৰা ওলাই গৈছিল ৰাজদীপ। তিনিচুকীয়াৰ এখন ৰেষ্টুৰেণ্টত চাকৰি লাভ কৰা বুলি পিতৃ-মাতৃক জনাইছিল তেওঁ। ইয়াৰ পূৰ্বে যোৰহাটৰ কেইবাখনো ৰেষ্টুৰেণ্টত কাম কৰিছিল ৰাজদীপে। নতুন চাকৰিত যোগদান কৰাৰ উদ্দেশ্যে চুবুৰীয়া জিলাখনলৈ যোৱাৰ কথা পৰিয়ালক জনাই ঘৰৰ পৰা ওলাইছিল যুৱকজন। যাত্ৰাৰ খৰচৰ বাবে মাতৃৰ পৰা ৭০০ টকাও লৈছিল তেওঁ। তাৰ পিছত তিনিচুকীয়াগামী এখন বাছেৰে যাত্ৰা আৰম্ভ কৰিছিল ৰাজদীপে।

Apply Now

মাতৃ বীণা দাসে জানিবলৈ দিয়া মতে, সেইদিনা সন্ধিয়া ৰাজদীপ তিনিচুকীয়া পোৱাৰ পিছত তেওঁৰ সৈতে ফোনযোগে কথা পাতিছিল। কিন্তু পিছদিনা পুৱা হঠাৎ সলনি হয় পৰিস্থিতি। ৰাজদীপে ককায়েকলৈ ফোন কৰি বহু দূৰলৈ যোৱাৰ কথা জনায়। লগতে নিজৰ ম’বাইল ফোনটো বন্ধ কৰি ৰখাৰ কথাও অৱগত কৰে। সেই ফোনকলৰ পিছৰে পৰা ৰাজদীপৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ স্থাপন হোৱা নাই। আজিও সন্ধানহীন হৈ আছে যুৱকজন।

পুত্ৰৰ কোনো সন্ধান নোপোৱাত অৱশেষত পৰিয়ালটোৱে পুলিবৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় অভিযোগ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি যুৱকজনৰ সন্ধানত তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰৰ তথ্য অনুসৰি, তদন্তৰ সময়ত নাগালেণ্ডৰ মন জিলাৰ সৈতে ৰাজদীপৰ সম্ভাৱ্য যাতায়াতৰ সম্পৰ্ক লাভ কৰিছে তদন্তকাৰী দলে। ৰাজদীপৰ ম’বাইল ফোনত কেইবাটাও সন্দেহজনক ফোন নম্বৰৰ তথ্য লাভ কৰাৰ কথাও প্ৰকাশ পাইছে।

আৰক্ষীৰ তদন্তত ৰাজদীপে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ত যোগদানৰ উদ্দেশ্যে যাত্ৰা কৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে সংগঠনটোৰ সৈতে তেওঁৰ সম্পৰ্কৰ কোনো আনুষ্ঠানিক নিশ্চয়তা এতিয়ালৈকে পোৱা হোৱা নাই। যুৱকজনৰ বৰ্তমানৰ অৱস্থান সম্পৰ্কেও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।

এফালে পুত্ৰৰ কোনো খবৰ নাপাই উদ্বিগ্ন হৈ পৰিছে পৰিয়াল, আনফালে এগৰাকী মাতৃয়ে এতিয়া কেৱল পুত্ৰৰ নিৰাপদ উভতি অহাৰ বাট চাইছে। পৰেশ বৰুৱাৰ প্ৰতি মাতৃ বীণা দাসৰ কাতৰ আহ্বান—তেওঁৰ পুত্ৰক যাতে সুকলমে ঘৰলৈ উভতি অহাৰ সুযোগ দিয়া হয়। ৰাজদীপ ক’ত আছে, কিয় ঘৰ এৰি গ’ল আৰু প্ৰকৃততে তেওঁৰ সৈতে কি ঘটিছে, সেই সকলো প্ৰশ্নৰ উত্তৰ এতিয়া আৰক্ষীৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ভাৰতীয় জলপানৰ একাধিক শাখাত জিএছটি বিভাগৰ অভিযান, জব্দ ইলেক্ট্ৰনিক সঁজুলি

গুৱাহাটীৰ ভাৰতীয় জলপানৰ একাধিক শাখাত জিএছটি বিভাগৰ অভিযান, জব্দ ইলেক্ট্ৰনিক সঁজুলি

October 31, 2026 9:10 am
আলফা(স্বা)ত যোগদান যোৰহাটৰ যুৱকৰ! পুত্ৰক উভতি অহাৰ কাতৰ আহ্বান মাতৃৰ

আলফা(স্বা)ত যোগদান যোৰহাটৰ যুৱকৰ! পুত্ৰক উভতি অহাৰ কাতৰ আহ্বান মাতৃৰ

October 31, 2026 9:06 am
ধুবুৰীৰ যোগমায়া ফেৰীঘাটত ৩৬ বাংলাদেশী নাগৰিক আটক, চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

ধুবুৰীৰ যোগমায়া ফেৰীঘাটত ৩৬ বাংলাদেশী নাগৰিক আটক, চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

October 31, 2026 8:50 am
অধিবক্তাৰ বিৰোধিতাত বাতিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি; শুনানিত আক্ষেপ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ

অধিবক্তাৰ বিৰোধিতাত বাতিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি; শুনানিত আক্ষেপ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ

October 31, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ভাৰতীয় জলপানৰ একাধিক শাখাত জিএছটি বিভাগৰ অভিযান, জব্দ ইলেক্ট্ৰনিক সঁজুলি

গুৱাহাটীৰ ভাৰতীয় জলপানৰ একাধিক শাখাত জিএছটি বিভাগৰ অভিযান, জব্দ ইলেক্ট্ৰনিক সঁজুলি

October 31, 2026 9:10 am
আলফা(স্বা)ত যোগদান যোৰহাটৰ যুৱকৰ! পুত্ৰক উভতি অহাৰ কাতৰ আহ্বান মাতৃৰ

আলফা(স্বা)ত যোগদান যোৰহাটৰ যুৱকৰ! পুত্ৰক উভতি অহাৰ কাতৰ আহ্বান মাতৃৰ

October 31, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd